নন্দনতত্ত্ব
---------------
মূল : মহাদেৱ সাহা (বাংলা)
অসমীয়া অনুবাদ : কুমুদ ঘোষ
-------------------------------------------
আকাশত পখী উৰে, কেৱে নাচায়;
ছবি চাই কয়, কি সুন্দৰ!
মনালিছাৰ হাঁহি নেদেখিলে
কোনে বুজি পালেহেঁতেন হাঁহি এনে
অপৰূপ;
কেৱে কাৰো দুঃখ দেখি নাকান্দে, নাটক চাই
চকু তিয়াই;
গছে গছে ফুল ফুলে, মানুহে ফুলদানি চাই
ফুলক বুজে,
বাস্তৱতকৈ শিল্পই মোহিত কৰে;
মুখতকৈ অঁকা মুখ দেখিয়েই বেছি অভিভূত হওঁ
ইয়াৰেই নাম বোধ হয় নন্দনতত্ত্ব,
সৌন্দৰ্যবোধ! ¤¤¤
No comments:
Post a Comment