নিয়ম
-------
কুমুদ ঘোষ
------------
যিজন বলাৰৰ বলত
ক্ৰিকেটৰ ভগৱানে কেৱল ছয় আৰু চাৰি কোবাইছিল
সেইজন বলাৰৰ সিদিনা ৰাতি টোপনি ধৰা নাছিল,
কোঠা আৰু বাৰাণ্ডত পায়চাৰি কৰি থাকোঁতে
বলাৰজনে মাথোঁ এটা কথাই ভাবিছিল -
'কি কৰিবলৈ গৈ কি কৰিলোঁ? '
পিছদিনা এখন দেশৰ প্ৰতিখন কাকতৰ প্ৰথম পৃষ্ঠাত এজন মানুহ হৈছিল হিৰ'
আনখন দেশৰ প্ৰতিখন কাকতত আনজন মানুহ জিৰ'।
সাপে নাপাহৰে কঁকালৰ কোব।
আন
এখন খেলত, আন এখন খেলপথাৰত
দুয়োজন মানুহ আকৌ মুখামুখি হ'ল।
ছয় আৰু চাৰিৰে ধুমুহা সৃষ্টি কৰা মানুহজন
শূন্য হাতেৰে উভতি আহিল পেভেলিয়নলৈ।
বেটে বলৰ নিয়ম মানি চলালৈকে একো অসুবিধা নাছিল
কিন্তু, বেটে যেতিয়া নিজেই বলৰ বাবে নিয়ম সৃষ্টি কৰিবলৈ গ'ল
শূন্য হাতেৰে উভতি অহাৰ বাহিৰে আন একোৱেই নাথাকিল। ∆
No comments:
Post a Comment