ৰাতি কেইপ্ৰহৰ হ'ল ৰত্নেশ্বৰে ধৰিব পৰা নাই । টোপনি ধৰা নাই । চিলমিলকৈ আহে, আকৌ সাৰ পায় । প্ৰমোদ মাষ্টৰে কেইবাদিন ধৰি তাক মাষ্টৰৰ ঘৰত মৰণা মাৰিবলৈ কৈ আছে । ইঘৰ-সিঘৰৰ মৰণাত ব্যস্ত থকাৰ বাবেই সি যাব পৰা নাই । কালি পুৱাৰ ভাগত মধুহঁতৰ ঘৰৰ পৰা উলটি আহোঁতে বাটতে সি মাষ্টৰক লগ পালে । মাষ্টৰ অঞ্চলটোৰ মূধাফুটা মানুহ । ৰাইজখনে তেওঁক সমীহ কৰে । মাষ্টৰক সি মাতষাৰ দিম বুলি ভাবোঁতেই মাষ্টৰে তাক সুধিলে, 'ৰত্ন, কি হ'ল অ' ? আমাৰফালে নহ'ব নেকি ?'
সি মূৰটো খজুৱাই খজুৱাই ক'লে, 'হ'ব ছাৰ, হ'ব । কাইলৈ বেলি নোলাওঁতেই মৰণা মাৰিমগৈ ।'
মাষ্টৰে প্ৰশ্নবোধক চাৱনিৰে ক'লে, 'সঁচানে ?'
'যাম, যাম । কাইলৈ যামেই যাম । আপুনি নিশ্চিন্ত থাকক', ৰত্নেশ্বৰে মূৰ দুপিয়াই মাষ্টৰক উত্তৰ দিলে ।
মাষ্টৰে ক'লে, 'ময়েই তেনেহ'লে ল'ৰাটোৰ লগলাগি আজি সন্ধিয়া চোতালত ডাঙৰিখিনি পেলাই থ'ম । তই পুৱাতে গৈ মৰণা মাৰিলেই হ'ব ।'
'নালাগে ছাৰ । আপুনি কষ্ট কৰিব নালাগে । আবেলি ময়েই গৈ ...।' সি কথাখিনি শেষ কৰিবলৈ নৌপাওঁতেই মাষ্টৰে ক'লে, 'নাই, নাই, তই নালাগে দে । গোটেই গাঁৱখনৰে মৰণাসোপা তয়েই মাৰ্ । মোৰ ঘৰত তই ইমান কষ্ট কৰিব নালাগে । মই আনৰ নিচিনা নহওঁ। যাবি কিন্তু, নাপাহৰিবি ।' সি, 'হ'ব ছাৰ' বুলি কৈ ঘৰমুৱা হ'ল । যোৱা পষেকটোৰ প্ৰায় প্ৰতিদিনেই ৰত্নই তাৰ মণিপুৰী গৰুহালেৰ গাঁৱৰ আৰ-তাৰ ঘৰত পাঁচ থুৰিয়া পঁচিছ ত্ৰিছটাকৈ ডাঙৰিৰ মৰণা মাৰিছে । গৰু আৰু মানুহ উভয়ৰ দেহাই এইকেইদিনত বাষষ্ঠি চন দেখিছে ।
'হ'ব ছাৰ' কথাষাৰ তাৰ মূৰত এনেকৈ সোমাল যে ৰাতি টোপনিয়েই নহা হ'ল । বিছনাখনতে ইকাটি-সিকাটি কৰি থাকোঁতে চৰাই এজনীৰ মাত এটা শুনি ঘপহকৈ শোৱাপাটি এৰি সি পাকঘৰ পালেহি । ঘৈণীয়েকক কোনো ধৰণৰ আমনি দিবলৈ তাৰ মন নগ'ল । সি জুহালতে বহুৱাই থোৱা কেটলিটোৰ তলত শুকান বাহ এডোখৰ দি ফু দুটামান মাৰি হাত-মুখ ধুবলৈ গ'ল । আহিয়েই এবাটি চাহ বাকি খাবলৈ দুহাতেৰে মুখৰ ওচৰলৈ নিওঁতে দেখিলে কেটলিটোৰ ৰং কিচকিচীয়া ক'লা হৈছে । সিহঁতৰ নিচিনা অভাৱী মানুহবোৰৰ জীৱনটোও ঠিক তেনেকুৱাই । জীৱনৰ কোনো সৌন্দৰ্য নাই, আছে কেৱল