ব্লা ব্লা ব্লা১
মূল : গ্ৰেটা থুনবাৰ্গ
অসমীয়া অনুবাদ : কুমুদ ঘোষ
[গ্ৰেটা টিনটিন ইলেওনোৰা এৰ্নমেন থুনবাৰ্গ৷ চমুকৈ আমাৰ মাজত গ্ৰেটা থুনবাৰ্গ হিচাপে পৰিচিত৷ ২০০৩ চনৰ ৩ জানুৱাৰিত জন্মগ্ৰহণ কৰা এইগৰাকী কিশোৰীয়ে ১৫ বছৰ বয়সত জলবায়ু পৰিৱৰ্তনৰ সৈতে মোকামিলা কৰিবলৈ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণৰ দাবি জনাই চুইডেনৰ সংসদৰ বাহিৰত প্ৰতিবাদ আৰম্ভ কৰিছিল৷ তেতিয়াৰ পৰাই সমগ্ৰ বিশ্বতে এগৰাকী জলবায়ু সংৰক্ষণ কৰ্মী হিচাপে জনপ্ৰিয় আৰু বিখ্যাত হৈ পৰে৷ ২০২১ চনৰ ছেপ্তেম্বৰ মাহত ইটালিৰ মিলান নগৰত অনুষ্ঠিত #PreCO26 (Presidential Conference of Parties-ৰ ২৬ সংখ্যক অধিৱেশন)-ৰ #Youth4ClimateConference (সমগ্ৰ পৃথিৱীজুৰি এনে এক উদ্যোগ যাৰ লক্ষ্য যুৱক-যুৱতীসকলক জলবায়ু বিষয়ত সক্ৰিয়ভাৱে যুক্ত কৰা আৰু সক্ষম হ’বলৈ উৎসাহিত কৰা)-ত গ্ৰেটা থুনবাৰ্গে দিয়া বক্তৃতাৰ মুকলি অনুবাদ আগ বঢালোঁ – অনুবাদক৷]
নমস্কাৰ, আপোনাসৱক ধন্যবাদ৷
“জলবায়ুৰ পৰিৱৰ্তন কেৱল আতঙ্ক নহয়, সকলোৰে উধ্বৰ্ত ই হ’ল আমাৰ বাবে স্বাস্থ্যকৰ, সেউজীয়া আৰু পৰিচ্চন্ন গ্ৰহ এটি গঢ. দিয়াৰ সুযোগ যিটো সকলোৰে উপকাৰত লাগিব৷” (বিদ্ৰূপাত্মক ঢঙত ৰাজনীতিবিদসকলক উদ্দেশ্যি)৷
“আমি নিশ্চিতভাৱে এই সুযোগ গ্ৰহণ কৰিম৷ কিয়নো, পাৰিস্থিতিক সংৰক্ষণ [ecological conservation] আৰু উচ্চ গুণগত উন্নয়ন - এই দুয়ো ক্ষেত্ৰতে আমি সাফল্য লভিব পাৰোঁ৷”
“জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ আৰু বিশ্বব্যাপী প্ৰয়োজনীয় পৰিৱৰ্তনৰ বাবে লাগে উদ্ভাৱন, সহযোগিতা আৰু ইচ্ছাশক্তি৷”
“কথাৰ লগেলগে আমি কামত লগাটোও সমানে জৰুৰী, কথা আৰু কাম এই দুয়োটাকে যদি একেলগে আগ বঢাই নিব পাৰোঁ তেনেহ’লে কিবা এটা কৰা সঁচাকৈ সম্ভৱ৷”
“মই যেতিয়া ‘জলবায়ু পৰিৱৰ্তন’কথাষাৰ উচ্চাৰণ কৰোঁ তেতিয়া বাৰু আপোনাৰ মনলৈ কি ভাব আহে? মই জীৱিকাৰ কথা ভাবোঁ - সেউজ জীৱিকা, কেৱল সেউজ জীৱিকাৰ কথা৷”
“আমি নিশ্চিতভাৱে এক মসৃণ স্বল্প-কাবৰ্ন অৰ্থনীতি (low-carbon economy)২-ৰ সঞ্চাৰণৰ বাট অনুসন্ধান কৰিব লাগিব৷”
