Friday, February 10, 2023

হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ জীৱ বৈচিত্ৰ্য : আমাৰ সম্পদ, আমাৰ গৌৰৱ

হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ জীৱ বৈচিত্ৰ্য : আমাৰ সম্পদ, আমাৰ গৌৰৱ

 

- কুমুদ ঘোষ

 

(অভয়াৰণ্যখনৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য : [] ভাৰতবৰ্ষৰ উত্তৰ-পূৰ্বাঞ্চলৰ বনাঞ্চলত পোৱা বনমানুহ  Gibbon বা হলৌ বান্দৰৰ নামেৰে নামকৰণ কৰা এইখনেই ভাৰতবৰ্ষৰ প্ৰথম আৰু একমাত্ৰ অভয়াৰণ্য, [] প্ৰায় ৪১ বিধ ভিন্ন প্ৰজাতিৰ স্তন্যপায়ী প্ৰাণীৰ আৱাসভূমি, [] বিবিধ প্ৰজাতিৰ স্তন্যপায়ী প্ৰাণীৰ ভিতৰৰে সাতবিধ ভিন্ন প্ৰজাতিৰ বান্দৰৰ একত্ৰ বাসভূমি এই অভয়াৰণ্য, [] অসমৰ ৰাজ্যিক বৃক্ষ হোলোং গছ এই অভয়াৰণ্যত প্ৰচুৰ পৰিমাণে পোৱা যায়, [অভয়াৰণ্যখনত অসমৰ ৰাজ্যিক পখী দেওহাঁহ (ইংৰাজী সাধাৰণ নাম : White-winged Wood Duck; বৈজ্ঞানিক নাম : Asarcornis scutulata)  বিচৰণ  তথ্য নথীভুক্ত হৈছে, [] এই অভয়াৰণ্য IBA (Important Bird Area)- অন্তৰ্ভুক্ত, [] এতিয়ালৈকে দুই শতাধিক পখী আৰু দুই শতাধিক পখিলা এই অভয়াৰণ্যৰ পৰা নথীভুক্ত কৰা হৈছে, [] ৯৫ বিধ ভিন্ন প্ৰজাতিৰ মকৰাৰ আৱাসভূমি এই অভয়াৰণ্য, [] বিধ ভিন্ন প্ৰজাতিৰ বন্য ৰেচম এই অভয়াৰণ্যত নথীভুক্ত হৈছে, [] দুই শতাধিকৰো বেছি গছ-লতা, তৰু-তৃণ এই অভয়াৰণ্যৰ গৌৰৱ, [] ১৩৮ বিধ ভিন্ন প্ৰজাতিৰ কাঠফুলা এই অভয়াৰণ্যৰ গৌৰৱ, [] ১৫ বিধ ভিন্ন প্ৰজাতিৰ পৰুৱা এই অভয়াৰণ্যৰ গৌৰৱ, [] অভয়াৰণ্যখনত IUCN Red List, under criteria A1cd, C2a, version 2.3 মতে Critically Endangered (CR) মৰশাল (বৈজ্ঞানিক নাম : Vatica lanceaefolia) প্ৰচুৰ পৰিমাণে পোৱা যায় ৷) 

হোলোঙাপাৰ গিবন অভয়াৰণ্য যোৰহাট জিলাৰ একমাত্ৰ অভয়াৰণ্য৷ এই অভয়াৰণ্যখন পূর্ব‍ে হোলোঙাপাৰ সংৰক্ষিত বনাঞ্চল হিচাপে পৰিচিত আছিল৷ বৰ্তমানৰ হোলোঙাপাৰ গিবন অভয়াৰণ্যক পোন প্ৰথম ১৯৮১ চনৰ ২৭ আগষ্টত হোলোঙাপাৰ সংৰক্ষিত বনাঞ্চল হিচাপে নামকৰণ কৰা হৈছিল৷ এই নামকৰণৰ প্ৰায় ১১৬ বছৰ পিছত ১৯৯৭ চনৰ ৩০ জুলাই তাৰিখে ইয়াক সংৰক্ষিত বনাঞ্চলৰ পৰা অভয়াৰণ্যলৈ উন্নীত কৰিগিবন বন্যপ্ৰাণী অভয়াৰণ্যহিচাপে নামকৰণ কৰা হয়৷ অৱশ্যে ২০০৪ চনৰ ২৫ মে তাৰিখে অসম চৰকাৰৰ এক অধিসূচনাযোগে অভয়াৰণ্যখনৰ পূবৰ্ৰ নাম কিছু সাল-সলনি কৰি পুনৰহোলোঙাপাৰ গিবন অভয়াৰণ্যহিচাপে নামকৰণ কৰা হয়৷ সমগ্ৰ বিশ্বতে এই অভয়াৰণ্যখন বৰ্তমানহোলোঙাপাৰ গিবন অভয়াৰণ্য’ হিচাপে পৰিচিত৷

