Wednesday, June 3, 2020

আকাশবন্তি


অনুবাদ গল্প




মূল : মেঘমালা দে মহন্ত (বাংলা)
অসমীয়া অনুবাদ : কুমুদ ঘোষ


[ বৰাক উপত্যকাৰ চাহ বাগিচাৰে আৱৰা পয়লাপুলত মেঘমালা দে মহন্তৰ জন্ম দেউতাক গণেশ দে এজন প্ৰখ্যাত কথা সাহিত্যিক মেঘমালা দে মহন্তই অসম বিশ্ববিদ্যালয়ৰ পৰা বাংলা বিষয়ত স্নাতকোত্তৰ আৰু পৰবৰ্তী সময়ত পি এইচ ডি লাভ কৰে এইগৰাকী গল্পকাৰ বৰ্তমান পয়লাপুলৰ নেহৰু মহাবিদ্যালয়ত অধ্যাপনাত নিয়োজিত 'অন্তৰ্গত ৰক্তেৰ ভেতৰ' তেখেতৰ প্ৰথমখন গল্প সঙ্কলন গল্পকাৰৰ সানন্দ অনুমতি সাপেক্ষে এই অনুবাদ আয়োজন ]

জটাবুঢ়ীৰ টোপনি অহা নাই কেৱল ইকাটি-সিকাটি কৰিছে আজি সন্ধিয়াৰ পাছতেই গিৰিয়েকৰ মাটিৰ ওপৰৰ আকাশখনত ৰঙা চাকিবোৰ জ্বলি উঠিল, বুঢ়ীয়ে বুজি পালে অতদিনে ইমানবোৰ মানুহে কি সাজি আছিল আকাশবন্তি ! কোনোবা ভাল মানুহৰ অতি মৰমৰ পুত্ৰই এনে দানৱৰ নিচিনা প্ৰকাণ্ড আকাশবন্তি সাজিছে গিৰিয়েকৰ এই মাটি তেওঁৰ কুলাঙ্গাৰ পুত্ৰই চহৰৰ কোনোবা বাবুক বেচি দিছিল গিৰিয়েকে চকু মুদাৰ দুমাহৰ ভিতৰতেই ৰাই শেষ সম্বল সেই এচিকুট মাটি বিক্ৰী কৰি ঘৈণী আৰু দুই সন্তানকলৈ চহৰলৈ উঠি আন উপায় নেদেখি এই গাঁৱতে এৰি পৰিত্যক্ত পিতনিৰ প্ৰায় কাষতে থকা এচলিয়া এটি সৰু ঘৰ আৰু জটাবুঢ়ীক বুঢ়ীয়ে জানে, তেওঁ চকু মুদিলেই এই ঘৰখনো ৰাই বেচি দিব
নিৰ্জন গাঁৱখনত থকা ঘৰখনৰ বাৰাণ্ডাতে বহি হেমন্তৰ সন্ধিয়া জটাবুঢ়ীয়ে অপলক দৃষ্টিৰে ৰঙা আকাশবন্তিটোৰফালে চালে আকাশবন্তি অতপৰে বুঢ়ীৰ বুজিবলৈ বাকি নৰ ডেকা ঠিকাদাৰজনৰ কথাবোৰ পথাৰৰ মাজত অতদিনে ইমানসোপা মানুহে কি সাজিছে সেয়া জানিবলৈ বুঢ়ীয়ে বহুতকে কথাটো সুধিলে সকলোৰে মুখত এটাই কথা,
সেইবোৰ তুমি বুজি নাপাবা
অৱশেষত এদিন জটাবুঢ়ী নিজেই টুক টুককৈ খোজ দি কাম কৰাই থকা ঠিকাদাৰ ৰাজনৰ ওচৰ পালেগৈ
বোপাই ’, তোমালোকে অতদিন ধৰি এইটো কি সাজিছানো ?
চিৰি
অলপ ডাঙৰকৈ কোৱা বোপাই কাণেৰে ভালকৈ নুশুনো
চিৰি বুজিছা চিৰি চিধা ওপৰলৈ যোৱাৰ চিৰি
চিৰি ? কি কথা কৈছা বোপাই !
ৰাটোৱে মিচিক-মাচাককৈ হাঁহি থকা দেখি কথাটো বুজি পালে, এই গাঁৱৰ মানুহবোৰৰ নিচিনাকৈ সিয়ো ধেমালি কৰিছে বুঢ়ীয়ে বিৰবিৰাবলৈ ধৰিলে,
