নগৰীয়া বাঘ
মূল
: জ্যোতিৰ্ময় সেনগুপ্ত (বাংলা)
অসমীয়া
অনুবাদ : কুমুদ ঘোষ
(জ্যোতিৰ্ময়
সেনগুপ্তৰ জন্ম ১৯৬৭ চনত গুৱাহাটীত । অসমৰ বাংলা লিটল মেগেজিনত প্ৰকাশিত চুটিগল্পৰ
বিষয়ে গৱেষণা কৰি সম্মানীয় পি এইচ ডি লাভ কৰে । ‘অসমেৰ বাংলা লিটল মেগেজিনঃ ছোটোগল্প চৰ্চাৰ
প্ৰেক্ষাপট ও ক্ৰমবিকাশ’ তেখেতৰ গৱেষণাৰ ফচল । প্ৰকাশিত প্ৰথমখন গল্প সঙ্কলন ‘শিকড়েৰ
নথিপত্ৰ’ । তেখেতৰ সম্পাদনাত প্ৰকাশিত হৈছে ‘হৰিপ্ৰসন্ন পালেৰ নিৰ্বাচিত গল্প’ আৰু
‘দহনকালেৰ কথকতা’ । যথেষ্ট সংখ্যক অসমীয়া গল্প বাংলা ভাষালৈ অনুবাদ কৰিছে । বাংলা ভাষালৈ
অনূদিত আৰু সাহিত্য অকাদেমিৰ দ্বাৰা প্ৰকাশিত ‘লক্ষ্মীনাথ বেজবৰুয়াৰ নিৰ্বাচিত ৰচনা’
সঙ্কলনত অন্তৰ্ভুক্ত ‘পদুম কুওঁৰী’ উপন্যাসখনৰ অনুবাদ জ্যোতিৰ্ময় সেনগুপ্তৰ ।গল্পকাৰৰ
অন্যান্য গ্ৰন্থসমূহ হ’ল – নিৰ্বাচিত প্ৰবন্ধ (প্ৰবন্ধ সংগ্ৰহ), ফেল-নিৰোধক পিল (ব্যঙ্গ
ৰচনা), আয়লো গুটি যায়লো গুটি (অসমীয়া নিচুকণি গীতৰ অনুবাদ), নাৰীৰ কলমে নাৰী (প্ৰবন্ধ)
। বৰ্তমানৰ গল্পটি গল্পকাৰৰ সানন্দ অনুমতি সাপেক্ষে অনুবাদ কৰা হ’ল । অনুবাদৰ অনুমতি প্ৰদান কৰাৰ বাবে আমি লেখকৰ ওচৰত কৃতজ্ঞ ।)
ফ্লাইঅভাৰৰ
তলৰ ৰাস্তাৰ কেঁকুৰিটো ঘূৰোঁতেই ধোনিক দেখা গ’ল । হয়, সমুৰ অলপো ভুল হোৱা নাই । চলন্ত
গাড়ীৰ পৰা যদিও মাত্ৰ কেই মুহূৰ্তমানৰ বাবে দেখা, তথাপি তাৰ চকুৱে খেলিমেলি দেখা নাই
। সুদক্ষ ক্ৰিকেট অধিনায়ক ধোনিয়ে কৈয়েই আছে,‘বাঘ বচাওক, ভাৰত বচাওক ।’
এনেধৰণৰ
আন বহুকেইটা বিজ্ঞাপনৰ প’ষ্টাৰ অ’ত-ত’ত আঁৰি থোৱা আছে । উদ্দেশ্য নগৰৰ মানুহখিনিক সচেতন
কৰা । সমুৱে ভাবিলে, সঁচাইচোন – চল্লিছৰ হাজাৰৰ পৰা কমি কমি যদি সংখ্যাটো গৈ মাত্ৰ
হাজাৰ বা তাতকৈয়ো কমত ৰয়গৈ, তেনেহ’লে বিষয়টো যথেষ্ট চিন্তনীয়ই । আন নহ’লেও অন্ততঃ পৰিৱেশবিদসকলৰ
বাবে । কালি নেহৰু পাৰ্কৰ টাইগাৰ পইণ্টটো উদ্বোধন কৰিবলৈ লওঁতে যেতিয়া মি. পাৰিখে কথাবোৰ
