শেৱালি ফুলতকৈ বগা ভাতেই অধিক সুন্দৰ
মূলঃ মহাদেৱ সাহা [বাংলা]
অসমীয়া অনুবাদঃ কুমুদ ঘোষ
এই কবিতাটো যিকোনো বিষয়ত হয়তো লিখিব পৰা গ’লহেঁতেন
পিকনিক, ম’[ৰ্]নিং স্কুলৰ মিছ্ট্ৰেছ
অথবা চম্পা ফুলৰ কাহিনী; হয়তো পখীৰ প্ৰসঙ্গ
যোৱা কিছুদিনে টেলিফ’নত তোমাৰ মাত নুশুনি
থূপ খোৱা ডাৱৰ,
মন ভাল নহয়, তাক লৈয়ো সম্পূৰ্ণ হ’ব পাৰিলহেঁতেন
এই পংক্তিবোৰ
অৰ্কিড অথবা উইপিং উইলও স্বচ্ছন্দে হ’ব পাৰিলহেঁতেন
এই কবিতাৰ বিষয়;
কিন্তু তৃতীয় বিশ্বৰ এখন অতি দৰিদ্ৰ দেশৰ এজন কবিয়ে
মনু মিঞাৰ চৰুৰ খবৰ পাহৰিলে নহ’ব,
মই সেয়ে হনু ভঙা হাৰু শ্বেখৰ মুখলৈ চাই
আন্তৰ্জাতিক শোষণৰ কথাই ভাবোঁ,
এতিয়া ভোকাতুৰ পেটেৰে বুজি পাওঁ কবিতাৰ বাবে কি অপৰিহাৰ্য
শেৱালি ফুলতকৈ মোৰ বাবে সেয়ে কবিতাৰ বিষয় হিচাপে
বগা ভাতেই অধিক জীৱন্ত আৰু এই ধূলি-মাটিৰ মানুহ;
এই কবিতাটোৱে সেয়ে খোজ কাঢি. যায় অন্ধ গলিৰ লেতেৰা বস্তিলৈ
হোটেলৰ ৰঙ্গমঞ্চলৈ তাৰ কোনো আকৰ্ষণ নাই,
তাক দেখোঁ ভূমিহীন কৃষকৰ জুপুৰিত বহি আছে
এটি নগ্ন শিশুৰ ধূলি-বালি লগা গালত মোৰ কবিতাই
অনবৰত চুমা আঁকিছে,
এই কবিতাটোৱে কেতিয়াবা অকলসৰেই গুছি যায়
অনাহাৰী কৃষকৰ সৈতে
জৰুৰী কথা-বতৰা পতাৰ উদ্দেশ্যে,
তাৰ সৈতে তেওঁৰ এনে কি কথা হয় নাজানো
পাচ মুহূৰ্ততেই দেখোঁ সেই ক্ষুধাৰ্ত কৃষকসকল
শোষকৰ গোলা লুট কৰিবলৈ দলৱদ্ধভাৱে থিয় হৈছে;
এই কবিতাটোৰ যদি কোনো সাফল্য থাকে তেনেহ্’লে সেয়া ইয়াতেই৷
সেয়ে এই কবিতাৰ আখৰবোৰ ৰঙা, সঙ্গত কাৰণতে ৰঙা
আন কোনো ৰং হ’বই নোৱাৰে -
আন কোনো বিষয়ো নহয়
সেয়ে আৰু কিমানবাৰ ক’ম, শেৱালি ফুলতকৈ বগা ভাতেই অধিক সুন্দৰ৷***
No comments:
Post a Comment