লিটল মেগাজিন মেলাত
--------------------------------
মূল : সুবোধ সৰকাৰ (বাংলা)
অসমীয়া অনুবাদ : কুমুদ ঘোষ
----------------------------
এক
সাক্ষাৎকাৰত
এজন প্ৰতিষ্ঠানবিৰোধী, খঙাল কবিয়ে
মোক সুধিলে :
'আপুনি ষাঠি পাৰ কৰিলে
য়ু
আৰ অন দা ৰং চাইড অব দা বেড
এই
বয়সত আপোনাৰ কিবা সপোন আছেনে?'
প্ৰতিষ্ঠানবিৰোধী খঙাল কবিক মই ক'লোঁ :
'দা ৰং চাইড ইজ মাই ৰাইট চাইড
মোৰ এতিয়া মাথোঁ এটাই সপোন
মই
ষাঠি পাৰ কৰিলোঁ
কিন্তু এজন ত্ৰিশ বছৰীয়া তৰুণৰ দৰে
মই
কবিতা লিখিব বিচাৰোঁ।
ভুল কৰিব বিচাৰোঁ।
ভালপোৱাক লগত লৈ আকাশত উৰিব বিচাৰোঁ।
আগ্নেয়গিৰিত থিয় হ'ব বিচাৰোঁ।
সপোনেই যদি নেদেখোঁ জীয়াই থাকি কিনো হ'ব?
---------
বি:দ্ৰ: কবিৰ অনুমতি সাপেক্ষে অনূদিত।
No comments:
Post a Comment