কৈছিল, তেতিয়া ধাৰণা হৈছিল সমুখত সঁচাকৈয়ে ভীষণ বিপদ । জাভা, বালি ইত্যাদি দ্বীপবোৰত
বাঘ কোন কাহানিবাই নিশ্চিহ্ন হ’ল । সুমাত্ৰা, ছাইবেৰিয়াতো সিবিলাক নিশ্চিহ্ন হোৱাৰ
পথত । যিখিনি আছেগৈ সেয়া কেৱল ভাৰত আৰু চীনত । এতিয়াই যদি ইহঁতক বচোৱা নহয় তেনেহ’লে
পৃথিৱীৰ চেহেৰাই বোলে এদিন সলনি হ’ব । তাহানিতে স্কুলত পঢ়া কথাবোৰলৈ সমুৰ মনত পৰিল
– বাঘ নাথাকিলে তৃণভোজীৰ দপদপনি হ’ব, ঘাঁহ-পাত সকলোখিনি সিহঁতে খাই অঁতালে মানুহ জীয়াই
নাথাকিব । সেয়ে বোধকৰোঁ সমগ্ৰ পৃথিৱীত বাঘ বচোৱাৰ বাবে আয়োজিত হৈছে বিশাল যজ্ঞৰ ।
কালিৰ সভাখনত চিৰিয়াখানাৰ মুৰব্বী বিষয়াজনৰ পৰা
আৰম্ভ কৰি অনেক সম্ভ্ৰান্ত লোক উপস্থিত আছিল । কিমান যে কথা । পাৰ্কৰ ভিতৰত যিসকল লোক
শিশুসকলক লগত লৈ বা পৰিয়ালৰ সদস্যসকলৰ সৈতে ঘূৰি ফুৰিছিল তেওঁলোকো সভা আৰম্ভ হোৱাৰ
পাছত এজন এজনকৈ চামিয়ানা দিয়া মঞ্চৰ কাষত আহি সমৱেত হৈছিল । লহিয়াবলৈ ধৰা বেলিৰ পোহৰত
পাৰ্কৰ অ’ত-ত’ত কেইযোৰামানহে সদ্য বিবাহিত বা অবিবাহিত ডেকা-গাভৰু বহি আছিল । সমুৰ
ডিঙিত কেমেৰাটো ওলমি আছিল । সিয়ো তেওঁলোকৰ মাজতে আছিল । ততালিকে কেইটামান স্নেপ আৰু
তিনি কলম মানৰ ৰিপ’ৰ্ট এটা সম্পাদকৰ টেবুলত জমা দিব পাৰিলেই তাৰ সেইদিনাৰ ডিউটি শেষ
। বাঘ বাচিল নে মৰিল তাত তাৰ একো নাহে বা নাযায় । সম্পাদক নামৰ বাঘটোৰ হাতৰ পৰা বাচিব
পাৰিলেই যথেষ্ট ।
সেয়ে মঞ্চত উপৱিষ্টসকলৰ যিয়ে যি কৈছে তাৰ এটি টোকা
লিখাৰ বাবে সি সেউজীয়া ঘাঁহনিডৰাৰ ওপৰতে বহি ল’লে । তাৰ ওচৰতে এখন ঝুলনা আৰু সেইটোক
কেন্দ্ৰ কৰি মাক আৰু ল’ৰা-ছোৱালীবোৰৰ ভিৰ । এটি শিশুৱে মাকক এনেদৰে প্ৰশ্ন সুধি বিৰক্ত কৰা সমুৱে শুনা
পালে,‘অ’ মা, সেই আঙ্কলজনে কিনো কৈছে ? বাঘ মানেনো কি ?’ মাকে তাক বুজাইছে,‘আঙ্কলজনে
টাইগাৰৰ কথা কৈছে । তুমি জাঙ্গল বুকচত শ্বেৰ খানক দেখিছা নহয় ।’ ‘শ্বেৰ খানে কিনো কৰিলে
? আঙ্কলজনে শ্বেৰ খানক গালি পাৰিছে নেকি ? শ্বেৰ খান ইয়ালৈ আহিব নেকি ? শ্বেৰ খানক
