নিখুঁত অভিনয়
মূল : বিকাশ দে (বাংলা)
অসমীয়া
অনুবাদ : কুমুদ ঘোষ
(বিকাশ
দে-ৰ জন্ম ১৯৫৬ চনত অসমৰ বৰাক উপত্যকাত অৱস্থিত বদৰপুৰ চহৰত । তেখেত বৰ্তমান কৰিমগঞ্জৰ
নিৱাসী । বৰ্তমানলৈকে প্ৰকাশিত গল্প সঙ্কলনৰ সংখ্যা নখন । বিকাশ দে-ৰ সানন্দ অনুমতি
সাপেক্ষে এই গল্পটিৰ অসমীয়া অনুবাদ পাঠকলৈ আগবঢ়ালোঁ । অনুবাদৰ অনুমতি প্ৰদান কৰাৰ
বাবে ব্যক্তিগতভাৱে গল্পকাৰৰ ওচৰত আমি কৃতজ্ঞ ।)
বাথৰূমত
সোমায়েই খোলা চাবোনৰ কেচটোৰ পৰা চাবোনডোখৰ তুলিব লওঁতেই অৰ্ণৱে দেখিলে কেচটোত থকা পানীখিনিয়ে
বগৰা-বগৰি কৰিছে । কাপোৰ ধুবলৈ আহি নিশ্চয় বনকৰা মানুহগৰাকীয়ে অলপ আগেয়ে এই কাণ্ডটো
কৰিলে । মূৰটো গৰম হৈ গ’ল । অথচ কাণ্ডটো মানি ল’বলগীয়া হৈছে । বনকৰা এই মানুহগৰাকীয়েই
এতিয়া তেওঁৰ পৰিয়ালটোৰ একমাত্ৰ ভৰসা ।
আন এদিনৰ কথা । বজাৰৰ পৰা উলটি আহি দেখিলে উদং ঘৰখনত
চিলিং ফেনখন ফুলস্পিডত অকাৰণত ঘূৰিয়েই আছে । ল’ৰা স্কুলত, ছোৱালীহঁত কলেজত ।
বহুপৰৰ পাছত বনকৰা মানুহগৰাকী ঘৰত সোমাব লওঁতেই
অৰ্ণৱে ক’লে,‘ক’লৈ গৈছিলা ?’ মানুহগৰাকীয়ে উত্তৰ দিলে,‘কাষৰ ঘৰৰ নবৌগৰাকীক চাবলৈ গৈছিলোঁ
। কেইবাদিন ধৰি খুব জ্বৰ ।’
অৰ্ণৱে ক’লে,‘উদং ঘৰখনত চলি থকা ফেনখনৰ চুইচটো অফ নকৰাকৈ, সমুখৰ
দৰজাখন বন্ধ নকৰাকৈ …।’
মানুহগৰাকীয়ে অতি সহজভাৱে ক’লে,‘মন নকৰিলোঁ ।’ এয়া কিনো এনে
ভুলটো হ’ল ।
অৰ্ণৱে একো নক’লে । এওঁলোকক একেটা কথাকে বাৰেপতি কৈ থাকিয়ো
লাভ নহয় । বনকৰা মহিলাগৰাকীৰ এনে খামখেয়ালি স্বভাৱ, অসতৰ্ক চাল-চলনে তেওঁক তেওঁৰ পত্নীৰ
কথালৈ বৰকৈ মনত পেলাই দিলে ।
অৰ্ণৱহঁতে সংসাৰখন বঢ়ালে । বিয়াৰ দুবছৰ হ’ল কি নহ’ল অথচ যমজ
কন্যাসন্তানৰ জন্ম । আৰু তিনি বছৰৰ মূৰত শৰ্মিলাই এটি পুত্ৰ সন্তানৰ আশাত স্বামীক হেঁচা
দিবলৈ আৰম্ভ কৰিলে । অৰ্ণৱৰ ইচ্ছা নাছিল । কিন্তু ঘোৰ আপত্তিয়ো নাছিল । ভগৱন্তই শৰ্মিলাৰ
প্ৰাৰ্থনা শুনিলে । কোলালৈ ল’ৰাৰ আগমন ঘটাত তাই ভীষণ সুখী হ’ল । হঠাৎ উৎসাহ কেইবাগুণো
বাঢ়িল । সংসাৰখন থানথিত লগাবলৈ তাই ব্যস্ত হৈ পৰিল । মাত্ৰ কেইবছৰমানৰ ভিতৰতে ভাড়াঘৰ