গাত ডেকা তেজ আছে বাবেই ডাঙৰ-সৰু, মান-সম্মান বুজি পোৱা নাই আহিব বোপাই তোমাৰো দিন আহিব
ৰাটোৰ এইবাৰ মৰম ওপজিল,
আৰে বাবা, তুমি বুজি নোপোৱা সেইবোৰ আকাশ-বতাহৰ কাৰবাৰ
তাৰে কি বনো ?
দূৰ-দূৰণিৰ বা-বাতৰি আহিব আকাশেদি
আকাশৰ পৰা বা-বাতৰি ! জটাবুঢ়ীয়ে তাপ মাৰিলে নিজকে মুৰ্খ যেন লাগিল দিনকাল কিমান যে সলনি বুঢীয়ে কাণেৰে ভালকৈ নুশুনে, আৰু যিখিনি শুনে সেয়াও দুৰ্বোধ্য যেন লাগে বুঢ়ীৰ একোৱেই বোধগম্য নহ আকাশৰ পৰা বা-বাতৰি ! কিন্তু বা-বাতৰি আহিবনো কেনেকৈ ? তেওঁনো কি বা-বাতৰি পঠাব ? সিপুৰীত থকাজনে নেদেখে, ৰাই তেওঁক অকলশৰীয়াকৈ এই হাবিখনত এৰি চহৰলৈ লগৈ ? আগেয়ে মাহে-মাহে আহি কিছু টকা-পইছা দি থৈ গৈছিল, আজিকালি আৰু নিজে নাহে ডাঙৰ নাতি ৰাটোক পঠিয়ায় প্ৰথম অৱস্থাত নাতিলৰাটো আহিলে আনন্দতে বুঢ়ীৰ গা সাতখন আঠখন হৈছিল গাঁৱৰ ইজন-সিজনৰ হাতে-ভৰিয়ে ধৰি বুঢ়ীয়ে ইটো-সিটো নাতিলৰাটোৰ বাবে যোগাৰ কৰিছিল টুক টুককৈ ইটো-সিটো ৰন্ধা-বঢ়াত লাগি গৈছিল কিন্তু এতিয়া আৰু সেইবোৰত উৎসাহ নাই সঁচা কথা বলৈ লে, বুঢ়ী বিৰক্ত হয় চহৰৰ  বালাগি নাতিলৰাটো গোটেইটো চাহাব কথাই কথাই নাক কোঁচাই অভিযোগ,
তোমালোকৰ ইয়াত কিয় বাৰু ইমান মহ ? সময়বোৰনো কেনেকৈ পাৰ কৰোঁ ? বাইল অচল, নেটো নাই
বুঢ়ীয়ে এইবোৰ একো বুজি নাপায় কেৱল বুজি পাইছে, নাতিলৰাটো আগৰ নিচিনা আৰু হৈ থকা নাই বুঢ়ীৰ খং উঠে ইমান বাবুগিৰি কিহৰ তোৰ ? চহৰলৈ যোৱা দুদিনহে হৈছে, কিন্তু ককা-আজোককা, চৈধ্য পুৰুষৰ জন্ম-কৰ্ম এই পিতনিৰ কাষতেই, সেয়া কেনেকৈ পাহৰি লি হাৰামজাদা ? চহৰলৈ গৈ তোৰ বাপেৰটো আজি আৰু জজ, মেজিজটেট হোৱা নাই ! কি সকামতনো চহৰলৈ সেয়া অৱশ্যে বুঢ়ীয়ে আজিও নাজানে
গালি-গালাজ কৰিলে জটাবুঢ়ীয়ে নিজকে পাতল পাতল অনুভৱ কৰে সেয়ে যেতিযাই বুকুখন গধুৰ যেন বুঢ়ীয়ে অনুভৱ কৰে তেতিয়াই অকলশৰে চোতালৰ কাষতে থকা বাঁহনিডৰাৰ তলত বহি ৰা, বোৱাৰী, নাতি সকলোকে এফালৰ পৰা গালি পাৰিবলৈ লয় গিৰিয়েকো মাজে-সময়ে সাৰি নাযায়
বিছনাৰ পৰা উঠি বুঢ়ী বহিল কাষৰ বিছনাখনত নাতিলৰাটো শুই আছে বহুদিনৰ মূৰত এইবাৰহে বুঢ়ীয়ে নাতিয়েকৰ মুখত বিৰক্তিৰ ছাঁ দেখা নাপালে তেওঁৰফালে চাই নাতিয়েকে এমুখ হাঁহিৰে কিবাকিবি অহাৰ কথা কৈছে, বুঢ়ীয়ে সেইবোৰৰ এটা বৰ্ণও বুজি পোৱা নাই