জীয়াই থকাৰ সংগ্ৰাম, জীয়াই থকাৰ যন্ত্ৰণা । এই কেইদিনত মৰণা মাৰি পোৱা টকাকেইটাৰে ছমাহৰ তেল, নিমখৰ খৰছ যোগাৰ কৰিব লাগিব । কেৱল চাউলকেইটা হ'লেই নহ'ব । পাঁচজনীয়া পৰিয়ালটোৰ খৰছ কমনে ! কথাবোৰ ভাবি ভাবি দীঘলকৈ হুমুনিয়াহ এটা কাঢ়িলে । চাহবাটি কেতিয়ানো শেষ হ'ল সি গমকে নাপালে । বহি থকা পীৰাখন খুটা এটাত আঁউজাই সি জুহালৰ পৰা উঠিল । তাৰ পাছত পিছফালৰ দুৱাৰখন চপাই গোহালি পালেহি । চালতে গুঁজি থোৱা এছাৰিডাল, মোখোৰা দুটা মাটিতে থৈ এৰীয়া কাপোৰখন ঠিক-ঠাক কৰি গৰুহাল বন্ধাৰ পৰা খুলিলে । তাৰ পাছত গৰুহালৰ পাছে পাছে 'হোঁ, হোঁ..' কৰি কৰি ৰত্নেশ্বৰ মাষ্টৰৰ চোতাল পালেহি ।
সকলো শুই আছে । বাৰাণ্ডাৰ প্ৰকাণ্ড লাইট কেইটাৰ পোহৰত চোতালত ফৰিংফুটা জোনাক । চোতালত মৰণাৰ বাবে সাজু কৰি থোৱা ডাঙৰিকেইটা প্ৰকাণ্ড পলিথিন এখনৰে ঢাকি থোৱা আছে । মাষ্টৰে কথামতেই সকলো ঠিক কৰি থৈছে । ৰত্নই কাকো নজগালে । পলিথিনখন উৰি নাযাবলৈ তাৰ ওপৰত পেলাই থোৱা ওখোনডাল সি কাষৰ জেওৰাখনত আঁউজাই থ'লে । গৰুহালক মোখোৰা পিন্ধাই মৰণা মাৰিবলৈ সাজু হ'ল । গৰুহালৰ পিঠিত এছাট দি মৰণাত লাগিল । গৰুহালৰ পাছে-পাছে ছন্দ এটাত সিয়ো ঘূৰাত লাগিল । খচ খচ শব্দই নিৰ্জনতা ভাঙিলে । অলপ সময় ঘূৰাৰ পাছতেই তাৰ গাটো গৰম গৰম লাগিল । সি গৰুহাল ৰখাই এৰীয়া কাপোৰখন বাৰাণ্ডাতে থকা আৰামীচকীখনত হাতোৰাটোতে থ'লে । আহি আকৌ গৰুহালৰ পাছে-পাছে ঘূৰাত লাগিল । মাজতে দুবাৰমান গৰু দুটাই হাগিবলৈ লওঁতেই খেৰ এখিনি এহাতত লৈ সিখন হাতৰ কাষলতিৰ তলত এছাৰিডাল থৈ, গৰু এটাৰ নেজডাল ধৰি গোবৰখিনি খেৰেৰে ধৰি দূৰলৈ দলিয়াই দিলে । গৰুৰ পাছে-পাছে সি ঘূৰি থাকিল । মাজে-মাজে গৰুহালক অলপ ৰ'বলৈ দি সি এক বিশেষ ভঙ্গীৰে ওখোনডাল খেৰখিনিৰ মাজত সুমুৱাই ডাঙি দিয়ে । ধান আৰু খেৰ তাৰ কৌশলৰ আগত তিষ্ঠিব নোৱাৰি দুভাগ হৈ পৰে । সি তাৰ ককাকৰ পৰা এই কৌশলটো আয়ত্ত কৰিছিল । অলপপৰ ওখোন দিয়াৰ পাছত সি আকৌ গৰুহালৰ পাছে-পাছে ঘূৰাত লাগিল । মাজে-মাজে সি গৰুহাল ৰখাই ওখোন দিয়ে । আজি গৰুহালে বৰকৈ হাগিছে । সি বাৰে বাৰে গোবৰখিনি খেৰেৰে ধৰি দূৰলৈ দলিয়াই