এৰি পৰিপাটীকৈ সজোৱা নিজৰ ঘৰখনলৈ গুচি আহিল । নতুন ঘৰখনৰ একাংশ ভাৰালৈ দি উপাৰ্জনৰ
আন এটা বাট মুকলি কৰি ল’লে । এইক্ষেত্ৰত শৰ্মিলাৰ আগ্ৰহ আৰু চেষ্টাই আছিল অধিক । অৰ্ণৱে
ৰাজ্য চৰকাৰৰ অধীনত এটি ভাল চাকৰিয়েই কৰে । স্বাচ্ছন্দ্য নাথাকিলেও তেওঁলোকৰ সংসাৰত
অভাৱ-অনাটন বৰ বিশেষ নাছিল । তেওঁলোকৰ ল’ৰা-ছোৱালীকেইটা কোনো ক্ষেত্ৰতে অশান্তিৰ কাৰণ
হৈ উঠা নাছিল । আজিকালি এই কথা বিৰল ।
সংসাৰত শান্তি বিৰাজ কৰিলে লক্ষ্মীদেৱীও সুখী হয় । দাম্পত্য
জীৱনত স্বামী-স্ত্ৰীৰ মাজত সৰু-সুৰা বিষয়কলৈ মতানৈক্য হ’বও পাৰে । কেইজনমান সেইবোৰ
লৈয়েই সংসাৰ যাত্ৰাত বছৰৰ পাছত বছৰ আগবাঢ়িব লগা হয় । শৰ্মিলাৰ সৈতে এই জীৱনত তেওঁৰ
কেতিয়ানো মতানৈক্য, কাজিয়া হৈছে সেই কথা মনত পেলাবলৈ যত্ন কৰিয়ো ভাগ্যৱান অৰ্ণৱে সঠিককৈ
মনত পেলাব পৰা নাই । প্ৰেম বিবাহ নহয়, দুয়োজনৰ ঘৰৰ মানুহে ঠিক কৰা বিবাহ । অথচ কি যে
আচৰিত ধৰণৰ বুজাপৰা । অনেকৰ বাবেই এয়া ঈৰ্ষণীয় বিষয় । বুকুভৰাই দুয়োজনেই ভালপোৱাৰ অক্সিজেন
ল’বলৈ সক্ষম হৈছে । এদিনাখন ব্লেডেৰে নখ কাটিবলৈ লওঁতে অৰ্ণৱৰ আঙুলি এটাৰ অলপমান কাটিছিল
। তেজ ওলাল কি নোলাল, শৰ্মিলা কেংকেঙাই উঠিল । তাৰ পাছত কি যে হুলস্থুল কাণ্ড । অৰ্ণৱ
সহজে মান্তি নোহোৱাত, তাই তেওঁক জোৰজবৰদস্তি ফাৰ্মাচি এখনলৈ নি টিটেনাচ ইনজেকশ্বন এটা
দিয়ালে, তাৰ পাছতহে তেওঁ নিস্তাৰ পালে । আন এদিনাখনৰ কথা, অফিচৰ জৰুৰী মিটিং এখন সামৰি
ঘৰলৈ উলটি আহোঁতে অৰ্ণৱৰ যথেষ্ট ৰাতি হ’ল । ঘৰ পায়েই দেখিলে নোখোৱা-নোবোৱাকৈ শৰ্মিলাই
তেওঁৰ বাবে অপেক্ষা কৰি আছে । চকুৱে-মুখে উৎকণ্ঠাৰ ভাব । এনে ধৰণৰ আৰু বহু ঘটনা আছে
। সেইবোৰ শুনাত অতি সাধাৰণ যেন লাগিলেও কিন্তু ভালপোৱাৰে সমৃদ্ধ ! সেয়া কেৱল স্বামী-স্ত্ৰীয়েহে
বুজি পাব । এইবোৰ কথা কাকো কৈ বুজাব নোৱাৰি । এইবোৰ ঘটনা মনত পৰিলেই কান্দোন এটাই তেওঁৰ
ডিঙিটো সোপা মাৰি ধৰে ।সুখৰ স্মৃতি সঁচাকৈ বৰ বেদনাদায়ক ।
(২)
মাত্ৰ পোন্ধৰ-ষোলদিন ধৰি শৰ্মিলাৰ বুকুত বিষ । দুজন চিকিৎসকক