আইতা, তোমাৰ ঘৰতো নেট আহি ! আজিৰ পৰা নেটৱৰ্ক পাইছোঁ !
কি আহিল আৰু কি পাইছে সেয়া বুঢ়ীয়ে নুবুজিলেও এয়া বুজি পাইছে যে সেই অহা আৰু পোৱাৰ বাবেই নাতিৰ ইমান আনন্দ সন্ধিয়াৰ পাছৰে পৰাই হাতত থকা সৰু যন্ত্ৰটো অলপ আগলৈকে পিটিকি আছিল পোহৰ দি সি বুঢ়ীৰ কেইবাখনো টো তুলিলে
জটাবুঢ়ীৰ নাতিল'ৰাটোৰ সঁচাকৈ এই আজিয়েই প্ৰথম গেলা পিতনি আৰু হাবি-বনেৰে আৱৰা এই ঘৰখনত বিৰক্তি লগা নাই ছয় বছৰ পূৰ্বে তাৰ পৃথিৱীখন যে এই ঘৰখনতেই আছিল সেয়া আজি তাৰ নিজৰেই অবিশ্বাস্য যেন লাগে ভাগ্য ভাল, দেউতাকে সিহঁতক ইয়াৰ পৰা চহৰলৈ লৈ , নহলে ওৰে জীৱন এই ভগা-ছিগা ঘৰখনতেই পৰি থাকিব লাগিলহেঁতেন কথাবোৰ ভাবিবলৈকে ভয় হয় আচলতে ককাকৰ সঠিক সময়ত মৃত্যু , নহলে বুঢ়াৰ যিহে দপদপনি আছিল জীয়াই থকা দিনকেইটাত সকলোকে কমখন যন্ত্ৰণা দিলেনে ? ককাকৰ বাবেই, নহলে দেউতাকে আৰু কিমান আগতেই মাটি-বাৰী বেচি চহৰলৈ গুছি লহেঁতেন ককাকৰ ভয়তে তাৰ দেউতাকে কোনোদিন এইবোৰ কথা উচ্চাৰণ কৰাৰ সাহস কৰা নাছিল যিয়েই হওক, পলমকৈ লেও সকলো থানথিত লাগিল বিপ্ বিপ্ ককাক নহয়, এইবাৰ তাৰ কাম আইতাকক লৈহে আজিকালি নেটত এইখন গাঁৱৰ ছবি হেভি চলিছে তাৰ লগতে এই আইতাকৰ নিচিনা হাজাৰ ভাঁজ থকা মুখৰ চেহেৰা লেতো আৰু কথাই নাই, এশ লাইক চিঅ ৰাতিপুৱাৰ পৰা বহুকেইখন আলোকচিত্ৰ তোলা
কাতি মাহ ইমান ওখত আকাশবন্তিগছি কেনেকৈ জ্বলালে বাৰু ? তিল তেলৰ বন্তিনে ! পিতৃপুৰুষলৈ ইমান ভক্তি ! ধন্য তেওঁৰ মাক-বাপেক ! ’, আজিচোন কাতি মাহৰ শেষ ৰাতি বুঢ়ীয়ে আজিকালি সকলো পাহৰি যায় ইচ্ ৰাম, আগেয়ে জনা লে আজি নাতিটোৰ হতুৱাই জটাবুঢ়ীয়েই গিৰিয়েকৰ নামত এগছি বন্তি আকাশবন্তিৰ কপিকলত তুলি দিব পাৰিলেহেঁতেন
জটাবুঢ়ীৰ টোপনি অহা নাই হাড় কঁপোৱা জাৰ পৰিছে পিঠিত ঠাণ্ডা লাগিছে আকস্মিকভাৱে বুঢ়ীৰ কাহ আহিছে, শুবলৈ আৰু মন যোৱা নাই মিচিক-মাচাককৈ বুঢ়ীয়ে হাঁহিলে
হেৰা, তিল তেলৰ বন্তি এগছি লাগেনে ? বৰকৈ কৈছিলা, আকাশবন্তি বোলে আৰামপ্ৰিয় মানুহৰ কাৰবাৰ দুখীয়া মানুহ মৰিলেই সকলো শেষ সিপুৰীলৈ গৈয়ো পেটৰ দায়ত ঘূৰি ফুৰিবলগা হয় বন্তি চোৱাৰ সময় চাগেতাতো নাই আজি চোৱা, জটাবুঢ়ীয়ে তোমাক কেনেকৈ পোহৰ দেখুৱাব