“গ্ৰহ বি বুলি একো নাই (There is no planet B)৩”- কোনো গ্ৰহ নাই - ব্লা ব্লা ব্লা, ব্লা ব্লা ব্লা৷
“এইয়া ৰাজনৈতিকভাৱে সঠিক আৰু ব্যয়বহুল কোনো অকৰ্মণ্য ব্যক্তি (green-assed)ৰ আলিঙ্গন নৃত্য (bunny-hugging)৪ নহয় অথবা”ব্লা ব্লা ব্লা৷
“Build back better”৫ ব্লা ব্লা ব্লা৷
“সেউজ অৰ্থনীত”৬ ব্লা ব্লা ব্লা৷
“২০৫০ চনৰ ভিতৰত নেট জিৰ” ব্লা ব্লা ব্লা৷
“নেট জিৰ”৭ ব্লা ব্লা ব্লা৷
“জলবায়ু নিৰপেক্ষ”৮ ব্লা ব্লা ব্লা৷
তথাকথিত নেতাসকলৰ মুখেৰে আমি এইবোৰ কথাই শুনো৷ শব্দবোৰ শুনাত দুৰ্দান্ত, কিন্তু এই পৰ্যন্ত এইবোৰৰ
কোনো কাৰ্যকাৰিতা দেখা নগ’ল৷ আমাৰ আশা আৰু সপোন তেওঁলোকৰ শূন্যগৰ্ভ প্ৰতিশ্ৰুতিত ডুব গ’ল৷
আমাক নিশ্চিতভাৱে গঠনমূলক আলাপ-আলোচনা দৰকাৰ৷ কিন্তু বিগত ত্ৰিছ বছৰে তেওঁলোকৰ এই বাগাড.ম্বৰ যুক্তিয়ে আমাক ক’লৈ নিলে? ব্লা ব্লা ব্লা৷
১৯৯০ চনৰ পৰা C2 নিৰ্গমন ৫০ শতাংশৰো অধিক আৰু ২০০৫ চনৰ পৰা সেয়া এক-তৃতীয়াংশ হৈছে৷ এইবোৰ বিষয়ত সংবাদ মাধ্যমে যিবোৰ প্ৰতিৱেদন প্ৰকাশ কৰে তাত আচলতে নেতাসকলে কি কৰিব বিচাৰিছে তাৰ খবৰহে প্ৰকাশ পায়, কি কৰিলে সেয়া নজনায়৷ সেইবিলাকে নেতাসকলক তেওঁলোকৰ ক্ৰিয়াকলাপৰ বাবে অথবা নিষ্ক্ৰিয়তাৰ বাবে দায়বদ্ধও নকৰে৷
মোক ভুল নুবুজিব, আমি ইয়াক এতিয়াও সম্ভৱ কৰিব পাৰোঁ - পৰিৱৰ্তন কেৱল সম্ভৱেই নহয়, জৰুৰীভাৱে প্ৰয়োজনীয়ও৷ অৱশ্যে আমি যদি আজিৰ নিচিনাকৈয়ে গৈ থাকোঁ তেনেহ’লে সেয়া কেতিয়াও সম্ভৱ নহয়৷
ৰাজনীতিবিদসকলে কয় যে তেওঁলোকে সমাধান বিচাৰে, কিন্তু আপুনি কোনো সংকটেই সমাধান কৰিব নোৱাৰিব যদিহে আপুনি সেয়া সম্পূৰ্ণৰূপে বুজি নাপায়; যিদৰে, আপুনি যদি সকলো সংখ্যাৰ সঠিক গণনা নকৰে তেনেহ’লে আপুনি বাজেটৰ ভাৰসাম্য ৰক্ষা কৰিব নোৱাৰিব৷
যিমান দিনলৈকে আমি পক্ষপাতহীন নিৰ্গমন (Equity emissions)৯ আৰু ঐতিহাসিক নিৰ্গমন (Historical emissions)১০-ক উপেক্ষা কৰিম আৰু যিমান সময়লৈকে আমি আমদানিকৃত পণ্যৰ ব্যৱহাৰ, জৈৱবস্তু (biomass) দহন ইত্যাদিক হিচাপৰ অন্তৰ্ভুক্ত নকৰিম আৰু যিমানপৰলৈকে আমাৰ জোৰা-টাপলি মৰা হিচাপ নিৰ্গমন কমোৱাৰ সবাতোকৈ কাৰ্যকৰ পন্থাসমূহৰ মাজৰ এটা হৈ থাকিব তেতিয়ালৈকে আমাৰ জয়ৰ কোনো আশা নাই৷
