সম্পাদকীয়ৰ পৰিৱৰ্তে
ভাবনা
- ১
দৰ্শকক বাদ দি কোনো শিল্পকৰ্মৰ কথাই ভাবিব নোৱাৰি৷ নাটকৰ ক্ষেত্ৰতো এই কথা অতি গুৰুত্বপূৰ্ণ৷ নাটকক ‘দৃশ্যকাব্য’হিচাপে বিবেচনা কৰা হয়৷ সেয়ে দৰ্শকে ইয়াক কেনেদৰে গ্ৰহণ কৰিলে সেই কথা বিচাৰ-বিবেচনা নকৰাকৈ নাট্যকাৰ, পৰিচালক, অভিনেতা-অভিনেত্ৰীৰ লগতে নাটক উপস্থাপনৰ বিশাল কৰ্মযজ্ঞৰ সৈতে প্ৰত্যক্ষভাৱে জডি.ত প্ৰতিজনেই থাকিব নোৱাৰে৷ আন আন শিল্পকলাৰ দৰে নাটকতো পৰীক্ষা-নিৰীক্ষা চলে৷ এই পৰীক্ষা-নিৰীক্ষাৰ উদ্দেশ্য নিজক অতিক্ৰম কৰা৷ শিল্পীয়ে যিদৰে বিচাৰে পূবৰ্ৰ অভিজ্ঞতাক অতিক্ৰম কৰি নতুন কিবা এটা প্ৰতিষ্ঠা কৰাৰ, ঠিক সেইদৰে দৰ্শকেও বিচাৰে শিল্পকৰ্মৰ যোগেদি পূবৰ্তকৈ নতুন অভিজ্ঞতা আহৰণ কৰাৰ৷ এই দ্বন্দ্বই সদায়েই নতুনৰ সন্ধানত ইন্ধন যোগাইছে৷ পাদদেশীয় ৰাষ্ট্ৰীয় নাট সমাৰোহে নাট্যকৰ্মী আৰু দৰ্শকক নতুনৰ সন্ধানত ইন্ধন যোগাব বুলি আমি আশাবাদী৷
ভাবনা
- ২
পণ্যায়নৰ এই যুগত বিশ্বৰ বজাৰ দখলৰ মূল সূত্ৰটো হ’ল সাধাৰণ মানুহৰ আৱেগ-অনুভূতিক ব্যৱসায়িক স্বাৰ্থত ব্যৱহাৰ কৰা৷ উপভোক্তাৰ আৱেগ-অনুভূতিক সন্মান কৰাৰ ভাও জুৰি চিপৰাং মৰাৰ কছৰৎ আজিকালি প্ৰায় সকলোতে সুলভ৷ নাটকৰ ক্ষেত্ৰতো তেনে হৈছে নেকি! অপেছাদাৰী নাট্যগোষ্ঠীসমূহৰ এসময়ত যি সবল আৱিৰ্ভাৱ অ’ত-ত’ত দেখা পাইছিলোঁ, সেয়া ক্ৰমশঃ কেৱল তৰল আৰু সস্তীয়া মনোৰঞ্জনধর্মী নাটক প্ৰচাৰ আৰু প্ৰসাৰ কৰিব বিচৰা এচামৰ কৃপাত নিশকতীয়া হৈছে! বিষয়টো অপেছাদাৰী নাট্যগোষ্ঠীসমূহৰ বিবেচনাৰ্থে এৰিলোঁ৷ আমাৰ বিশ্বাস, পাদদেশীয় ৰাষ্ট্ৰীয় নাট সমাৰোহে দৰ্শকক ৰুচিসম্পন্ন নাটকৰ সৈতে পৰিচিত হোৱাৰ সুযোগ দিয়াৰ লগতে অপেছাদাৰী নাট্যগোষ্ঠীসমূহৰ উদ্দেশ্য অনুধাৱন কৰাত দৰ্শকক সহায় কৰিব৷
ভাবনা
- ৩
অলপতে অপেছাদাৰী নাট্যগোষ্ঠীৰ সৈতে জডি.ত এজনৰ সৈতে অপেছাদাৰী নাট্যচৰ্চাৰ বিষয়ে আলোচনা কৰি থাকোঁতে ক’লে,‘হাতী হৈ মাখি হ’লোঁ, লালীত পৰি বন্দী হ’লোঁ৷’ তেখেতৰ এই হতাশাৰ কাৰণ উপলব্ধি কৰিব পাৰিছোঁ৷ কিন্তু সকলো সংশয় আঁতৰাই
পাদদেশীয় ৰাষ্ট্ৰীয় নাট সমাৰোহে আমালৈ আশাৰ বতৰা আনিছে৷ সৃজনীশীল মানুহমাত্ৰেই নিশ্চয় এই কথা স্বীকাৰ কৰিব, সৃষ্টিৰ যোগেদিয়েই সৃজনীশীল মানুহ জী থাকে৷ পাদদেশীয় ৰাষ্ট্ৰীয় নাট সমাৰোহে সৃজনীশীল মানুহৰ শকতিৰ কথাকেই পুনৰ প্ৰমাণ কৰিলে৷ এই সমাৰোহ সফলতাৰে সম্পন্ন হোৱাত সাধাৰণ মানুহৰ ভূমিকা আছিল অতি চকুত লগা; ই নিশ্চয় অপেছাদাৰী নাট্যগোষ্ঠীৰ সৈতে জডি.তজনক সম্ভাৱনাৰ নতুন দিশ নিৰ্দেশ কৰিব৷
ভাবনা
- ৪
অতি কম সময়ৰ ভিতৰত ‘সংলাপ’প্ৰকাশ কৰিবলগীয়া হোৱাত ইচ্ছা থকা সত্ত্বেও বহু বিষয় বাদ পৰিল৷ আনহাতে সীমিত পুঁজিয়েও ‘সংলাপ’ৰ কলেবৰ ডাঙৰ হোৱাত বাধা দিলে৷ আশা কৰিম, ভৱিষ্যত দিনত ‘সংলাপ’ লোদোৰ-পোদোৰ হ’ব৷ যিসকল সন্মানীয় লেখক-লেখিকাই আমাক সহযোগিতা আগবঢ়াই সাহস দিলে তেখেতসকলক সম্পাদনা সমিতিৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ৷ খৰতকীয়া এই আয়োজনত ৰৈ যোৱা ভুল-ভ্ৰান্তিৰ বাবে সকলোৰে ওচৰত ক্ষমাপ্ৰার্থী হৈছোঁ৷
কুমুদ ঘোষ¸
১৯-০১-২০২৩
----------
৷৷ সংলাপ ৷৷ স্মৃতিগ্ৰন্থ ৷৷ পাদদেশীয় ৰাষ্ট্ৰীয় নাট সমাৰোহ ৷৷ স্থানঃ সমাজহিতৈষী ডিম্বেশ্বৰ গগৈ সমন্বয় ক্ষেত্ৰ ৷৷
৷৷ ১৭, ১৮ আৰু ১৯ জানুৱাৰি, ২০২৩ ৷৷

No comments:
Post a Comment