গাত কম্বলখন মেৰিয়াই জটাবুঢ়ী বাৰাণ্ডালৈ ওলাই আহিল নুমাই যোৱা নাইতো ! নাই, সন্ধিয়াৰ পৰা একেদৰেই জ্বলি আছে কুঁৱলিৰ বাবে জ্যোতি অলপমান কমিছে যেন ধাৰণা হৈছে নাতিটোৱে কৈছিল, এই বন্তিগছি বোলে এতিয়াৰ পৰা গোটেই বছৰ জ্বলিব কাতি মাহ পাৰ হৈ লেও জ্বলিব তাৰ মানে জটাও সেই পোহৰতেই গিৰিয়েকৰ ওচৰ পাবগৈ কিন্তু গিৰিয়েকৰ মাটিত এইহেন কাতি মাহত আকাশবন্তি জ্বলিব আৰু গিৰিয়েকে এগছিয়ো বন্তি নাপাব ! ৰা যেনিবা কুলাঙ্গাৰ কিন্তু জটাবুঢ়ী এতিয়াও মৰা নাই
চোতালৰ তুলসীতলৰ পৰা বন্তিগছি হাততলৈ জটাবুঢ়ী ঘৰৰ ভিতৰলৈ আহিল শণি দেৱতাৰ বাবে আছুতীয়াকৈ থোৱা বটলটোৰ পৰা তিলতেল বাকি বন্তিগছি পূৰাই দিলে তাৰ পাছত জ্বলন্ত বন্তিগছি হাততলৈ পুনৰ চোতাললৈ নামি পুখুৰীৰ পাৰৰ আমগছজোপাৰ পৰা পুখুৰীৰ পানীত নিয়ৰ পৰি টুপটুপ শব্দ হৈছে বগা কুঁৱলিৰ ফলত আকাশবন্তিৰ পোহৰো ধূসৰিত আজিকালি জটাবুঢ়ীয়ে চকুৰে ভালকৈ নেদেখে গাত কম্বলখন মেৰুওৱা কিন্তু মূৰটো যেন গধুৰ গধুৰ, গাত শীতৰ লক্ষ বেজিয়ে খোঁচাৰ নিচিনা ভাব কঁপা কঁপা খোজেৰে কঁপি কঁপি বুঢ়ী আগুৱাই জ্বলন্ত বন্তিগছি যদি নুমাই যায়, সেই ভয়ত জুইশলা বাকচ এটাও বুঢ়ীয়ে খোঁচনিত গুঁজি লৈছে কুঁৱলিসনা জোনাকত ওখোৰা-মোখোৰা পথেৰে  বুঢ়ী সাৱধানে আগুৱাই কাতিমাহৰ ৰাতিটো শেষ হোৱাৰ আগেয়েই বন্তিগছি তাত তুলি দিব লাগিব খালি কপিকলটো বাৰু এই অন্ধকাৰত বুঢ়ীয়ে বিচাৰি পাবনে ? এতিয়া গৈ পালেগৈয়েই গোটেই গাটো শীতত যিদৰে কাঠ হৈ পৰিছে, আগুৱাই যোৱা ক্ৰমশঃ অসম্ভৱ হৈ উঠিছে খোজ কাঢ়ি আগুৱাই যাওঁতে জটাবুঢ়ীক কান্দোন এটাই খুন্দা মাৰি ধৰিছে এসময়ত এই মাটি তেওঁলোকৰ আছিল, স্বামী মৰাৰ পাছতেই ৰাই সকলোবোৰ আনৰ হাতত তুলি দিলে আজি সেই মাটিত কোনেনো জানে জকমকাই জ্বলিছে কাৰ আকাশবন্তি জটাৰ হিংসা ওপজে অথচ বিগত কাতিমাহৰ সংক্ৰান্তিৰ পৰাই জটাই ছটফটাই আছে শৰীৰৰ অৱস্থা বৰ এটা ভাল নহয়, সেয়া বাৰু তেওঁ বুজি নাপায়নে গোটেই শাওন মাহটোত এদিনো প্ৰাণভৰি পদ্মপুৰাণ পঢ়িব নোৱাৰিলে পঢ়িবলৈ লেই কাহৰ প্ৰকোপত প্ৰাণ-বায়ু ওলাই যোৱাৰ উপক্ৰম হয় সকলোবোৰ এটা এটাকৈ শেষ হৈ আহিছে এইবাৰ জটাৰ পাল
