Tuesday, April 11, 2023

হুইস্কী আৰু মহুৱা

 হুইস্কী আৰু মহুৱা

------------------------

মূল : সুবোধ সৰকাৰ (বাংলা)

অসমীয়া অনুবাদ : কুমুদ ঘোষ

------------------

হুইস্কীয়েই হওক অথবা মহুৱা

সকলো মদৰে দুটা সাংঘাত‍িক বস্তু আছে

এটা অহংকাৰ

এটা গোন্ধ

 

কিন্তু পৃথিৱীত এনে এবিধ মদ আছে

যাৰ কোনো গোন্ধ নাই

অহংকাৰ নাই

সেই মাৰাত্মক মদবিধৰ নাম ভালপোৱা

 

যিজনে ভালপায়

তেওঁহে কেৱল তাৰ অৱবাহিকাৰ গোন্ধ পায় ¤¤¤

---------

বি:দ্ৰ: কবিৰ অনুমতি সাপেক্ষে অনূদিত

লিটল মেগাজিন মেলাত

 লিটল মেগাজিন মেলাত

--------------------------------

মূল : সুবোধ সৰকাৰ (বাংলা)

অসমীয়া অনুবাদ : কুমুদ ঘোষ

----------------------------

এক সাক্ষাৎকাৰত

এজন প্ৰতিষ্ঠানবিৰোধী, খঙাল কবিয়ে

মোক সুধিলে :

'আপুনি ষাঠি পাৰ কৰিলে

য়ু আৰ অন দা ৰং চাইড অব দা বেড

এই বয়সত আপোনাৰ কিবা সপোন আছেনে?'

 

প্ৰতিষ্ঠানবিৰোধী খঙাল কবিক মই 'লোঁ :

'দা ৰং চাইড ইজ মাই ৰাইট চাইড

মোৰ এতিয়া মাথোঁ এটাই সপোন

মই ষাঠি পাৰ কৰিলোঁ

কিন্তু এজন ত্ৰিশ বছৰীয়া তৰুণৰ দৰে

মই কবিতা লিখিব বিচাৰোঁ

ভুল কৰিব বিচাৰোঁ

ভালপোৱাক লগত লৈ আকাশত উৰিব বিচাৰোঁ

আগ্নেয়গিৰিত থিয় ' বিচাৰোঁ

 

সপোনেই যদি নেদেখোঁ জীয়াই থাকি কিনো '?

---------

বি:দ্ৰকবিৰ অনুমতি সাপেক্ষে অনূদিত

নন্দনতত্ত্ব

 নন্দনতত্ত্ব

---------------

মূল : মহাদেৱ সাহা (বাংলা)

অসমীয়া অনুবাদ : কুমুদ ঘোষ

-------------------------------------------

আকাশত পখী উৰে, কেৱে নাচায়;

ছবি চাই কয়, কি সুন্দৰ!

মনালিছাৰ হাঁহি নেদেখিলে

কোনে বুজি পালেহেঁতেন হাঁহি এনে

অপৰূপ;

কেৱে কাৰো দুঃখ দেখি নাকান্দে, নাটক চাই

চকু তিয়াই;

গছে গছে ফুল ফুলে, মানুহে ফুলদানি চাই

ফুলক বুজে,

বাস্তৱতকৈ শিল্পই মোহিত কৰে;

মুখতকৈ অঁকা মুখ দেখিয়েই বেছি অভিভূত হওঁ

ইয়াৰেই নাম বোধ হয় নন্দনতত্ত্ব, সৌন্দৰ্যবোধ! ¤¤¤

 

তোমাৰ বাবেই সংগ্ৰহ কৰিম পৃথিৱীৰ সকলো ফুল

তোমাৰ বাবেই সংগ্ৰহ কৰিম পৃথিৱীৰ সকলো ফুল

------------------

মূল : মহাদেৱ সাহা (বাংলা)

অসমীয়া অনুবাদ : কুমুদ ঘোষ

--------------------------------------------

ভাবিছোঁ, তোমাৰ বাবেই সংগ্ৰহ কৰিম পৃথিৱীৰ

সকলো ফুল

মৌমাখিৰ দৰে সঞ্চয় কৰিম সকলো মৌ-জোল, তোমাক উপহাৰ দিবলৈকে

নিঃশেষ কৰি আনিম স্বৰ্ণখনি,

সহস্ৰ ফুলৰ সুগন্ধি থৈ দিম, ভৰ বাৰিষা থৈ দিম

জোনাক নিশা থৈ দিম;

তোমাৰ বাবেই ধৰি ' তৰাৰে খচিত আকাশ

তোমাৰ বাবেই মৰুভূমি কৰিম উদ্যান, তুষাৰৰ দেশ কৰি তুলিম বসন্তৰ পুষ্প বন,

তোমাৰ বাবেই শুকান গছবোৰ

কৰি তুলিম সেউজীয়া,

ভাবিছোঁ, তোমাৰ বাবেই সুগন্ধিৰে সজাই তুলিম

এই পৃথিৱী,

তোমাৰ বাবেই সংগ্ৰহ কৰিম সকলো ফুল,

সকলো স্বৰ্ণমুদ্ৰা, সকলো সুখ;

তোমাৰ বাবেই পৃথিৱীখন কৰি তুলিম নানা বৰণীয়া,

চিৰ স্বপ্নপুৰী। ¤¤¤

 


নিলিখা কবিতাৰ কথা

 নিলিখা কবিতাৰ কথা

------------------------------

কুমুদ ঘোষ

------------------

সকলো কবিৰে একোটা নিলিখা কবিতা থাকে

লিখোঁ লিখোঁ বুলি ভাবিয়ো

কোনো কবিয়েই লিখিব নোৱাৰে

সেই নিলিখা কবিতাটো

 

নিলিখা কবিতাটোক সাক্ষী কৰি

কবিতাৰ সমদল আগ বাঢ়ে,

নিলিখা কবিতাটোক বুকুত সাবটি

প্ৰতিজন কবিয়ে প্ৰতি ৰাতি চকু দুটা মুদে

 

একেটা কবিতাকে লিখি থাকে

অথচ নিলিখা কবিতাটো লিখিব নোৱাৰে

 

সকলো কবিৰে একোটা নিলিখা কবিতা থাকে

লিখোঁ লিখোঁ বুলি ভাবি ভাবিয়েই

প্ৰতিজন কবিয়েই খেৰ-কুটা কঢ়িয়াই,

ভঙা-গঢ়াৰ খেল খেলি খেলি

এদিন নিলিখা কবিতাটোৰ মাজত

কবি হেৰাই যায়। ¤ ¤ ¤

 

তুমি, অমিতাভ

তুমি, অমিতাভ মূলঃ ডঃ তপোধীৰ ভট্টাচার্য (বাংলা) অসমীয়া অনুবাদঃ কুমুদ ঘোষ   তুমি, অমিতাভ, ভুল পথেৰে পাহাৰ আৰু অৰণ্যৰ পৰা সমতললৈ না...