হোলোঙাপাৰ গিবন অভয়াৰণ্যক ১৯৮১ চনৰ ২৭ আগষ্টত হোলোঙাপাৰ সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰাৰ পূৰ্বে এই অঞ্চলটো নগালেণ্ডলৈকে বিস্তৃত হৈ থকা এক অটব্য অৰণ্য আছিল৷ বৰ্তমানৰ অভয়াৰণ্যখনৰ আশে-পাশে ১৮৮০ চনৰ পৰা ১৯২০ চনৰ মাজ ভাগলৈকে গঢ. লৈ উঠা চাহ বাগিছা আৰু ১৯৬০ চনত বানপানী, গৰাখহনীয়াৰ কৱলত পৰি মাজুলীৰ পৰা এই অভয়াৰণ্যৰ সমীপলৈ উঠি অহা জনসংখ্যাৰ হেঁচাত ক্ৰমাত ইয়াৰ অটব্য অৰণ্য সঙ্কুচিত হ’ল৷ বৰ্তমান ২০.৯৮ বৰ্গ কিলোমিটাৰ মাটিকালিৰে আৱৰা এই অভয়াৰণ্যখনৰ চৌপাশে আছে মানুহৰ ঘন জনবসতি আৰু ইখনৰ পিছত সিখন চাহ বাগিছা৷ এনে জনবসতি আৰু চাহ বাগিছাৰ ভিৰৰ মাজত এই অভয়াৰণ্যখন যোৰহাট জিলাৰ হাওঁফাওঁ হিচাপে পৰিগণিত হৈছে৷

ইংৰাজ শাসন কালত এই অভয়াৰণ্যখন ৰাজহৰ গুৰুত্বপূৰ্ণ উৎস আছিল৷ অবাধ কাঠ সংগ্ৰহৰ ফলত সেই সময়ত এই চিৰ সেউজ অভয়াৰণ্যখন বজাল বাঁহনিলৈ ৰূপান্তৰিত হৈছিল৷ কিন্তুমেনেজমেণ্ট প্লেন জৰি‍য়তে‍ এই অভয়াৰণ্যখনক পূবৰ্ৰ অৱস্থালৈ ঘূৰাই নিয়াৰ বাবে ১৯২৪ চনত এক পদক্ষেপ গ্ৰহণ কৰি Artificial regeneration- দিহা কৰা হয়৷ আজিৰ সুন্দৰ এই অভয়াৰণ্যখন Artificial regeneration- ফল৷ অভয়াৰণ্যখনত আজিও শাৰী-শাৰীকৈ সেই সময়ত ৰোপন কৰা হোলোং, এজাৰ, আম আদি গছ  দেখিবলৈ পোৱা যায়৷

অভয়াৰণ্যখনৰ নামৰ লগত সংযোজিত হৈ থকাহোলোঙাপাৰনামৰ উৎপত্তিক লৈ ভিন ভিন জনৰ মাজত ভিন ভিন মত প্ৰচলিত৷ বহুতে বিচাৰে, এই অঞ্চলত প্ৰচুৰ পৰিমাণে পোৱাহোলোংগছৰ পাই বাবেই ঠাইডোখৰৰ নামহোলোঙাপাৰল৷ আমাৰ ধাৰণা হয়, ‘হোলোঙাপাৰশব্দটো টাইমূলীয় শব্দৰ পৰাহে আহিছে৷ Tai-Assamese-English Dictionary  মতেলুংমানে ৰাজপ্ৰসাদ, ৰাজভৱন, ৰজা বা ৰাজকুমাৰ থকা ডাঙৰ ৰাজভৱন৷ এই অঞ্চলত আহোম ৰাজত্বকালৰ তেনে কোনো লেখত বলগা ডাঙৰ ৰাজপ্ৰসাদ, ৰাজভৱন এই মুহূৰ্তলৈকে আৱিস্কাৰ হোৱা নাই যদিও, ধাৰণা হয়  আহোম ৰাজত্বকালৰ কোনো এক সময়ত ডাঙৰ ৰাজপ্ৰসাদ, ৰাজভৱন থকা ঠাইৰ পৰা এই ঠাইলৈ মানুহৰ প্ৰব্ৰজন হৈছিল আৰু তেওঁলোকে এই অঞ্চলত বসতি আৰম্ভ কৰিছিল৷ ৰাজপ্ৰসাদ, ৰাজভৱন, ৰজা বা ৰাজকুমাৰ থকা ঠাইৰ পৰা আহি বসতি কৰাৰ বাবেই হয়তো এই ঠাইৰ নাম পৰৱৰ্তী সময়ত মানুহৰ মুখ বাগৰিহোলোঙাপাৰহৈছিল৷ সুদূৰ অতীতৰ পৰাই এই অঞ্চলত আহোমলোকৰ বসতি যে আছিল তাৰ কেইবাটাও প্ৰমাণ আজিও বিদ্যমান৷ উদাহৰণস্বৰূপে, অভয়াৰণ্যখনৰ নাতিদূৰৈত থকা লাচিত বৰফুকনৰ মৈদাম, ৰজাবাৰী, তৰাতলী (আজিৰ নকছাৰি), বচাগাঁও আদি ঠাইৰ নামে সেই কথা প্ৰমাণিত কৰে৷ আনহাতে নকছাৰি অঞ্চলত ভিন ভিন সময়ত উদ্ধাৰ হোৱা পুৰাতাত্ত্বিক সমলসমূহেও এই ঠাইখনত সূদুৰ অতীতৰ পৰাই যে আহোমসকলৰ বসতি আছিল সেই কথা প্ৰমাণ কৰে৷ সেই দৃষ্টিকোণৰ পৰা বিচাৰ কৰিলেহোলোঙাপাৰশব্দটো টাইমূলীয় শব্দৰ পৰা আহিছে বুলি নিশ্চিত পাৰি৷