তেওঁলোকে মাৰি পেলাব নেকি ?’ ইত্যাদি নানান প্ৰশ্নৰে শিশুটিয়ে তাৰ মাকক বিব্ৰত কৰি
তুলিছিল । অৱশেষত মহিলাগৰাকীয়ে ধমক দি ক’লে,‘মনে মনে থাকা । নহ’লে সেই যে টাইগাৰ দুটা
দেখিছা, সিহঁত দুটা আহি তোমাক কামুৰিব, তেতিয়া বুজি পাবা ।’
সমুৱে ভদ্ৰমহিলাগৰাকীৰফালে চাই আছিল । মহিলাগৰাকীৰ
কথা শুনি চামিয়ানা দিয়া মঞ্চখনৰফালে চাই দেখিলে সঁচাকৈয়ে মঞ্চৰ দুয়োকাষে দুটা বাঘ থিয়
হৈ আছে । দূৰৈৰ পৰা চাই বুজি পোৱাৰ কোনো সাধ্য নাই বাঘ দুটা আচল নে নকল । ধাৰণা হ’ল,
এতিয়াই যেন গোঁজৰণি মাৰি জঁপিয়াই দিব …। জঁপিয়াই দিবও পাৰে । টেকন’লজিৰ সুবাদত পুতলাৰ
যোগেদি আজিকালি কত কি যে কৰা হয় ।
মি. পাৰিখে কৈ আছিল,‘সেই দুটা এতিয়াৰ পৰা নেহৰু
পাৰ্কতে থাকিব । ল’ৰা-ছোৱালীহঁতক ঠিক যেনেকৈ মনোৰঞ্জনো দিব তেনেকৈয়ে ৰাইজক বাঘ সংৰক্ষণৰ বিষয়ে সচেতনো কৰিব পাৰিব ।’
সমুৱে ভাবিলে, ভাগ্য ভাল এই দুটা পুতলা । সেয়ে পাৰ্কত
থাকিলে কোনো অসুবিধা নহয় । নহ’লে সাধাৰণ মানুহৰ সচেতনতা বৃদ্ধি দূৰৰে কথা, প্ৰাণৰ ভয়ত
সকলো মানুহ পাৰ্ক এৰি পলাব । ৰিপ’ৰ্টত তেওঁ পাৰিখৰ এই পৰিকল্পনাৰ কথা বিস্তৃতভাৱে লিখিলে
ঠিকেই, কিন্তু ইয়াৰ ফলত সচেতনতা কিমানখিনি বাঢ়িব তাক লৈ তেওঁৰ মনত সন্দেহ এটাও ৰৈ
গ’ল । অৱশ্যে আমোদ যে পূৰামাত্ৰাই দিব সেই বিষয়ত সমুৰ মনত কোনো সন্দেহ নৰ’ল । সেয়ে
থাউকতে নেহৰু পাৰ্কৰ এণ্ট্ৰি ফি বঢ়োৱাৰ কথাষাৰো পাঠকক অৱগত কৰিলে, আজিৰ কাকতত সেই
ৰিপ’ৰ্ট ছপা হৈছে ।
অনুষ্ঠানৰ শেষত সমুৱে অন্যান্য সাংবাদিকসকলৰ সৈতে
মি. পাৰিখক বাইট এটা দিবলৈ জোৰ দি ধৰিলে । হাঁহি হাঁহি মি. পাৰিখে যিখিনি কথা ক’লে
তাৰ মূল বক্তব্যখিনি এনেধৰণৰ – কেইদিনমানৰ ভিতৰতে পাৰ্কলৈ আৰু কেইটামান বাঘ অনা হ’ব
। সিহঁতবোৰে ল’ৰা-ছোৱালীবোৰৰ সৈতে কৰমৰ্দন কৰিব, ল’ৰা-ছোৱালীবোৰক চকলেট দিব । টকিং
টাইগাৰবোৰে সিহঁতৰ সৈতে কথা পাতিব । সমুৱে মি. পাৰিখক সুধিলে,‘টকিং টাইগাৰবোৰে বাৰু