আছে । সিফালে তাৰ বনিয়নটো ঘামত তিতি জুৰুলি-জুপুলি । আনদিনা মৰণা দিওঁতে সি ইমান নাঘামে, এনেকৈ তাৰ বনিয়ন তিতি নাযায় । সি এবাৰ গৰুহাল ৰখাই বনিয়নটো খুলি দুহাতেৰে চেপি ল'লে । মাষ্টৰৰ ঘৰৰ কোনোৱেই উঠা নাই । সি ইফালে-সিফালে চাই বনিয়নটো পুনৰ পিন্ধি ল'লে । আকৌ মৰণাত লাগিল । বনিয়নটো দেহত লিপিট খাই লাগি ধৰিছে । চৌপাশ ক্ৰমাত পোহৰ হৈ আহিছে । চৰাই-চিৰিকতিৰ কিচিৰ-মিচিৰ শব্দত এক সংগীতময় পৰিৱেশ সৃষ্টি হৈছে । সিফালে ভিতৰত টুং-টাং শব্দ । সি মনতে ভাবিলে, মাষ্টৰৰ পৰিবাৰে চাগে' শোৱাপাটি এৰিলে । এনেতে মাষ্টৰ বাৰাণ্ডালৈ ওলাই আহি মাত দিলে, 'ৰত্ন লাগি আছনে ? ' সি ডিঙিতে থকা গামোছাখনেৰে মুখখন মচি মচিয়েই ক'লে, 'হয় ছাৰ ।' মাষ্টৰে আন একো নকৈ পুনৰ ভিতৰ সোমাল । সি গৰুহাল ৰখাই ওখোনডালেৰে খেৰখিনি ডাঙি ধান সৰিল নে নাই পৰীক্ষা কৰিলে আৰু মুখৰ ভিতৰতে ভোৰভোৰালে, 'কৃষ্ণ, এইবাৰহে ৰক্ষা ।'
'অই ৰ', হৈছে হৈছে' বুলি কৈ সি গৰুহালক মৰণা মৰাৰ পৰা আঁতৰাই নি তামোল দুজোপাত বান্ধি মোখোৰা দুটা খুলি দিলে । এইবাৰ গৰুহালৰ মুখৰ ওচৰত খেৰ অলপ দি দুয়োটাৰে পিঠিত মৰমেৰে হাতখন বুলাই দিলে । গৰুহালো তাৰ নিচিনাকৈ ঘামিছে । ঘামত সিহঁত দুটাৰ পিঠি ঠিক তাৰ নিচিনা চপচপীয়া । অলপপৰ গৰুহালৰ পিঠিত হাত বুলাওঁতেই তাৰ হাতখন তিতি গ'ল । সি গামোছাখনেৰে হাতখন মোহাৰি থাকোঁতে মাষ্টৰৰ ঘৈণীয়েকে মাত লগালে, 'ৰত্ন, আহ ঐ । চাহ বাকিলোঁ, ল'হি আহ ।' এবাতি চাহ, প্লেটখনৰ কাষতে দুটামান ‘থিনাৰ’ বিস্কুট আৰু এচপৰা গুড় । সি বাৰাণ্ডাৰ পকা মজিয়াতে বহি চাহ খোৱাত লাগিল । মাজে-মাজে গামোছাখনেৰে কপালৰ ঘাম মচে, মাজে-মাজে বিশেষ ভঙ্গীত গামোছাখন ঘূৰাই ঘূৰাই বতাহ লয়, মাজে-মাজে বনিয়নটোৰ ভিতৰলৈ গামোছাখন সুমুৱাই বুকুখন মোহাৰে ।
সি আৰু বেছিপৰ নবহিল । উঠি আহিয়েই এইবাৰ হাতেৰে খেৰ জোকৰাত লাগিল । খেৰখিনি আঁতৰাই ধানখিনি সি এফলীয়া কৰি থাকোঁতেই মাষ্টৰক সি গে'টৰ ওচৰলৈ যোৱা দেখিলে । হাতত বাতৰি-কাকতখন লৈ পঢ়ি পঢ়িয়েই মাষ্টৰ গে'টৰ ওচৰৰ পৰা আহি বাৰাণ্ডা পালেহি । আৰামী চকীখনত বহি মাষ্টৰ আকৌ বাতৰি-কাকত পঢ়াত