সাগৰপৃষ্ঠৰ পৰা ১০০-১২০ মিটাৰ উচ্চতাত অৱস্থিত এই অভয়াৰণ্যখনত বাৰ্ষিক গড় বৃষ্টিপাত ২৪৯ ছে.মি৷ এই অভয়াৰণ্যত ৪১ বিধ ভিন্ন প্ৰজাতিৰ স্তন্যপায়ী প্ৰাণী নথিভুক্ত কৰা হৈছে (Chetry, D., Medhi, R., Bujarbarua, P. and Bhattacharjee, P. C. 2001. Mammals of Gibbon Wildlife Sanctuary, Assam, India. Tiger Paper, 28 (4),29-32)  বান্দৰকুলৰ বাদেও অভয়াৰণ্যখনত পোৱা আন আন গুৰুত্বপূৰ্ণ স্তন্যপায়ী প্ৰাণীবোৰ হৈছেহাতী (ইংৰাজী সাধাৰণ নাম :  Asian Elephant; বৈজ্ঞানিক নাম : Elephas maximus), নাহৰফুটুকী (ইংৰাজী সাধাৰণ নাম : Leopard; বৈজ্ঞানিক নাম : Panthera pardus),  ঘোং (ইংৰাজী সাধাৰণ নাম :  Black Panther; বৈজ্ঞানিক নাম : Panthera pardus), হাপা/হেপা  (ইংৰাজী সাধাৰণ নাম : Junglc Cat; বৈজ্ঞানিক নাম : Felis chaus), লতামাকৰি (ইংৰাজী সাধাৰণ নাম : Leopard Cat; বৈজ্ঞানিক নাম : Prionailurus bengalensis), সুগৰি পহু (ইংৰাজী সাধাৰণ নাম : Barking Deer/Indian Muntjac; বৈজ্ঞানিক নাম : Muntiacus muntjak), শৰ পহু (ইংৰাজী সাধাৰণ নাম :  Sambar; বৈজ্ঞানিক নাম : Cervus unicolor), শহা পহু (ইংৰাজী সাধাৰণ নাম : Indian Hare; বৈজ্ঞানিক নাম : Lepus nigricollis), কেটেলা পহু (ইংৰাজী সাধাৰণ নাম :  Indian Porcupine; বৈজ্ঞানিক নাম : Hystrix indica), বনৰৌ/কেমটাই-পহু (ইংৰাজী সাধাৰণ নাম :  Indian Pangolin; বৈজ্ঞানিক নাম : Manis crassicaudata), নেউল (ইংৰাজী সাধাৰণ নাম : Common Grey Mongoose; বৈজ্ঞানিক নাম : Herpestes edwardii), হাগা গেন্দেৰা/গেন্দেৰা (ইংৰাজী সাধাৰণ নাম : Large Indian Civet; বৈজ্ঞানিক নাম : Viverra zibetha), জহামাল  (ইংৰাজী সাধাৰণ নাম :  Small Indian Civet; বৈজ্ঞানিক নাম : Viverricula indica), থেকেৰা মাহী বা মালয় কেৰ্কেটুৱা (ইংৰাজী সাধাৰণ নাম : Malayan Giant Squirrel; বৈজ্ঞানিক নাম : Ratufa bicolor), বনৰীয়া গাহৰি (ইংৰাজী সাধাৰণ নাম : Wild Boar; বৈজ্ঞানিক নাম : Sus Scrofa) আদি৷

 মূলতঃ কপিকুলৰ বাবে বিখ্যাত এই অভয়াৰণ্যখন সাতবিধ ভিন্ন প্ৰজাতিৰ বান্দৰৰ একত্ৰ মিলনভূমি৷ এই অভয়াৰণ্যখনত পোৱা বান্দৰ প্ৰজাতিসমূহ হলৌ বান্দৰ (ইংৰাজী সাধাৰণ নাম : Western Hoolock Gibbon; বৈজ্ঞানিক নাম : Hoolock hoolock), সেন্দূৰী বান্দৰ বা খৰানেজীয়া বান্দৰ (ইংৰাজী সাধাৰণ নাম :  Stump-tailed Macaque; বৈজ্ঞানিক নাম : Macaca arctoides), গাহৰিনেজীয়া বান্দৰ (ইংৰাজী সাধাৰণ নাম : Pig-tailed Macaque; বৈজ্ঞানিক নাম : Macaca leonine), আচামিজ মেকাক্‌ (ইংৰাজী সাধাৰণ নাম : Eastern Assamese Macaque; বৈজ্ঞানিক নাম : Macaca assamensis), মলুৱা বান্দৰ (ইংৰাজী সাধাৰণ নাম : Rhesus Macaque; বৈজ্ঞানিক নাম : Macaca mulatta), টুপিমূৰীয়া বান্দৰ (ইংৰাজী সাধাৰণ নাম :  Capped Langur; বৈজ্ঞানিক নাম : Trachypithecus pileatus durga) আৰু লাজুকী বান্দৰ (ইংৰাজী সাধাৰণ নাম : Bengal Slow Loris; বৈজ্ঞানিক নাম : Nycticebus bengalenis)