এবাৰেই গোঁজৰণি মাৰিব নেকি ?’ মি. পাৰিখে ক’লে,‘নহয়, নহয় । একেবাৰে চিম্পল এমিউজমেণ্ট
। কম্পিউটাৰত ডাটা ফিটিং হৈ থাকিব, ল’ৰা-ছোৱালীবোৰে বাঘৰ সৈতে হেণ্ডচেক কৰিলেই সেয়া
শুনিবলৈ পাব । ল’ৰা-ছোৱালীবোৰে যাতে ভয় নাখায় তাৰ বাবে ইচ্ছা কৰিলে ডাঙৰ সকলেও কৰমৰ্দন
কৰিব পাৰিব ।’ তাৰ পাছত অলপমান চকু টিপিয়াই ক’লে,‘চাই থাকক, আৰু কিমান এমিউজমেণ্টৰ
ব্যৱস্থা কৰি আছোঁ । আমাৰ কোম্পানীৰ এই টাইগাৰ প্ৰজেক্ট হ’ল এক সাংঘাতিক কাৰবাৰ । সৱ
হাৰ্ট-টাচিং এডভাৰটাইজমেণ্ট । এইবোৰ দেখি ৰাইজ চমকিত হ’ব, অনেক চাৰপ্ৰাইজ আছে । আপোনালোকে
লিখি ল’ব পাৰে, আমাৰ কোম্পানীয়ে এই প্ৰজেক্টত টেন টু ফিফটিন ক্ৰ’ৰচ খৰচ কৰিছে । ইয়াৰ
পৰা যিখিনি ৰিটাৰ্ণ আহিব তাৰ পৰাই চেণ্ট্ৰেল গৱৰ্ণমেণ্ট আৰু ৱৰ্ল্ড টাইগাৰ প্ৰজেক্টক
ফাণ্ডিং কৰা হ’ব । বাঘ বচোৱাৰ বাবে ৰেণুজীয়ে ফিল্ম ষ্টাৰসকলক, ক্ৰিকেটাৰসকলক চিঠিৰে
আৱেদন-নিৱেদন কৰি টকা আনিছে আৰু এডপ্ট কৰোৱাইছে ঠিকেই, কিন্তু তেনেকৈ আৰু কিমানদিন
চলিব । অল্টাৰনেটিভ কিবা এটা ভাবিবই লাগিব, কমন পিপুলকো ইনভলভ কৰাব লাগিব ।’
সমুৰ চকুত পৰিল, বাঘ দুটাৰ শৰীৰত মি. পাৰিখৰ কোম্পানীৰ ল’গ’
লগোৱা আছে । তাত দিয়া ফাষ্টফুড কৰ্ণাৰখনৰ চকলেটৰ পৰা কাটলেটলৈ সকলোতে কোম্পানীৰ গোন্ধ
মলমলাই আছে । অপেনিং ডে বুলি প্ৰথমদিনা ফ্ৰি । চেলচ গাৰ্লৰ হাত বাগৰি অহা দুটা চকলেট
সমুৰ পকেটত জমা হ’লহি । তাৰে এটা চোবাই থাকোঁতে সমুৱে আকৌ ধোনিক দেখা পালে । ইলেকট্ৰিক
প’ষ্ট এটাত ওলমি আছে । ধোনিৰ ফটোখনৰ কাষতে বাঘৰ যিখন ফটো দিয়া হৈছে, সেইটোৱেই বাৰু
তেওঁৰ পোষ্যপুত্ৰ অগস্ত্য নেকি ? ধোনিয়ে বাৰু কেতিয়াবা তেওঁৰ এই পশুপুত্ৰক চাবলৈ যোৱাৰ
সুযোগ পাইছেনে ? অৱশ্যে সেয়া তেওঁৰ পুত্ৰ হ’লেও চুই মেলি চোৱাৰ সুযোগ এই দত্তক প্ৰথাত
নাই । কেৱল পশুপালনৰ বাবে প্ৰয়োজনীয় মুঠ টকাখিনি পালেই কৰ্তৃপক্ষ আনন্দিত । এয়া যেন বাপেক থাকিয়ো নথকাৰ নিচিনা । বনৰ ৰজাৰ কি যে দুৰ্দশা !