ঠাণ্ডাৰ কোবত বুকুখন টনটনকৈ বিষাইছে জটাবুঢী দূৰৈৰ পৰা দেখা ৰঙা পোহৰৰ তল পালেগৈ খুঁটা এটাৰ আঁৰত বন্তিগছি বলৈ গৈ আৰু পোন পৰা নাই, মাটিতে বহি দিলে, হাতেৰে খেপিয়াই খেপিয়াই কপিকলৰ ৰছীডাল আছে ঠাৱৰ কৰিবলৈ যত্ন কৰিলে ৰছীডাল বিচাৰি বিচাৰি ক্লান্ত হৈ পৰা জটাবুঢ়ীৰ শীত আঁতৰি যেন অলপ গৰম লাগিছে খুঁটিতে আউজি ভৰি দুখন মেলি দিলে বুকুৰ টনটননিটোৱে এইবাৰ যেন খামোচ মাৰি ধৰিছে কপালৰ পৰা টোপাটোপে ঘাম সৰিছে জটাবুঢীয়ে বুজিব পাৰিছে, এই দানৱ আকাশবন্তিৰ পোহৰত গিৰিয়েক তেওঁৰ মাটিলৈ নামি আহিছে জটাও আজি তেওঁৰ সঙ্গী হাত দুখন অৱশ অৱশ লাগিছে বহু কষ্টেৰে বাওহাতখন আগবঢ়াই তেল ভৰ্তি বন্তিগছি জটাবুঢ়ীয়ে হাতত বলৈ চেষ্টা কৰিলে
কাষৰ ঘৰৰ পৰাণ ককাইদেউৰ চিঞৰত জটাৰ নাতিয়েকৰ টোপনি ভাগিল
দাদা, সোনকালে উঠা তোমাৰ আইতা পথাৰত বহাতেই মৰি আছে
আইতা বহাতেই মৰি আছে ! খালি বিছনাখনৰফালে সি চালে একোৱেই বোধগম্য নহ, কিন্তু আইতাক ঢুকাল এইখিনি বুজিব পাৰিয়েই দৌৰি চোতাললৈ আহিল চেণ্ডেলযোৰ দলিয়াই আকৌ ঘৰৰ ভিতৰলৈ দৌৰি বাইল ফোনটো পকেটত সুমুৱাই লে আইতা চিৰিজৰ শেষ আলোকচিত্ৰকেইখন মিচ কৰিলে নহ পথাৰত বাইল টাৱাৰৰ তলত গাঁৱৰ মানুহ গোট খাইছেদিনৰ পোহৰত আকাশবন্তি উধাও টাৱাৰৰ খুঁটিত আউজি থকা বুঢ়ীৰ শৰীৰটো ঠাণ্ডাৰ প্ৰকোপত টান হৈ আছে আগবঢ়াই দিয়া বাওহাতখনৰ ওচৰত পৰি আছে নুমাই যোৱা বন্তিগছি জটাৰ কপালত বিৰিঙি উঠা ঘামখিনি কেতিয়াবাই কুঁৱলিয়ে মচি পেলালে মচ খোৱা নাই কেৱল ওঁঠৰ মিচিকীয়া হাঁহিৰ আভাসখিনি আইতা চিৰিজৰ শেষ আলোকচিত্ৰকেইখন বাইলত বন্দী বলৈ ধৰিলে ক্লিক ক্লিককৈ ■■■


6 comments:

  1. উঃ দুৰ্দান্ত গল্প লিখিছে দেই ৷ বৰ ভাল লাগিল ৷

    ReplyDelete
  2. গল্পটো পঢ়ি বহুত ভাল লাগিল ছাৰ

    ReplyDelete
  3. Apunar onubad ati sundor aru sabalil.

    ReplyDelete
  4. ধন্যবাদ । অনুপ্ৰাণিত হ'লোঁ ।

    ReplyDelete

তুমি, অমিতাভ

তুমি, অমিতাভ মূলঃ ডঃ তপোধীৰ ভট্টাচার্য (বাংলা) অসমীয়া অনুবাদঃ কুমুদ ঘোষ   তুমি, অমিতাভ, ভুল পথেৰে পাহাৰ আৰু অৰণ্যৰ পৰা সমতললৈ না...