হলৌ বান্দৰ (Hoolock hoolock): ভাৰতবৰ্ষত দুবিধ প্ৰজাতিৰ হলৌ বান্দৰ পোৱা যায়৷ হলৌ বান্দৰ ভাৰতত পোৱা একমাত্ৰ বনমানুহ৷ তাৎপৰ্যপূৰ্ণ কথাটো এই দুয়োবিধ হলৌ বান্দৰেই ভাৰতবৰ্ষৰ কেৱল উত্তৰ-পূৰ্বাঞ্চলতে পোৱা যায়৷ হোলোঙাপাৰ গিবন অভয়াৰণ্যত পোৱা হলৌ বান্দৰবিধৰ বৈজ্ঞানিক নাম Hoolock hoolock. হলৌ বান্দৰ হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ গৌৰৱ৷ এই বনমানুহবিধক প্ৰাকৃতিক পৰিৱেশত চাবলৈ প্ৰতি বছৰে হাজাৰ হাজাৰ দেশী-বিদেশী পৰ্যটকৰ আগমন হয়৷

সেন্দূৰী বান্দৰ বা খৰানেজীয়া বান্দৰ (Macaca arctoides): সেন্দূৰী বান্দৰ বা খৰানেজীয়া বান্দৰ ভাৰতবৰ্ষৰ কেৱল উত্তৰ-পূৰ্বাঞ্চলতে পোৱা যায়৷ ভাৰতত ব্ৰহ্মপুত্ৰ নদীৰ কেৱল দক্ষিণপাৰৰ বনাঞ্চলতহে এইবিধ প্ৰজাতিৰ বান্দৰৰ বিচৰণ সীমাৱদ্ধ৷ হোলোঙাপাৰ গিবন অভয়াৰণ্যত তিনি শতাধিক সেন্দূৰী বান্দৰ বা খৰানেজীয়া বান্দৰ আছে৷ ভাৰতবৰ্ষৰ বনাঞ্চলত সেন্দূৰী বান্দৰ বা খৰানেজীয়া বান্দৰ দেখাৰ এক উল্লেখযোগ্য আৰু নিৰ্ভৰযোগ্য ঠাই এই অভয়াৰণ্যখন৷

গাহৰিনেজীয়া বান্দৰ (Macaca leonine): গাহৰিনেজীয়া বান্দৰ ভাৰতবৰ্ষৰ কেৱল উত্তৰ-পূৰ্বাঞ্চলতে পোৱা যায়৷ এইবিধ প্ৰজাতিৰ বান্দৰৰো বিচৰণ ক্ষেত্ৰ ভাৰতত ব্ৰহ্মপুত্ৰ নদীৰ কেৱল দক্ষিণপাৰৰ বনাঞ্চলতহে সীমাৱদ্ধ৷

আচামিজ মেকাক্‌ (Macaca assamensis): আচামিজ মেকাক্সচৰাচৰ দেখা মলুৱা বান্দৰতকৈ কিছু পৃথক৷ বহু সময়ত অজ্ঞতাবশতঃ মলুৱা বান্দৰকে বহুতে আচামিজ মেকাক্বুলি ভুল কৰে৷ সাধাৰণতে লোকালয়ত এইবিধ বান্দৰ প্ৰজাতি দেখিবলৈ পোৱা নাযায়৷ এই ক্ষেত্ৰত ব্যতিক্ৰম গোৱালপাৰা জিলাত অৱস্থিত টুক্ৰেশ্বৰী দেৱালয়৷ ইয়াতেই সহজে লোকালয়ত আচামিজ মেকাক্দেখিবলৈ পোৱা যায়৷ হোলোঙাপাৰ গিবন অভয়াৰণ্যত থকা আচামিজ মেকাক্সহজে দেখা পোৱা নাযায়৷

মলুৱা বান্দৰ (Macaca mulatta): এইবিধ বান্দৰ প্ৰজাতি আমাৰ সকলোৰে চিনাকি৷ যিকোনো পৰিৱেশতে নিজকে খাপ খুৱাই পৰা এইবিধ বান্দৰ লোকালয়ত সহজে দৃষ্টিগোচৰ হয়৷ হোলোঙাপাৰ গিবন অভয়াৰণ্যতো এইবিধ বান্দৰ প্ৰজাতি সহজতে দেখিবলৈ পোৱা যায়৷