এইবোৰ সাত-পাঁচ ভাবি ভাবিয়েই সমুৱে নিজৰ সৈতে কথা পাতি থাকিল
। হঠাৎ সম্বিৎ ঘূৰাই পোৱাত দেখিলে যে বাছখন বহুপৰ ধৰি লৰচৰ কৰা নাই ।
গণেশগুৰি বজাৰৰ এইফালটো এনেয়েই কনজাষ্টেড । প্ৰয়োজনৰ
তুলনাত বাটটো যথেষ্ট সৰু । তাতেই আকৌ তিনি-চাৰিটা লাইন হৈছে । ইয়াৰ উপৰি স্কুটাৰ-বাইকবোৰতো
আছেই । বিপৰীত দিশৰ পৰা অৱশ্যে ধীৰ গতিত গাড়ী-মটৰবোৰ চলিছে । দুই-তিনি মিনিটমানৰ পাছত
সেয়াও বন্ধ হ’ল । জঘন্য এক অৱস্থা । ক’ৰবাত আকৌ একো গণ্ডগোল হোৱা নাইতো ! পুটুককৈ সমুৱে
এবাৰ হাতঘড়ীটোত চকু ফুৰালে – বাৰটা দহ । এনেয়েই অফিচলৈ দেৰি হৈছে । এই ভিৰত আৱদ্ধ
হৈ পৰিলে চাকৰিৰ বাৰ বাজিব । সম্পাদকজন একেবাৰে ৰয়েল বেঙ্গল টাইগাৰ । তেওঁৰ হাতোৰাৰ
পৰা বাচিবলৈ হ’লে এই অস্বাভাৱিক ভিৰৰ বিষয়ে ৰিপ’ৰ্ট এটা প্ৰস্তুত কৰাই ভাল হ’ব । নামি
গৈ তেনেহ’লে এই ভিৰৰ কাৰণটোনো কি জনা দৰকাৰ । কাৰণটোৰ শুং-সূত্ৰ উলিয়াব পাৰিলে দুই-চাৰিজন
পদচাৰীৰ বাইট ল’লে ৰিপ’ৰ্টটোত খাপ খাই পৰিব ।
বাছৰ ষ্টেপত ভৰি থওঁতেই হৈ-চৈৰ শব্দ শুনা গ’ল ।
মুখখন বাহিৰলৈ উলিয়াই চাওঁতেই সমুৱে দেখিলে এদল মানুহ এইফালেই দৌৰি আহিছে – সম্ভৱত
তেওঁলোকৰ পিঠিত পুলিচৰ লাঠীৰ কোব পৰিছে । খৰধৰকৈ নামি সিয়ো জনতাৰ ভিৰৰ মাজত মিলি গ’ল
।
(২)
আন দিনবোৰৰ
দৰেই ৰতনহঁতৰ আজিৰ দিনটোও আৰম্ভ হৈছিল । চাইকেলৰ পিছফালৰ কেৰিয়াৰৰ দুকাষে ডাঙৰ ডাঙৰ
ড্ৰাম দুটা বান্ধি ঠেলি ঠেলি পাহাৰৰ ওপৰৰ পৰা তললৈ নমাই অনা । খুঁটিৰ গাখীৰ ড্ৰামবোৰত
ভৰাই কল’নিৰফালে যাত্ৰা । এটা ড্ৰাম মিঠাইৰ দোকানত আৰু আনটো ড্ৰাম মাহেকীয়া হকাৰবোৰক
বিতৰণ কৰি প্ৰায় এঘাৰমান বজাত বজাৰৰ পৰা শাক-পাচলি কিনি পুনৰ চাইকেল ঠেলি ঠেলি পাহাৰত
