Wednesday, January 19, 2022

সুখ

 সুখ

-------

মূল: অংশুমান কৰ (বাংলা)

অসমীয়া অনুবাদ: কুমুদ ঘোষ

-------------------------

কাঁহৰ থালত দোকানীয়ে খোদাই কৰি লিখি দিছিল,

'সুখত থাকাঁ'

বিয়াত উপহাৰ দিয়া হৈছিল

'পথেৰ পাঁচালী' এনে ধৰণৰ এখন থাল,

সৰ্বজয়াই বিক্ৰী কৰি দিছিল, কিনি আনিছিল চাউল

মনত পৰে

দলত্যাগী হাতীৰ নিচিনা তাইৰ কৰুণ আৰু গোমা মুখমণ্ডল

আজিয়ো বিয়াত দুই-এজনে কাঁহৰ থাল

উপহাৰ হিচাপে দিয়ে

তেওঁলোকে ভুলতো কোনোদিন দোকানীক নকয়,

'খোদাই কৰি দিয়ক, সুখত থাকাঁ'

'বইনোবা আৰু কিয়?

সেয়াচোন, আঠমঙলালৈ আহি আমাৰ সাগৰিকা

চাউথ চিটি মলত সোমাইছে

তাইৰ পাৰ্চৰ ভিতৰত লালকাল হৈ শুই আছে এযোৰা সুখ

 

দুখন কাৰ্ড আৰু দুটা পিন

-------------

বিদ্ৰকবিৰ অনুমতি সাপেক্ষে অনূদিত 

No comments:

Post a Comment

তুমি, অমিতাভ

তুমি, অমিতাভ মূলঃ ডঃ তপোধীৰ ভট্টাচার্য (বাংলা) অসমীয়া অনুবাদঃ কুমুদ ঘোষ   তুমি, অমিতাভ, ভুল পথেৰে পাহাৰ আৰু অৰণ্যৰ পৰা সমতললৈ না...