Friday, September 17, 2021

ছন্দৰীতি

ছন্দৰীতি

------------------------------------------

মূল : মহাদেৱ সাহা (বাংলা)

অসমীয়া অনুবাদ : কুমুদ ঘোষ

-----------------------------------------

তোমালোকৰ কথায় কথায় ইমান ব্যাকৰণ

উঠোঁতে-বহোঁতে তোমালোকৰ ইমান অভিধান,

কিন্তু চঞ্চল নিজৰাৰ কোনো ব্যাকৰণ নাই

আকাশৰ নাই কোনো অভিধান, নাই সমুদ্ৰৰ

ভালপোৱাই নামানে কেতিয়াও ব্যাকৰণ

হৃদয়তকৈ ডাঙৰ কোনো সংবিধান নাই

হৃদয়ে যিখিনি পাৰে সেয়া জাতিসঙ্ঘয়ো নোৱাৰে

কোনো ব্যাকৰণ বুজি নুফুটে গোলাপ

প্ৰেমিকে বাৰু ছন্দ পিন্ধি সম্বোধন কৰেনে ?

নদী চিৰ ছন্দময়, কিন্তু সি জানো ছন্দৰ কিবা জানে,

পখীয়ে গীত গায় কোনখন ব্যাকৰণ মানি ?

তোমালোকেই কোৱা কেৱল ব্যাকৰণ, কেৱল অভিধান !

কোৱাচোন কোনখন প্ৰেমৰ শুদ্ধ কিতাপ, শুদ্ধ ব্যাকৰণ

কোনোবাই কেতিয়াবা বাৰু প্ৰেমৰ চিঠিত সঠিক বানান বিচাৰেনে

কোনোবাই  কেতিয়াবা বাৰু জানিব বিচাৰেনে প্ৰেমালাপ স্বৰত নে মাত্ৰাত ?

নীৰৱ চুম্বনকেই জানো পৃথিৱীৰ শ্ৰেষ্ঠ ছন্দৰীতি

মহাদেৱ সাহা বাংলাদেশৰ স্বাধীনতাৰ পৰৱৰ্তীকালৰ এজন অন্যতম প্ৰধান কবি ৰোমাণ্টিক গীতি-কবিতাৰ বাবে জনপ্ৰিয় এইজনা কবি জীৱিকাসূত্ৰে এসময়ত সংবাদ সেৱাৰ সৈতে জড়িত আছিল বাংলা একাডেমি পুৰস্কাৰ, একুশে পদক, আলাওল সাহিত্য পুৰস্কাৰ আদিৰে কবি বিভূষিত অনুবাদ আয়োজনৰ অনুমতি সংগ্ৰহত সহায় কৰাৰ বাবে বন্ধু ৰাহাত ৰাব্বানীৰ প্ৰতি অনুবাদক কৃতজ্ঞ  

No comments:

Post a Comment

তুমি, অমিতাভ

তুমি, অমিতাভ মূলঃ ডঃ তপোধীৰ ভট্টাচার্য (বাংলা) অসমীয়া অনুবাদঃ কুমুদ ঘোষ   তুমি, অমিতাভ, ভুল পথেৰে পাহাৰ আৰু অৰণ্যৰ পৰা সমতললৈ না...