উঠা ।
অদ্ভূত
এক ভৌগোলিক পেটাৰ্ণত ৰতনহঁতৰ ঘৰখন ৰৈ আছে । ওপৰত তাৰ বৃদ্ধ মাক-দেউতাক আৰু এজন ভায়েক
ঘৈণীয়েকৰ সৈতে থাকে আৰু তলত তাৰ নিজৰ সংসাৰ । পোনে পোনে বহুখিনি বাট উঠাৰ পাছত সৰু
পাহাৰীয়া বাটটোৰ বাওঁফালে ঘূৰিলেই শিল এচটাৰ আঁৰত ৰতনৰ ঘৰখনৰ পৰিস্কাৰ চোতাল । পাহাৰৰ
একেবাৰে গাতে লাগি আছে তাৰ দুই খোটালিৰ এখন এচলীয়া ঘৰ, গাধৈৰ বেৰা আৰু ওপৰত টিনপাট
। ঘৰৰ কাষতে ওলমাই থোৱা আছে এটা শকত নল । সেইটোৰে নিজৰাৰ পানী ওপৰৰ পৰা বৈ আহি তলৰ
চৌবাচ্চাটোত পৰে । নিজৰাটো আছে পাহাৰৰ আন এটা ঢালত । তাৰ কাষতেই ৰতনহঁতৰ ওপৰৰ ঘৰটো
। সেই ঘৰটোলৈ যাব লগা হ’লে ৰতনৰ চোতাল গৰকি আৰু এটা কেঁকুৰি ঘূৰি ওপৰলৈ উঠিব লগা হয়
। তাতো দুখন ঘৰ । অৱশ্যে তুলনামূলকভাৱে বেছি ঠাই থকাৰ বাবে ৰতনে ছাগলীৰ গঁৰালটো ওপৰতেই
সাজিছে । সেইটোও গাধৈৰ বেৰাৰে ঘেৰা । নিজৰাটো তাৰ কাষতেই । শীতকাল বাবেই সিমান পানী
নাই । ওৰেদিন টোপটোপকৈ পানী পৰে ।
ছাগলীৰ
গঁৰালটোৰ কাষতে পাহাৰৰ গাত লগাকৈ সৰু ঠাই এডোখৰ টিনৰ টুকুৰাৰে ৰতনে ঘেৰি দিছিল । সেয়াই
হ’ল সেই ঘৰখনৰ মহিলাসকলৰ বাথৰূম । সাধাৰণতে কাহিলিপুৱাতে মহিলাসকলৰ কোনোৱেই গা নুধুৱে
। ৰন্ধা-বঢ়া কৰিহে বেলিকৈ গা-পা ধুৱে ।
ৰতনৰ
ঘৈণীয়েক লছমি আজি মাকৰ ঘৰলৈ যাব । ৰতনৰ সৈতে ওলাই যাব বুলিয়েই কাহিলিপুৱাতে গা ধুবলৈ
গৈছে । বাথৰূমৰ দুৱাৰত আঁৰি থোৱা চটিকাপোৰৰ পৰ্দাখন দাঙিয়েই চিঞৰ । তাৰ পৰা, এক দৌৰত
আহিয়েই শাহুয়েকৰ বিছনাত উঠি চিঞৰিবলৈ আৰম্ভ কৰিলে,‘দৰজা বন্ধ গৰনুচ, দৰজা বন্ধ গৰনুচ’
।
ৰতনে
মাত্ৰ চাইকেলত গাখীৰৰ ড্ৰাম দুটা বান্ধিছিলহে । চিঞৰ শুনি চাইকেল পেলাই থৈয়েই দৌৰি
আহিল,‘কে ভয়ো, কে ভয়ো লছমি ?’