টুপিমূৰীয়া বান্দৰ (Trachypithecus pileatus durga): হোলোঙাপাৰ গিবন অভয়াৰণ্যত পোৱা টুপিমূৰীয়া বান্দৰ বিধৰ বৈজ্ঞানিক নাম Trachypithecus pileatus durga. দীঘল নেজৰ এইবিধ বান্দৰৰ মুখখন লা আৰু মূৰত টুপি আকৃতিৰ নোম থাকে৷ চিনি নোপোৱাৰ ফলত হোলোঙাপাৰ গিবন অভয়াৰণ্যলৈ অহা বহু সাধাৰণ দৰ্শনাৰ্থীয়ে এইবিধ বান্দৰক সোণালী বান্দৰ বুলি ভুল কৰে৷ টুপিমূৰীয়া বান্দৰ হোলোঙাপাৰ গিবন অভয়াৰণ্যত পোৱা একমাত্ৰলেঙ্গুৰঅথাৎ নেজ দীঘল বান্দৰ৷

লাজুকী বান্দৰ (Nycticebus bengalenis): লাজুকী বান্দৰ হোলোঙাপাৰ গিবন অভয়াৰণ্যত পোৱা একমাত্ৰ নিশাচৰ প্ৰজাতিৰ বান্দৰ৷ ইয়াক দিনৰ ভাগত সহজে দেখা নাযায়৷

বিশেষকৈ হলৌ বান্দৰ, সেন্দূৰী বান্দৰ, টুপিমূৰীয়া বান্দৰ আৰু গাহৰিনেজীয়া বান্দৰ দৰ্শনৰ বাবে হোলোঙাপাৰ গিবন অভয়াৰণ্য অতি উত্তম ঠাই হিচাপে ইতিমধ্যে বিবেচিত হৈছে৷

হোলোঙাপাৰ গিবন অভয়াৰণ্যত ২০২ বিধ ভিন্ন প্ৰজাতিৰ উদ্ভিদ নথিৰ্ভুক্ত কৰা হৈছে (Sarkar, M. 2015. Vegetation Analysis and Litter Dynamics of Hollongapar Gibbon Wildlife Sanctuary, Assam. Unpublished Ph. D Thesis, Department of Environmental Science, Tezpur University, Assam, India.)  হোলোঙাপাৰ গিবন অভয়াৰণ্য বিবিধ গছ-লতা, তৰু-তৃণৰ এক অপূৰ্ব ভাণ্ডাৰ৷ এই অভয়াৰণ্যখনত পোৱা উল্লেখযোগ্য কেইবিধমান গছ-লতা, তৰু-তৃণ অমৰা, অৰ্জুন, বন আম, ওডাল, ঔটেঙা, ঔলতা, কঁঠলুৱা, কদম, লাজামু, কুকুৰাঠেঙীয়া, কেন্দু, কৌপাত, গনসৰৈ, গমাৰী, গাহৰিচপা, চতিয়না, চামকঠাল, চেংমৰা, চেলেং, টিকনীবৰুৱা লতা, বিবিধ প্ৰজাতিৰ ডিমৰু, তিতাচপা, তেজমুই, ডবা শিঙৰি, ধঁপাততিতা, নলটেঙা, নেফাফু, পৰেং, পমা, বৰথেকেৰা, বান্দৰডিমা, ৰূদাক্ষ, মেজাঙ্কৰি, বৰপাত, শিলিখা, যমলাখুটি, ৰাইডাং বেত, হোলোং ইত্যাদি৷ অসমৰ ৰাজ্যিক বৃক্ষ হোলোং গছ এই অভয়াৰণ্যৰ গৌৰৱ৷ আনহাতে অভয়াৰণ্যখনত পোৱা মৰশাল (বৈজ্ঞানিক নাম : Vatica lanceaefolia) IUCN Red List, under criteria A1cd, C2a, version 2.3 মতে Critically Endangered (CR) উদ্ভিদ (Ashton, P. 1998). Vatica lanceaefolia. In: The IUCN Red List of Threatened Species e.T33031A9751387.) অভয়াৰণ্যখনৰপৰা ১৫৭ বিধ ভিন্ন প্ৰজাতিৰ ঔষধি আৰু অৰ্থনৈতিক মূল্য সম্পন্ন উদ্ভিদ নথিৰ্ভুক্ত কৰা হৈছে (Sarkar, M. and Devi, A. 2017. Analysis of medicinal and economic important plant species of Hollongapar Gibbon wildlife sanctuary, Assam, northeast India. Tropical Plant Research, 4(3),486–495) অভয়াৰণ্যখনত ছবিধ ভিন্ন প্ৰজাতিৰ বেতৰ লগতে এটা জাতৰ বেত ইতিমধ্যে নথিভুক্ত কৰা হৈছে (Bora, H. R., Gogoi, H., Bora, S. and Hazarika, P. K. 2012. A systematic census of rattens in Gibbon wildlife sanctuary, Assam with emphasis conservation. J. Econ. Taxon Bot., 36(3),578–583) অভয়াৰণ্যখনত পোৱা বেতবোৰ - ৰাইডাং বেত (বৈজ্ঞানিক নাম : Calamus flagellum Griff.), লেজাই বেত (বৈজ্ঞানিক নাম : C. floribundus Griff.), লেজাই বেত (বৈজ্ঞানিক নাম : C. floribundus  var.  depauperatus), টাকিট বাসৌকা বেত (বৈজ্ঞানিক নাম : C. latifolius Roxb.), সৌকা বেত (বৈজ্ঞানিক নাম : C. nambariensis Becc.), জাতি বেত (বৈজ্ঞানিক নাম : C. tenuis Roxb.) আৰু সৌকা বেত (বৈজ্ঞানিক নাম : Salaca secunda Griff.) অভয়াৰণ্যখনত ১৩৮ বিধ ভিন্ন প্ৰজাতিৰ কাঠফুলা থকাৰ সম্ভেদ পোৱা গৈছে (Gogoi, G. and Parkash, V. 2015. A checklist of gilled mushrooms (Basidiomycota: Agaricomycetes) with diversity analysis in Hollongapar Gibbon Wildlife Sanctuary, Assam, India. Journal of Threatened Taxa, 7(15),8272–8287)