জলবায়ু সংকট নিশ্চিতভাৱে ভয়ঙ্কৰ সংকটৰ এক উপসৰ্গহে মাত্ৰ৷ বৰ্তি থকাৰ সংকট, সামাজিক সংকট - অসাম্যৰ সংকট, যিটো অতীতৰ উপনিৱেশবাদ আৰু তাৰো পূবৰ্ৰে পৰাই আছে - এনে সংকটৰ ভিত্তি হ’ল কিছুমান মানুহক আনতকৈ বেছি যোগ্য বুলি ভবা আৰু কেৱল সেই কাৰণেই আনৰ ভূমি আৰু সম্পদ লুণ্ঠন আৰু চুৰি কৰাৰ অধিকাৰ তেওঁলোকৰ আছে বুলি ধাৰণা কৰা - আৰু, এয়া এক অতি সৰলীকৃত বিশ্বাস যে আমি মূল কাৰণবোৰৰ মুখামুখি নোহোৱাকৈয়ে সংকট সমাধা কৰিব পাৰিম৷
এই মুহূৰ্তত আমি ভুল পথেৰেই অতি দ্ৰুত গতিৰে তথাপি আগ বাঢি. গৈয়েই আছোঁ৷
অনুমান কৰা হৈছে ২০২১ চনত দ্বিতীয় সৰ্ব্বোচ্চ নিৰ্গমন বৃদ্ধিৰ অভিজ্ঞতা আহৰণ কৰিম৷
চৰকাৰী পুনৰুদ্ধাৰ ব্যয় (recovery spending)-ৰ মাত্ৰ ২ শতাংশহে পৰিচ্ছন্ন শক্তি ব্যৱস্থা (clean energy measures)-ৰ১১ বাবে ধাৰ্য কৰা হৈছে৷ ৰাষ্ট্ৰসংঘৰ এক নতুন প্ৰতিৱেদন অনুসাৰে ২০৩০ চনৰ ভিতৰত বিশ্বব্যাপী নিৰ্গমন ২০১০ চনৰ তুলনাত ১৬ শতাংশ বৃদ্ধি পাব বুলি আশঙ্কা কৰা হৈছে৷
আমাৰ নেতাসকলৰ উদ্দেশ্যপ্ৰণোদিতভাৱে কামত অনীহা আচলতে বৰ্তমান আৰু ভৱিষ্যত প্ৰজন্মৰ প্ৰতি বিশ্বাসঘাতকতা৷ ক্ষমতাত থকাসকলে দাবি কৰিব নোৱাৰে যে তেওঁলোকে চেষ্টা কৰিছে, স্পষ্টৰূপত তেওঁলোকে একোৱেই কৰা নাই; কাৰণ তেওঁলোকে ধাৰাবাহিকভাৱে নতুন নতুন কয়লাখনি, নতুন তেলৰ খাদ আৰু পাইপলাইন বহুওৱাৰ কাম কৰিয়েই আছে, নতুনকৈ তেল উত্তোলনৰ অনুমতি-পত্ৰ দিয়াৰ সময়ত উচ্ছাভিলাষী জলবায়ু বিশেষজ্ঞৰ ভাও ধৰিছে, আকৌ ভৱিষ্যতৰ বাবে বিশাল তেলৰ ভাণ্ডাৰ অন্বেষণৰ কাম কৰিয়েই আছে আৰু নিলৰ্জ্জভাৱে জলবায়ু সংকটৰ প্ৰভাৱৰ সৈতে যুঁজি থকা সবাতোকৈ বিপদসঙ্কুল দেশবোৰক সাহাৰ্য কৰাৰ ক্ষেত্ৰত নূ্যনতম আৰু দীৰ্ঘ সময়ৰ বাবে বকেয়া দিয়াত ব্যৰ্থ হৈয়ো নিজকে গৰ্বিত বোধ কৰিছে৷
এয়াই যদি তেওঁলোকৰ পৰিৱেশ সেৱাৰ নমুনা, তেনেহ’লে আমি সেয়া নিবিচাৰোঁ৷
এনেধৰণৰ সভালৈ তেওঁলোকে এনে কিছু সহজলভ্য নিৰ্বাচিত যুৱকক (cherry-picked young people) আমন্ত্ৰণ জনায় যিয়ে আমাৰ কথা মনোযোগেৰে শুনাৰ ভাওঁ ধৰে - কিন্তু, তেওঁলোকৰ এজনেও আমাৰ কথা নুশুনে - শুনাৰ চেষ্টাও নকৰে; আপোনালোকে কেৱল সংখ্যালৈ, পৰিসংখ্যালৈ দৃষ্টি নিক্ষেপ কৰক, চাওঁক নিৰ্গমন এতিয়াও কেনেদৰে বাঢ়িয়েই আছে - বিজ্ঞানে কেতিয়াও মিছা নামাতে৷