লছমিয়ে
শাহুৱেকৰ বুকুত মুখখন গুঁজি কোনোমতে বাথৰূমৰফালে হাতখন দেখুৱাই ক’লে,‘মানছি ছ’ । ‘মানছি
!’ ইয়ালৈ মানুহনো ক’ৰ পৰা আহিব ! দুঘৰ মানুহ আছে, তাকো বহু ওপৰত । সিহঁতবোৰৰ কোনোৱেই
ইয়ালৈ গা ধুবলৈ অহাৰ কোনো প্ৰশ্নই নুঠে । তলৰ কেঁকুৰিটোত যিসকল থাকে তেওঁলোকো ইমান
কাহিলিপুৱাতে ওপৰলৈ গা ধুবলৈ উঠি নাহে । তেনেহ’লে কোন ‘মানছি’নো আহিল ?
মুখত
ব্ৰাছডাল লৈয়েই ৰতনৰ ভায়েক সুৰজ বাহিৰলৈ ওলাই আহিল । চৌদিশ পোহৰ হ’লেও কুঁৱলিৰ বাবে
বাথৰূমৰ চুকটো অলপমান অন্ধকাৰ । টোকোন এডাল হাতত লৈ সি আগুৱাই গ’ল । বাথৰূমৰ পৰ্দা
দাঙিয়েই সি যি দেখিলে আন কোনোবা হোৱা হ’লে তাতেই মূছকঁছ গ’লহেঁতেন ।
সুৰজ
সন্তৰ্পণে পিছুৱাই আহিল । তাৰ চকুৱে-মুখে এক আতঙ্কৰ ছাপ । ককায়েকৰ মুখলৈ চাই মাথোঁ
এষাৰ কথাই ক’লে,‘বাঘ হুনছ’ । কথাষাৰ কৈয়েই সুৰজ তললৈ বুলি দৌৰ দিলে ।
মাত্ৰ
কেই ছেকেণ্ডমান হতভম্বৰ দৰে থিয় হৈ থকাৰ পাছত ৰতন দৌৰ মাৰি মাকৰ শোৱনিকোঠা পালেগৈ ।
তাৰ পৰা খুকুৰিখন লৈ একেজাপে বাহিৰত ৰ’লহি । ঘৰৰ দুৱাৰখন ভিতৰৰ পৰা বন্ধ কৰি দিবলৈ
ক’লে । দেউতাককো ঘৰৰ বাহিৰলৈ ওলাই আহিবলৈ বাৰণ কৰিলে । সিফালে ছাগলীবোৰেও বেবাবলৈ আৰম্ভ
কৰিলে । সাধাৰণতে সুৰজৰ সৈতে সিহঁতৰ এইটোৱেই বাহিৰলৈ ওলোৱাৰ সময় । কিন্তু ইহঁতৰ এই
চিঞৰ-বাখৰ ওলাবলৈ পোৱাৰ আনন্দৰ নহয়, এই চিঞৰ-বাখৰ এক অস্বস্তি আৰু অজানিত ভয়ৰ ।
ইতিমধ্যে
দা, কুঠাৰ, শেল, কটাৰি ইত্যাদি হাতে-হাতে লৈ বহুজন সুৰজৰ সৈতে ঘটনাস্থলিত উপস্থিত হ’লহি
। কোনোবা এজনে জোৰে জোৰে তেলৰ টিন এটা বজাইছে । সকলোৰে চকু বাথৰূমৰফালে । চাওঁতে
চাওঁতে মানুহবোৰ গোট খালে । কিন্তু বাঘৰ কোনো সাৰ-সিকতি নাই । কোনোৱেই আগুৱাই যোৱাৰ
সাহ কৰিব পৰা নাই । ইয়াৰ মাজতে কোনোবা এজনে এপেকেট চকলেট ব’মও আনিলে । দুটা ফুটুওৱা
