Tuesday, April 11, 2023

কথা

 কথা

--------

কুমুদ ঘোষ

----------------

কথাবোৰ বুজি নাপাওঁ

বুজি নাপাওঁ প্ৰতীকী প্ৰতীকী শব্দ

তা, দি, দা-দি ইত্যাদি।

 

বুজা-নুবুজা ভাষা এটাৰে

আমি দুয়ো কথা পাতোঁ

ঘণ্টাৰ পাছত ঘণ্টা,

মই মোৰ ভাষাৰে কওঁ

ইমু, সোণজনী, মাজনী, কেঁচাসোণ, সৰুফুল, বিজুলী বাতি

হাঁহি এটা মাৰি বিশেষ মুদ্ৰাৰে হাত দুখন নচুৱাই

তাই কয়,'তা, দি, দা-দি'

 

ইজনে-সিজনৰ কথাবোৰ বুজি পোৱাৰ বিশ্বাস এটাত

চলি থাকে আমাৰ কথা-বতৰা,

অথচ কোনোৱেই উদ্ধাৰ কৰিব নোৱাৰোঁ কাৰোৰেই কথাৰ প্ৰকৃত পাঠ

 

মোৰ কথাবোৰ তাই বুজি পোৱালৈকে,

তাইৰ কথাবোৰ মই বুজি পোৱালৈকে

তাইৰ নুবুজা কথাৰ সাঁথৰ ভাঙি ভাঙি

মই বাট চাম

 

ভাষাতকৈ ভাব যেতিয়া গধুৰ হয়

নুবুজা ভাষাৰেও দুজন মানুহে

কথা পাতি থাকিব পাৰে,

বাট চাব পাৰে

ভাববোৰ ভাষা হোৱালৈকে। ¤‍¤¤

 

No comments:

Post a Comment

তুমি, অমিতাভ

তুমি, অমিতাভ মূলঃ ডঃ তপোধীৰ ভট্টাচার্য (বাংলা) অসমীয়া অনুবাদঃ কুমুদ ঘোষ   তুমি, অমিতাভ, ভুল পথেৰে পাহাৰ আৰু অৰণ্যৰ পৰা সমতললৈ না...