এটা হাত ঘড়ীৰ নেপথ্য কথা
----------------------------
এই হাত ঘড়ীটো মোৰ জীৱনৰ এক বিশেষ সম্পদ । ১৯৯১ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষা দিবলৈ যোৱাৰ দুদিনমান আগত মায়ে দেউতাই গ'ম নোপোৱাকৈ মনে-মনে তেখেতৰ সাঁচতীয়া ধনেৰে কিনি আনি দিছিল । এগৰাকী অতি সাধাৰণ মহিলা মায়ে হাতত ঘড়ীটো দি কৈছিল, 'ঘড়ীটো চাই পৰীক্ষাত উত্তৰ কৰিবি । এটা প্ৰশ্নৰ উত্তৰো যাতে বাদ পৰি নাযায় । আৰু এটা কথা, হাতত ঘড়ী পিন্ধাৰ বাবে উপযুক্ত হৈ নুঠালৈকে হাতত ঘড়ীটো পিন্ধিব নোৱাৰিবি ।' মাৰ কথামতে সেই ঘড়ীটো হাতত পিন্ধা নাছিলোঁ, জেপত থৈছিলোঁ । সময় চাই চাই পৰীক্ষাত উত্তৰ লিখিছিলোঁ । হাইস্কুল পাৰ হৈ অহাৰ পাছত কলেজীয়া জীৱনৰ পাঁচটা বছৰ এই হাত ঘড়ীটো মোৰ জেপতে আছিল । পিন্ধা নাছিলোঁ । বিশ্ববিদ্যালয়ত নাম ভৰ্তি কৰাৰ পাছত মেছৰ পৰা প্ৰথমবাৰ ঘৰলৈ আহোঁতে এদিন মাক ঘড়ীটো হাতত পিন্ধিব পাৰোঁ নে নাই সুধিছিলোঁ । মোৰ জেপৰ পৰা হাত ঘড়ীটো মায়ে নিজ হাতে উলিয়াই আনি মোৰ হাতত পিন্ধাই দিছিল । প্ৰায় ছয়বছৰ দিন মোৰ জেপ শুৱনি কৰা এই হাত ঘড়ীটোৱে সিদিনা প্ৰথমবাৰৰ বাবে মোৰ হাত শুৱনি কৰিছিল । বিশ্ববিদ্যালয়ত পঢ়াৰ দিনতে এনেকৈ প্ৰথম আৰম্ভ কৰিছিলোঁ হাতত ঘড়ী পিন্ধিবলৈ । আজি এই হাত ঘড়ীটো নিষ্ক্ৰিয়; অথচ এই ঘড়ীটোক লৈ মই এক বিশেষ গৌৰৱ অনুভৱ কৰোঁ । সযতনে সাঁচি থোৱা এই হাত ঘড়ীটো হাতত আৰু জেপত লৈ আৱেগিক হৈ পৰোঁ । হাত ঘড়ীটোক মই কি দিলোঁ নাজানো, অৱশ্যে হাত ঘড়ীটোৱে মোক বহুত কিবাকিবি দিলে ।

No comments:
Post a Comment