অভয়াৰণ্যখনত পোৱা পখীৰ প্ৰথমখন তালিকা প্ৰকাশ পায় ২০০৭ চনত৷ উক্ত তালিকাত ২১৯ বিধ পখী তালিকাভুক্ত কৰা হৈছিল (Ghosh, K. 2007. Birds of Hoollongapar Gibbon Sanctuary. Newsletter for Birdwatchers, 47 (3), 35–40) পৰৱৰ্তী সময়ত প্ৰকাশিত আন এখন গৱেষণা-পত্ৰত অভয়াৰণ্যখনত পোৱা পখীৰ সংখ্যা ২৩২ হিচাপে তালিকাভুক্ত কৰা হৈছে (Devi, O. S. and Saikia, P. K. 2010. A checklist of avian fauna of Gibbon Wildlife Sanctuary, Jorhat district, Assam. NeBIO, 1(3),1–7) তাৎপৰ্যপূৰ্ণ অভয়াৰণ্যখনত দেওহাঁহ (ইংৰাজী সাধাৰণ নাম : White-winged Wood Duck; বৈজ্ঞানিক নাম : Asarcornis scutulata) থকাৰ কথা পূবেৰ্ উল্লেখ পোৱা গৈছিল যদিও আলোকচিত্ৰসহ  অভয়াৰণ্যখনত দেওহাঁহ  বিচৰণৰ কৰাৰ তথ্য কিছু বছৰৰ পূবেৰ্ নথিভুক্ত কৰা হৈছে (Choudhury, A. 2000. The birds of Assam. Gibbon Books & World Wide Fund for Nature-India আৰু Sharma et al. 2015. White-winged Duck Asarcornis scutulata in Hollongapar Gibbon Sanctuary, Assam, India. Indian Birds, 10(5), 121-123)

ঠিক সেইদৰে অভয়্যৰণ্যখনত পোৱা ভিন্ন প্ৰজাতিৰ পখিলাৰ প্ৰাথমিক তালিকাত ৩৯ বিধ বিবিধ প্ৰজাতিৰ পখিলা নথিভুক্ত কৰা হৈছিল (Senthilkumar et al. 2006. Butterflies of Gibbon Wildlife Sanctuary, Assam: A preliminary survey. Ann. For., 14(1),86-91) এই প্ৰাথমিক তালিকাখন প্ৰকাশ হোৱাৰ পৰৱৰ্তী সময়ত প্ৰকাশিত আন এক গৱেষণা-পত্ৰত অভয়াৰণ্যখনত ১৭২ বিধ বিবিধ প্ৰজাতিৰ পখিলাৰ বিচৰণ নথিভুক্ত কৰা হৈছিল (Saikia, M. and Ghosh, K. 2014. Butterfly diversity of Hoollongapar Gibbon Sanctuary, Jorhat-Assam (India). Trends in Biosciences, 7(4), 523-528) ২০১৫ চনত অভয়াৰণ্যখনৰ পখিলাৰ বিষয়ে প্ৰকাশিত প্ৰথমখন কিতাপত অভয়াৰণ্যখনত ২০০ বিধ বিবিধ প্ৰজাতিৰ পখিলাৰ বিচৰণ নথিভুক্ত কৰা হৈছিল (Neog, S. 2015. Butterflies Gibbon Wildlife Sanctuary. Bhabani, Guwahati) আনহাতে সেই একে বছৰতে প্ৰকাশিত আন এখন গৱেষণা-পত্ৰত অভয়াৰণ্যখনত ২১১ বিধ বিবিধ প্ৰজাতিৰ পখিলাৰ বিচৰণ নথিভুক্ত কৰা হৈছে (Singh et al. 2015. The seasonality of butterflies in a semi-evergreen forest: Gibbon Wildlife Sanctuary, Assam, NorthEastern India. Journal of Threatened Texa, 7(1),6774-6787)  বন্যপ্ৰাণী সুৰক্ষা আইন, ১৯৭২- দৃষ্টিৰে গুৰুত্বপূৰ্ণ  বুলি বিবেচিত হোৱা আৰু হোলোঙাপাৰ গিবন অভয়াৰণ্যত পোৱা  কেইবিধমান পখিলা   Chinese Bushbrown, Plain Bushbrown, Tree Flitter, Contiguous Swift, Glistening Cerulean, Common Gem, Sylhet Oakblue, Orchid Tit, Long-banded Silverline, Variegated Rajah, Unbroken Sergeant, Common Baron, Grey Baron, Gaudy Baron, Dark Archduke, Grey count ইত্যাদি৷ এইখিনিতে উল্লেখ কৰা ভাল হ’ব গৱেষণা-পত্ৰ হিচাপে প্ৰকাশ নহ’লেও বহুকেইজন বন্যপ্ৰাণী প্ৰেমীয়ে ভিন ভিন সময়ত তেখেতসকলে অভয়াৰণ্যখনত প্ৰত্যক্ষ কৰা পখিলাসমূহৰ বিষয়ে নিজ নিজ ভ্ৰমণ-টোকাত লিপিৱদ্ধ কৰা চকুত পৰে৷  Red-veined Lancers আৰু Brown Forest Bobs দৰে পখিলা অভয়াৰণ্যখনত প্ৰত্যক্ষ হৈছে (Rare butterflies found in Gibbon sanctuary - Expert photographs two rare species for the first time in Upper Assam; The Telegraph,  20-08-2014)