দেখুৱাই ঔষধ লৈয়ো বিষ কমা নাই । তাৰ পাছত এজন অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শমতে অৰ্ণৱে পত্নীক
বাহিৰলৈ নি দেখুওৱাৰ যাৱতীয় প্ৰস্তুতি চলাইছে । কিন্তু শৰ্মিলাই তেওঁক কোনো সুযোগেই
নিদিলে । এদিন ৰাতি হঠাৎ নিঃশব্দে …। মাজবাটতে গিৰীয়েকক অকলশৰে এৰি তাই গুচি গ’ল ।
সকলো কথাতে খৰধৰ স্বভাৱৰ বোৱাৰীজনী মাত্ৰ একাৱন্ন বছৰ বয়সতে সকলোৰে মাজৰ পৰা বিদায়
ল’লে । এই বেদনা অৰ্ণৱে কোনোমতে সহিব পৰা নাই । সহিব নোৱৰাৰ কাৰণ হয়তো ঘটনাৰ আকস্মিকতাত,
হয়তো পৰস্পৰৰ প্ৰতি থকা গভীৰ ভালপোৱাত । নহয়, সঠিককৈ কোৱা টান । আচলতে উভয় কাৰণৰ ৰসায়নৰ
ফলতে অৰ্ণৱ একেবাৰে ভাগি পৰিছে । ক’ব পাৰি দিশহাৰা । মৃত্যু সঁচাকৈ নিষ্ঠুৰ । প্ৰিয়জনৰ
মৃত্যু তাতকৈয়ো নিষ্ঠুৰ । ঘন কুঁৱলিৰে আৱৰা জীৱনৰ খলা-বমা দীৰ্ঘ বাটেদি তেওঁ এতিয়া
অকলশৰীয়াকৈ আন কোনো সহায়ক চালক বিহনেই গাড়ী চলাব লগা হৈছে । ভাগ্যৰ পৰিহাস ।
(৩)
এদিনাখন আলমাৰিৰ পৰা অৰ্ণৱে কামিজ এটা উলিয়াবলৈ লওঁতেই ৰঙীন
খাম এটা মজিয়াত পৰিল । মজিয়াৰ পৰা তুলি দেখিলে ঠিকনাটো অচিনাকি । শৰ্মিলাই বোধ হয় কাৰোবালৈ
পঠিয়াবলৈ থৈছিল । প্ৰথমে ভাবিলে, কোনোবা আত্মীয়-স্বজন বা পৰিচিত কাৰোবালৈ পঠিয়াবলৈ
লেখা চিঠি । কিন্তু মৃত্যুৱে তাইক কাঢ়ি নিলে । চিঠিখন পঠোৱা নহ’ল । কেই মুহূৰ্তমানৰ
পাছত মনত পৰিল, আত্মীয়-স্বজন বা পৰিচিত কোনোবাজন হোৱা হ’লে খামৰ ওপৰত লেখা নামটো তেওঁৰ
অপৰিচিত হোৱাৰ কথাই নাহে । তেনেহ’লে কোননো ? কৌতূহল দমাব নোৱাৰি তেওঁ খামটো ফালি চিঠিখন
উলিয়াই পঢ়িবলৈ আৰম্ভ কৰিলে –
‘মৃদুলদা, এইখনেই হয়তো আপোনালৈ লেখা মোৰ অন্তিমখন চিঠি । মনে
তেনে কথাই কৈছে । শাৰীৰিক অৱস্থা দিনকদিনে বেয়াৰ ফালে ঢাল খাইছে । চিকিৎসকক দেখুৱাইও
একো ফল ধৰা নাই । হয়তো আৰু কোনোদিনেই চিঠি বা ফোনেৰে আপোনাৰ সৈতে যোগাযোগ কৰিব নোৱাৰিম
। স্বামীক প্ৰায় সকলোখিনিয়েই দিলোঁ । কিন্তু সঁচা কথা ক’বলৈ গ’লে তেওঁক কেৱল মনটোহে
দিব নোৱাৰিলোঁ । মন যে মাত্ৰ এটাই …।’