কিন্তু, নিশ্চিতভাৱে, আমি ইয়াক এতিয়াও সলাব পাৰোঁ - ই সম্পূৰ্ণৰূপে সম্ভৱ৷ ইয়াৰ বাবে বিশ্বই পূৰ্বে নেদেখা ধৰণে অতি কঠোৰভাৱে বাৰ্ষিক নিৰ্গমন (annual emission)১২ কমাই আনিব লাগিব৷ আমাৰ হাতত যিহেতু এনে প্ৰযুক্তিগত কৌশল একোৱেই নাই যিটোৰে তাৰ কাষ চাপিব পাৰিম, সেয়ে আমি এয়াই (অতি কঠোৰভাৱে বাৰ্ষিক নিৰ্গমন কমাই অনা) কৰিব লাগিব৷
ৰাজনৈতিকভাৱে কিমানখিনি সম্ভৱ অথবা অসম্ভৱ সেয়া আমি ক্ষমতাত থকা লোকসকলৰ সিদ্ধান্তৰ ওপৰত এৰি দিব নোৱাৰোঁ৷ আমি আমাৰ আশা-আকাঙ্ক্ষাক ক্ষমতাত থকা লোকসকলৰ সিদ্ধান্তৰ ওপৰত এৰি দিব নোৱাৰোঁ৷
আশা নিষ্ক্ৰিয় নহয়৷
আশা ব্লা ব্লা ব্লা নহয়৷
আশাই সত্য কথাকে কয়৷
আশাই পাৰে ব্যৱস্থা ল’ব৷
আৰু আশা সদায় মানুহৰ মাজৰ পৰাই ওপজে৷
আমি জনগণে আমাৰ বাবে এক নিৰাপদ ভৱিষ্যৎ বিচাৰোঁ, জলবায়ুৰ বাবে আমি বিচাৰোঁ এক ইতিবাচক পদক্ষেপ আৰু আমি বিচাৰোঁ জলবায়ু ন্যায় (climate justice)১৩৷
আপোনালোকে বাৰু মোৰ কথাখিনি শুনিছেনে?
আমি কি বিচাৰোঁ? (শ্ৰোতাসকল সমস্বৰে : জলবায়ু ন্যায়)৷ আমাক কেতিয়া লাগে? (শ্ৰোতাসকল সমস্বৰে : এতিয়াই)৷
নেতাসকলে ক’বলৈ ভাল পায়,‘আমি এইটো কৰিব পাৰোঁ৷’ তেওঁলোকে প্ৰকৃততে সেয়া নিবিচাৰে, আমি বিচাৰোঁ - আমি কৰিব পাৰিম৷ মই নিশ্চিত যে আমি পাৰিম৷
কিন্তু এয়া আৰম্ভ হয় জনগণক লগত লৈ - আৰম্ভ হয় পৰিস্থিতিৰ বাস্তৱতা যিমানে অস্বস্তিকৰ হ’ব তাৰ সন্মুখীন হৈ৷
পদক্ষেপ গ্ৰহণৰ লগেলগেই এয়া আৰম্ভ হয়, আৰু ইয়াৰ আৰম্ভ এতিয়াই৷
আমি কি বিচাৰোঁ? (শ্ৰোতাসকল সমস্বৰে : জলবায়ু ন্যায়)৷ আমাক কেতিয়া লাগে? (শ্ৰোতাসকল সমস্বৰে : এতিয়াই)৷
ধন্যবাদ৷
টোকাঃ
১Blah-Blah-Blah-ৰ অৰ্থ হ’ল মুৰ্খ বা দাম্ভিকৰ দৰে অবান্তৰ কথা বকবক কৰা৷ Blase শব্দৰ পৰা Blah-Blah-Blah-ৰ উৎপত্তি৷
২Low-carbon economy (স্বল্প-কাবৰ্ন অৰ্থনীতি)-ৰ অৰ্থ হ’ল কাৰ্বনযুক্ত উৎসৰ পৰা শক্তি আহৰণ নকৰি তুলনামূলকভাৱে অতি কম কাৰ্বনযুক্ত উৎসৰ পৰা শক্তি আহৰণ কৰা৷ উদাহৰণস্বৰূপে জীৱাশ্ম দহনৰ সলনি সৌৰ বা জলবিদ্যুৎ ব্যৱহাৰ৷