ভৌগোলিকভাৱে তেনেই সৰু এই অভয়াৰণ্যখনত বৰ্তমানলৈকে ছবিধ ভিন্ন প্ৰজাতিৰ বন্য ৰেচম নথীভুক্ত হৈছে (Saikia, M., Ghosh, K. and Peigler, R. S.  2017. Wild sericigenous insect diversity of Hoollongapar Gibbon Sanctuary, Jorhat, Assam. Journal of Entomology and Zoology Studies, 5(2),973-978) সেইবোৰ Antheraea assamensis, Samia canningi, Actias selene, Attacus atlas, Cricula trifenestrata, Actias maenas.

তাৎপৰ্যপূৰ্ণভাবে বিশেষজ্ঞসকলে হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ পৰা বৰ্তমানলৈকে ৯৫ বিধ বিবিধ প্ৰজাতিৰ মকৰা নথীভুক্ত কৰিছে (Chetia, P. and Kalita, D. K. 2012. Diversity and distribution of spiders from Gibbon Wildlife Sanctuary, Assam, India. Asian Journal of Conservation Biology, 1(1),5-15) সেইবোৰৰ মাজৰে দুটামান - Gasteracantha kuhlii, Cyrtophora moluccensis, Gasteracantha dalyi, Heteropoda venatoria, Myrmachne orientalis, Phintella vitatta, Epius indicus, Herennia multipuncta, Amyciaea forticeps, Misumena vatia, Leucauge decorata ইত্যাদি৷

হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ পৰা ইতিমধ্যে পোন্ধৰবিধ পৰুৱা নথিভুক্ত কৰা হৈছে৷ সেইবোৰ - Camponotus buddhae, Polyrhachis rupicapra, Camponotus albosparsus, Polyrhachis dives, Anoplolepis gracilipes, Oecophylla smaragdina, Camponotus invidus, Tetraponera rufonigra,  Tetraponera nigra, Monomorium pharonis, Crematogaster sp., Meranoplus bicolor, Diacamma rugosum, Technomyrmex albipes,Tapinoma indicum (Medhi, B. 2012. Diversity of ants in some selected ecosystem of Assam. Unpublished Ph.D. Thesis, Assam Agricultural University, Jorhat - Assam).

হোলোঙাপাৰ গিবন অভয়াৰণ্যত আমি ভিন ভিন সময়ত প্ৰত্যক্ষ কৰা আৰু নথিৰ্ভুক্ত কৰা উভচৰ আৰু সৰীসৃপ সমূহৰ ভিতৰত গুৰুত্বপূৰ্ণ হ’লবৰ পাত বেং (Large Tree Frog), বামুণ ভেকোলা (Indian Bull Frog),  ডিঙি ৰঙা তেজপিয়া (Indian Garden Lizard), কেকো সাপ (Tokay Gecko), মনিকিৰা (Many-lined Grass Skink), ফুটুকী সৰু মনিকিৰা (Soptted Litter Skink), গুঁই (Bengal Monitor), অজগৰ/জলপহীয়া (Burmese Python), ঢোঁৰা সাপ (Checkered Keelback), মচোৱা গোম (Indian Rat Snake), ধুন্দুলী ফেঁটী (Cohper-headed Trinket Snake), বামুণী সাপ (Striped Keelback), কাৰ্শলা (Painted Bronzeback), মাৰলি সাপ (Common Wolf Snake), বেজু মুখী সাপ/লতা সাপ (Short-nosed Vine Snake), কালনাগ/মণিৰাজ/সুন্দৰী সাপ/উৰণীয়া সাপ (Ornate Flying Snake), বাটচুপা/বাটৰাজ (Red-necked Keelback), শঙ্খচূড. (Banded Krait), ৰজা ফেঁটী (King Cobra) ইত্যাদি৷

এইখিনিতে অভয়াৰণ্যখনৰ উন্নয়নৰ স্বাৰ্থত কৰিবলগীয়া দুটা কামৰ কথা সকলোৰে দৃষ্টিগোচৰ কৰা প্ৰয়োজন বুলি অনুভৱ কৰি তলত উল্লেখ কৰিলোঁ৷

