শুচিব্ৰতা
------
-কুমুদ ঘোষ
--------
আজি ওৰে ৰাতি বৰষুণ হওক
তোমাৰ বুকুত সম্ভৱনাময় হৈ উঠক
সৰু-বৰ বনস্পতি বৃক্ষ৷
আজি ওৰে ৰাতি বৰষুণ হওক
সূর্যৰ প্ৰার্থনাত কাতৰ হৈ উঠক
মেঘাচ্ছন্ন আকাশ৷
আজি ওৰে ৰাতি বৰষুণ হওক
তোমাৰ বুকুত বাজি উঠক
আবেলিৰ সমস্ত গান৷
বৰষুণ আৰু বৰষুণ৷
বৰষুণত তিতি উঠক তোমাৰ
চৈধ্য বসন্তৰ শৰীৰ,
বৰষুণত তিতি তিতি জীপাল হওক
তোমাৰ সপোনৰ প্ৰতিখন নদী৷
আজি ওৰে ৰাতি বৰষুণ হওক
বৰষুণত তিতি তিতি
অভঁজা হওক অশ্লীল আলোচনা,
বৰষুণত তিতি তিতি
অন্ধ হওক কালিকা লগা চকু৷
আজি ওৰে ৰাতি বৰষুণ হওক
বৰষুণত তিতি তিতি
তুমিও হৈ উঠা বৰষুণ৷
তোমাৰ বর্ণময় স্পর্শত
মাজৰাতি সাৰ পাওক কুম্ভকর্ণ সময়৷
ৰচনা কালঃ ১-৪-২০০২
No comments:
Post a Comment