৩২০২১ চনত Mike Berners-Lee-এ ৰচনা কৰা এখন বিখ্যাত গ্ৰন্থ ‘There is no planet B.’ পৃথিৱীৰ বাহিৰে আমাৰ হাতত আন একোৱেই বিকল্প নাই বুলি কিতাপখনত উল্লেখ কৰা হৈছে৷ আনহাতে ২০০৯ চনত BBC-এ প্ৰচাৰ কৰা এক নাটকৰ চিৰিজ হ’ল There is no planet B. এই চিৰিজত বাস্তৱ পৃথিৱীৰ ভাৰ্চুৱেল ৰূপ দেখুওৱা হৈছে৷
৪Bunny-hugging হ’ল পিয়ানোৰ তালে তালে নচা এক ধৰণৰ আমেৰিকান নৃত্য৷ এই নৃত্যত দম্পতিয়ে পৰস্পৰক ঘনিষ্ঠভাৱে সাৱতি ধৰি নৃত্য কৰে৷
৫Build back better চমুকৈ BBB হিচাপে পৰিচিত৷ ই হ’ল একপ্ৰকাৰৰ কৌশল যিয়ে নানা জাতি আৰু সম্প্ৰদায়ৰ মানুহৰ ভৱিষ্যতৰ দুৰ্যোগ, ক্ষয়-ক্ষতিৰ চাপ কমায়৷
৬Green Economy (সেউজ অৰ্থনীতি) হ’ল পৰিৱেশৰ কোনো ধৰণৰ ক্ষতিসাধন নকৰাকৈ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰি আগ বঢ়া অৰ্থনীতি৷
৭Net Zero (নেট জিৰ)-ৰ দ্বাৰা প্ৰকৃতিত কাৰ্বন গ্ৰহণ আৰু নিঃসৰণৰ মুঠ যোগফল শূন্য বুজোৱা হয়৷ কোনো দেশেই বৰ্তমান ইয়াক শূন্য কৰিব পৰা নাই৷
৮Climate Neutral (জলবায়ু নিৰপেক্ষ)-ৰ অৰ্থ হ’ল সেউজ-গৃহ গেছ যতদূৰ সম্ভৱ হ্ৰাস কৰা৷ অৱশ্যে ই অৱশিষ্ট নিৰ্গমনৰ বাবে ক্ষতিপূৰণ দিয়া কাৰ্যকো বুজায়৷
৯Equity emissions (পক্ষপাতহীন নিৰ্গমন)-ৰ অৰ্থ হ’ল দেশৰ জনসংখ্যাৰ ভিত্তিত কাৰ্বন নিঃসৰণৰ গণতন্ত্ৰক ন্যায়সঙ্গত দৃষ্টিৰে প্ৰতিষ্ঠা কৰা৷
১০Historical emissions (ঐতিহাসিক নিৰ্গমন)-ৰ অৰ্থ হ’ল জলবায়ু পৰিৱৰ্তনৰ কথা সমুখত ৰাখি এক স্থায়ী নিৰ্গমন ব্যৱস্থা সৃষ্টি কৰা৷
১১Clean energy measures (পৰিচ্ছন্ন শক্তি ব্যৱস্থা)-ৰ অৰ্থ হ’ল প্ৰকৃতিৰ ওপৰত নেতিবাচক প্ৰভাৱহীন শক্তি উৎপাদনৰ পৰিমাপ৷
১২Annual emission (বাৰ্ষিক নিৰ্গমন) হ’ল জীৱাশ্ম দহন বা অন্যান্য কাৰণৰ ফলত উৎপন্ন ক্ষতিকাৰক সেউজ-গৃহ গেছৰ বাৰ্ষিক নিৰ্গমনৰ হিচাব৷
১৩Climate justice (জলবায়ু ন্যায়) হ’ল জলবায়ু পৰিৱৰ্তনৰ কু-প্ৰভাৱৰ পৰা সাধাৰণ মানুহক সুৰক্ষা দিয়া এক অধিকাৰ৷
বিঃ
দ্ৰঃ আগ্ৰহীসকলে মূল ভাষণটো তলত দিয়া লিঙ্কলৈ গৈ পঢিব পাৰিব৷
https://www.carbonindependent.org/119.html
No comments:
Post a Comment