Tuesday, January 18, 2022

অকলশৰীয়া হৈ পৰা

 অকলশৰীয়া হৈ পৰা

------------------------

মূলঃ মহাদেৱ সাহা (বাংলা)

অসমীয়া অনুবাদঃ কুমুদ ঘোষ

----------------------------------

অকলশৰীয়া হৈ পৰা, নিঃসঙ্গ বৃক্ষৰ দৰে

ঠিক দুঃখমগ্ন অসহায় কয়েদীৰ দৰে

নিৰ্জন নদীৰ দৰে,

তুমি আৰু পৃথক, বিচ্ছিন্ন হৈ পৰা

স্বাধীন, স্বতন্ত্ৰ হৈ উঠা

খণ্ড খণ্ড ইউৰোপৰ মানচিত্ৰৰ দৰে;

অকলশৰীয়া হৈ পৰা সকলো সঙ্গৰ পৰা, উন্মাদনাৰ পৰা

আকাশৰ সৰ্বশেষ উদাস পখীটোৰ দৰে,

নিৰ্জন, নিস্তব্ধ মৌন পাহাৰৰ দৰে

অকলশৰীয়া হৈ পৰা

ইমান দূৰলৈ যোৱা যাতে কাৰো মাত

তালৈকে নাযায়

অথবা কোনোৱেই যাতে কেতিয়াও নুশুনে তোমাৰ মাত,

সেই জনশূন্য নিঃশব্ধ দ্বীপৰ দৰে,

নিজৰ ছাঁৰ দৰে, পদচিহ্নৰ দৰে

শূন্যতাৰ দৰে অকলশৰীয়া হৈ পৰা

অকলশৰীয়া হৈ পৰা এই দীৰ্ঘশ্বাসৰ দৰে

অকলশৰীয়া হৈ পৰা

----------------------------

মহাদেৱ সাহা বাংলাদেশৰ স্বাধীনতাৰ পৰৱৰ্তীকালৰ এজন অন্যতম প্ৰধান কবি৷ৰোমাণ্টিক গীতিকবিতাৰ বাবে জনপ্ৰিয়এইজনা কবি জীৱিকাসূত্ৰে এসময়ত সংবাদ সেৱাৰ সৈতে জড়িত আছিল বাংলা একাডেমি পুৰস্কাৰএকুশে পদকআলাওলসাহিত্য পুৰস্কাৰ আদিৰে কবি বিভূষিত৷অনুবাদ আয়োজনৰঅনুমতি সংগ্ৰহত সহায় কৰাৰ বাবে বন্ধু ৰাহাত ৰাব্বানীৰ প্ৰতি অনুবাদক কৃতজ্ঞ৷


No comments:

Post a Comment

তুমি, অমিতাভ

তুমি, অমিতাভ মূলঃ ডঃ তপোধীৰ ভট্টাচার্য (বাংলা) অসমীয়া অনুবাদঃ কুমুদ ঘোষ   তুমি, অমিতাভ, ভুল পথেৰে পাহাৰ আৰু অৰণ্যৰ পৰা সমতললৈ না...