ঊৰ্ধশ্বাসত চিঠিখন পঢ়ি অৰ্ণৱ হতভম্ব হৈ পৰিল । তাৰিখটো চাই
ধৰিব পাৰিলে, মৃত্যুৰ মাথোঁ তিনিদিন পূৰ্বে লেখা চিঠি । হঠাৎ হোৱা এনে এক প্ৰচণ্ড বিস্ফোৰণৰ
ফলত তেওঁ চকুৰে চৌদিশ কেৱল ধোঁৱা-কোঁৱা দেখিছে । স্থিৰ হ’বলৈ তেওঁক যথেষ্ট সময় লাগিল
।
গোপন ভাইৰাচে সংসাৰখন যাতে অচল কৰি নেপেলায় সেই কথা ভাবিয়েই
বাৰু শৰ্মিলাই দুকুৰি পাঁচ বছৰীয়া দাম্পত্য জীৱনত স্বামীৰ সৈতে কেৱল ভালপোৱাৰ অভিনয়
কৰি গ’ল নেকি ? বিবাহিত হৈয়ো পৰপুৰুষৰ প্ৰতি আসক্ত প্ৰয়াত পত্নীৰ কথা ভাবি ভাবি তেওঁৰ
বুকুখন গধুৰ হৈ পৰিল ।
এইখন যেন চিঠি নহয় । তেওঁৰ বাবে চাবুক । শৰ্মিলাৰ কথা মনত পৰিলেই
প্ৰতিশোধ লোৱাৰ যন্ত্ৰণাত তেওঁ ছটফটাবলৈ ধৰে । ধাৰণা হয়, যেন অসংখ্য মৌমাখিয়ে তেওঁৰ
মূৰত বিন্ধিছে । দিনৰ বেলিকা তেওঁ অফিচত । ল’ৰা-ছোৱালীহঁত স্কুল-কলেজত । ঘৰখনত শৰ্মিলা
অকলশৰীয়া । অবাধ সুযোগ । চিঠিখন পঢ়ি এই কথা বুজিব পৰা গৈছে, এই অবৈধ সম্পৰ্কটো সুদীৰ্ঘ
কেইবাবছৰ ধৰি ৰমৰমীয়াকৈ চলি আছিল । ল’ৰা-ছোৱালীকেইটাৰফালে তেওঁ তন্ন তন্নকৈ নাচায়
! যদি কেনেবাকৈ সিহঁতৰ চেহেৰাত তেওঁৰ কোনো ছাপ দেখা নাপায় ?
(৪)
কেইদিনমানৰ পৰা অৰ্ণৱৰ অন্তৰত প্ৰশ্ন হৈছে, কিয় বাৰু বুদ্ধিমতী,
সদাসতৰ্ক শৰ্মিলাই চিঠিখন কাৰো হতুৱাই প’ষ্ট নকৰি ইচ্ছাকৃতভাৱে আলমাৰিত কাপোৰৰ জাপৰ
মাজত থৈ দিছিল ? এদিন যাতে অৰ্ণৱৰ চকুত পৰে । চিঠিখন পঢ়াৰ পাছত তাইক বিশ্বাসঘাতক বুলি
ভাবে । এয়াই হয়তো তাই বিচাৰিছিল । অর্ণৱে তাইক যে কিমান গভীৰভাৱে ভাল পাইছিল, সেই কথা
তেওঁৰ বাহিৰে আন কোনেনো জানে ? পত্নীৰ অকাল বিয়োগৰ বেজাৰত মানসিকভাৱে কাতৰ হৈ পৰাটোৱেই
স্বাভাৱিক । কিন্তু চিঠিখন পঢ়াৰ পাছত আন যিয়েই হওঁক, পত্নীৰ প্ৰতি ওপজা ঘৃণাৰ পৰা
তেওঁ অতি সোনকালে স্বাভাৱিক জীৱনলৈ উলটি আহিব পাৰিব । মাতৃহীনা সন্তানকেইটাৰ লগতে অৰ্ণৱৰ
বাবে যিটো কথা অতিকে জৰুৰী ।
মনলৈ অহা কথাবোৰ তেওঁ কোনোপধ্যেই আঁতৰাই পঠাব পৰা নাই । বৰং
ক’ব পাৰি তেওঁক খুলি খুলি খাইছে । এনেকুৱা অভিনয়ো কৰিব পাৰিনে ? ***
No comments:
Post a Comment