Sunday, February 27, 2022

তোমাৰ দুহাতত পৃথিৱীৰ আদিম কবিতা

 তোমাৰ দুহাতত পৃথিৱীৰ আদিম কবিতা

 

মূলঃ মহাদেৱ সাহা [বাংলা]

অসমীয়া অনুবাদঃ কুমুদ ঘোষ

 

তোমাৰ দুহাত মেলি কেতিয়াও চোৱা নাছিলোঁ

ইয়াতে ফুলি আছে পৃথিৱীৰ শ্ৰেষ্ঠ গোলাপ,

তোমাৰ দুহাত মেলি কেতিয়াও চোৱা নাছিলোঁ

ইয়াতে লেখা আছে হৃদয়ৰ গাঢ. পংক্তিবোৰ৷

ফুল ভালপাওঁ বুলি মিছাতে কৰিছোঁ অহঙ্কাৰ

শিল্প ভালপাওঁ বুলি মাৰিছোঁ দম্ভালি অনৰ্থক

মই মূৰ্খই বুজা নাছিলোঁ তোমাৰ দুহাত

কিমান বেছি মানৱিক ফুল -

বুজা নাছিলোঁ কিমান বেছি অনুভূতিশীল

এই দুহাতৰ আঙুলি৷

তোমাৰ দুহাত মেলি কিয় যে মই চোৱা নাছিলোঁ,

কিয় যে কৰা নাছিলোঁ পাঠ এই বিশুদ্ধ প্ৰেমৰ কবিতা!

গোলাপ দেখিছোঁ বাবেই অতদিনে মই কেৱল ভুলকে কৰিছোঁ

তোমাৰ দুহাত মেলি এইবাৰ লাজতে লুকুৱাও মুখ৷

তোমাৰ দুহাততে

ফুলি আছে পৃথিৱীৰ সবাতোকৈ বিশুদ্ধ গোলাপ,

তোমাৰ দুহাততে

পৃথিৱীৰ একমাত্ৰ আদিম কবিতা৷ ¤ ¤ ¤

 

No comments:

Post a Comment

তুমি, অমিতাভ

তুমি, অমিতাভ মূলঃ ডঃ তপোধীৰ ভট্টাচার্য (বাংলা) অসমীয়া অনুবাদঃ কুমুদ ঘোষ   তুমি, অমিতাভ, ভুল পথেৰে পাহাৰ আৰু অৰণ্যৰ পৰা সমতললৈ না...