লাগিল । মাজে-মাজে দুই-এটা বাতৰি মাষ্টৰে অলপ ডাঙৰকৈ পঢ়ে । ৰত্নই শুনি থাকে, একো নামাতে । ৰত্নেশ্বৰ এইবাৰ ধানখিনি চপোৱাত ব্যস্ত । বাতৰি-কাকতখনৰ পৰা চকু আঁতৰ নকৰাকৈয়েই মাষ্টৰে ক'লে, 'বুইছ ৰত্ন, দেশখন ৰসাতলে গ'ল । সৱ ঠগ । দুখীয়াক এনেকৈ ঠগি খাব নাপায় । এটকা ঠগাজনো ঠগ, কোটি টকা ঠগাজনো ঠগ ..।'
মাষ্টৰৰ কথাখিনি শেষ নৌহওঁতেই বাটেদি গৈ থকা কোনোবা এজনে চিঞৰি মাষ্টৰক উদ্দেশ্যি সুধিলে, 'ছাৰ, কিমান ডাঙৰি ।' মাষ্টৰে প্ৰায় চিঞৰিয়েই উত্তৰ দিলে, 'ফিফটি' । ৰত্নেশ্বৰে মূৰ তুলি এবাৰ বাটলৈ চাই পুনৰ নিজৰ কামত লাগিল ।
ৰত্নশ্বৰৰ কাম প্ৰায় শেষ । সি গামোছাখনেৰে মুখখন মচি মচি ক'লে, 'ছাৰ, আজিলৈ হৈছে আৰু ।' বাতৰি কাকতখন চকীতে এৰি মাষ্টৰে বহাৰ পৰা উঠিল । ৰত্নেশ্বৰৰ মুখলৈ চাই ক'লে, 'হ'লেই নেকি ?' সি উত্তৰ দিলে,'হ'ল ছাৰ ।' ' ৰ'চোন তেনেহ'লে, মই ভিতৰৰ পৰা আহোঁগৈ, মৰণাৰ টকা কেইটা লৈ যা', তাক কথাষাৰ কৈয়েই মাষ্টৰ ভিতৰ সোমাল । ৰত্নেশ্বৰে গৰুকেইটা খুলি আনে মানে মাষ্টৰ চোতাল পালেহি । 'এয়া ল' বুলি কৈ মাষ্টৰে তাৰ হাতত টকাকেইটা গুজি দিলে । সি নমস্কাৰৰ ভংগীত টকাকেইটা হাতত লৈ 'ছাৰ, আহোঁ' বুলি কৈ ঘৰমুৱা হ'ল ।
বাটতে স্কুললৈ গৈ থকা হৰেশ্বৰৰ পুতেকক পাই মাত লগালে, 'ঐ, শুনচোন ।' সিয়ো ওচৰলৈ গৈ ক'লে, 'কি হ'ল বৰদেউতা ?' 'ঐ, 'ফিফ্টি' মানে কিমান অ' ?' 'পঞ্চাছ আকৌ' বুলি কৈয়েই সি স্কুললৈ পোনালে । 'মৰণা এটাত ইমান ডাঙৰি পেলায়নে ! তাকো মাষ্টৰে ?', ৰত্নই দীঘলকৈ হুমুনিয়াহ এটা কাঢ়িলে ।
ৰত্নেশ্বৰে খোঁচনিত গুঁজি থোৱা টকাকেইটা উলিয়াই হিচাপ কৰিলে । হিচাপ কৰিয়েই জোৰকৈ টকাকেইটা খামোচ মাৰি ধৰি মুখৰ ভিতৰতে কিবা এটা বিৰবিৰালে । তাৰ পাছত গৰুহালৰ পিঠিত হাত বুলাই বুলাই ক'লে,'তহঁতক বৰ কষ্ট দিলোঁ অ' । ব'ল ঘৰলৈকে যাওঁ ব'ল' বুলি কৈ গৰুহালৰ পাছে পাছে আগবাঢ়িল । এছাৰিডালেৰে বাটৰ কাষৰ বননিৰ গছ-লতাবোৰত এক বিশেষ ছন্দত কোবাই কোবাই ঘৰলৈ গৈ থাকোঁতে সি গাই গাই গৈ থাকিল, 'গ'ল গ'ল, দেশখন ৰসাতলে গ'ল, মাষ্টৰো নেতা-পালিনেতাৰ নিচিনা মিছলীয়া হ'ল ।' ■■■
No comments:
Post a Comment