] অভয়াৰণ্যখনৰ মাজেদি যোৱা ৰেলপথত চলাচল কৰা ৰেলগাড়ীৰ গতিবেগ নিয়ন্ত্ৰণৰ বাবে দৃঢ. পদক্ষেপ কৰা অতিকে জৰুৰী৷ বিগত দিনত ৰেলগাড়ীৰ খুন্দাত আহত হৈ প্ৰাণ বিসৰ্জন দিবলগীয়া প্ৰাণীবোৰে যেন আমাৰ সকলোকে সেই কথাকেই সোঁৱৰাই থাকে৷

] অভয়াৰণ্যখনৰ গাতে লাগি থকা ধোদৰ আলিৰ অংশত দিন অথবা ৰাতি সকলো ধৰণৰ যান-বাহন ৰখোৱা নিষিদ্ধ কৰিব লাগে৷ সেই অংশত গাড়ী ৰখাই শৌচ-প্ৰস্ৰাৱ কৰা, খাদ্য গ্ৰহণ কৰা, খাদ্যবস্তুৰ লগতে আন আৱৰ্জনা পেলোৱা সম্পূৰ্ণৰূপে নিষিদ্ধ ঘোষণা কৰি তেনে কাৰ্যত জড়িতসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দিহা কৰিব লাগে৷

] অভয়াৰণ্যখনৰ আশে-পাশে থকা চাহ বাগিচাসমূহক পৰিৱেশ অনুকূল কৃষি-কৰ্মৰ বাবে আগ্ৰহী কৰি তুলিব লাগে৷

] অভয়াৰণ্যখনৰ আশে-পাশে থকা লোকক বন্যপ্ৰাণীয়ে কৰা ক্ষয়-ক্ষতিৰ যথাসম্ভৱ ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা  কৰিব লাগে৷

] অভয়াৰণ্যখনৰ ভিতৰত প্ৰাকৃতিক কাৰণত বা আন কাৰণত খালি হৈ পৰা ঠাইত গছ পুলি ৰোপন কৰি জীৱ-জন্তুৰ ভৱিষ্যত দিনৰ বাবে খাদ্য আৰু আৱাস নিশ্চিত কৰাৰ বাবে কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰা৷

] স্থানীয় লোকক তেওঁলোকৰ ঘৰত পৰ্যটকক থাকিব/ৰাখিব পৰা ব্যৱস্থা (Home Stay) গঢি.বলৈ অনুপ্ৰাণিত কৰিব লাগে৷ তাৰ বাবে প্ৰয়োজনীয় অৰ্থ আৰু অন্যান্য সুযোগ-সুবিধা কেনেদৰে আৰু কোনবোৰ উৎসৰ পৰা পাব পাৰি সেই বিষয়ত সজাগতা সৃষ্টি কৰিব লাগে৷

] অভয়াৰণ্যখনৰ খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ আশে-পাশে সকলো ধৰণৰ সা-সুবিধা থকা এক আটক ধুনীয়া Interpretation Centre . দিয়াৰ বাবে চৰকাৰক স্থানীয় ৰাইজৰ প্ৰতিনিধিৰ জৰিয়তে আহ্বান জনাব লাগে৷

] অভয়াৰণ্যখনত টুৰিষ্ট গাইড হিচাপে নিয়মীয়াকৈ সেৱা আগ বঢ়াই থকা স্থানীয় যুৱককেইজনক উচ্চ প্ৰশিক্ষণৰ লগতে বন বিভাগৰ তৰফৰ পৰা অভয়াৰণ্যখনৰ টুৰিষ্ট গাইড  হিচাপে আনুষ্ঠানিক স্বীকৃতি দিব লাগে৷

মাটিকালিৰ ফালৰ পৰা হোলোঙাপাৰ গিবন অভয়াৰণ্য আকাৰত সৰু হ’লেও কিন্তু জীৱ-বৈচিত্ৰ্যৰ দিশৰ পৰা চকুত পৰা বিধৰ৷ বিগত দিনত অভয়াৰণ্যখনলৈ অহা দেশী-বিদেশী পৰ্যটকৰ সংখ্যা ক্ৰমাত দ্ৰুত গতিত বৃদ্ধি পাইছে৷ পৰ্যটকৰ সংখ্যা বৃদ্ধিয়ে ক্ৰমাত চৰকাৰী ৰাজহ বৃদ্ধিত অৰিহণা যোগোৱাৰ লগতে স্থানীয় লোকৰ বাবে আত্মনিয়োজনৰ বাটো মুকলি কৰিছে৷ এনে সময়ত উপযুক্ত ব্যৱস্থাপনা আৰু দীৰ্ঘম্যাদী পৰিকল্পনাইহে অভয়াৰণ্যখনক ভৱিষ্যৎ দিনত আগ বাঢ়ি যোৱাত নিশ্চিতভাৱে সহায় কৰিব৷

No comments:

Post a Comment

তুমি, অমিতাভ

তুমি, অমিতাভ মূলঃ ডঃ তপোধীৰ ভট্টাচার্য (বাংলা) অসমীয়া অনুবাদঃ কুমুদ ঘোষ   তুমি, অমিতাভ, ভুল পথেৰে পাহাৰ আৰু অৰণ্যৰ পৰা সমতললৈ না...