তোমাৰ বাবেই
সংগ্ৰহ কৰিম
পৃথিৱীৰ সকলো
ফুল
------------------
মূল : মহাদেৱ সাহা (বাংলা)
অসমীয়া অনুবাদ : কুমুদ ঘোষ
--------------------------------------------
ভাবিছোঁ, তোমাৰ বাবেই সংগ্ৰহ কৰিম পৃথিৱীৰ
সকলো ফুল
মৌমাখিৰ দৰে সঞ্চয় কৰিম সকলো মৌ-জোল, তোমাক উপহাৰ দিবলৈকে
নিঃশেষ কৰি আনিম স্বৰ্ণখনি,
সহস্ৰ ফুলৰ সুগন্ধি থৈ দিম, ভৰ বাৰিষা থৈ দিম।
জোনাক নিশা থৈ দিম;
তোমাৰ বাবেই ধৰি থ'ম তৰাৰে খচিত আকাশ।
তোমাৰ বাবেই মৰুভূমি কৰিম উদ্যান, তুষাৰৰ দেশ কৰি তুলিম বসন্তৰ পুষ্প বন,
তোমাৰ বাবেই শুকান গছবোৰ
কৰি তুলিম সেউজীয়া,
ভাবিছোঁ, তোমাৰ বাবেই সুগন্ধিৰে সজাই তুলিম
এই পৃথিৱী,
তোমাৰ বাবেই সংগ্ৰহ কৰিম সকলো ফুল,
সকলো স্বৰ্ণমুদ্ৰা,
সকলো সুখ;
তোমাৰ বাবেই পৃথিৱীখন কৰি তুলিম নানা বৰণীয়া,
চিৰ স্বপ্নপুৰী।
¤¤¤
No comments:
Post a Comment