হ’ল । এইবাৰ বাঘ বাপু ওলাই অহাৰ কথা । কিন্তু ক’তনো কিডাল ! ব’মৰ শব্দ শুনি ছাগলীবোৰে
তাপ মাৰিলে ।
এইবাৰ
বাথৰূমলৈ লক্ষ্য কৰি টুকুৰা ইটা দলিওৱাৰ পৰ্ব আৰম্ভ হ’ল । তাতো কোনো ফল নধৰিলে । কোনো
কোনোৱে ক’বলৈ আৰম্ভ কৰিলে, সেইটো সঁচাকৈয়ে বাঘ আছিল নে আন কিবাহে আছিল ? কিন্তু দুজনকৈ
মানুহেতো আৰু মিছা নামাতে । তেনেহ’লে বাঘটো গ’ল ক’লৈ ? এইবাৰ দুই-এজন সাহসী ল’ৰা হাতত
দীঘল দীঘল বাঁহ লৈ লাহে লাহে আগুৱাই গ’ল । খোঁচ মাৰি চটিকাপোৰৰ পৰ্দাখন দাঙি দিলে ।
অ’ আই, বাঘনো ক’ত ?! বাথৰূমচোন খালি । এইবাৰ সকলো একেলগে আগুৱাই গ’ল । ঠিকেইচোন ! বাঘনো
ক’ত ? ৰাইজৰ কথা শুনি লছমিহঁত ওলাই আহিল । ক’তো বাঘৰ ছাঁটোও দেখিবলৈ নাই ।
ল’ৰাহঁতৰ
দলটো চিঞৰ-বাখৰ কৰি কেঁকুৰিটো ঘূৰিয়েই ৰতনৰ চোতালত ভৰি দিব, ঠিক তেনে সময়তে তলফালৰ
পৰা কোনোবা এজনে চিঞৰ মাৰিলে,‘বাঘ, বাঘ’ । প্ৰায় পাঁচ হাত দীঘল প্ৰাণীটো এক জাঁপত ৰতনৰ
ঘৰত সোমাবলৈ লওঁতেই চকুত পৰিল । বোধ হয় পূৰ্ণবয়স্ক নহয় । কিন্তু বাঘেইচোন !
ঘপহকৈ
কোনোৱেই আগবাঢ়ি নগ’ল । কোনোবা এজনে খোলা দৰজাখনেৰে ইটোৰ পিছত সিটোকৈ কেইটামান ব’ম
দলিয়াই দিলে । আন কেইজনমানে তাৰ লগে লগে শিল দলিয়াবলৈ আৰম্ভ কৰিলে । ব’মৰ শব্দ শুনিয়েই
বোধ হয় বাঘটো বাহিৰলৈ ওলাই আহিল । কিন্তু ক’লৈনো যাব, চৌদিশে মানুহ । চৌবাচ্চাটোৰ পিছফালে
গৈ লুকাল । এইবাৰ বাঘটোক লক্ষ্য কৰি মানুহবোৰে শিল, শেল, দা ইত্যাদি দলিয়াবলৈ আৰম্ভ
কৰিলে । হঠাৎ দুভৰিত ভৰ দি বাঘটো থিয় হ’বলৈ ধৰোঁতেই শেল এপাত গৈ তাৰ ঠিক ডিঙিৰ ওচৰতে
লাগি ধৰিল । এইবাৰ জাঁপ এটা মাৰি বাঘটো চোতালৰ মুকলি ঠাইখিনিত আহি পৰিলহি । আৰম্ভ হ’ল
যাঠি, জোং ইত্যাদিৰে নিৰ্মম প্ৰহাৰ । প্ৰথমে অলপ দূৰৈৰ পৰা আৰু তাৰ পাছত নিচেই ওচৰৰ
পৰা । বাঘটো স্পন্দনহীন হৈ বাগৰি নপৰা পৰ্যন্ত এই অত্যাচাৰ চলিয়েই থাকিল ।
এইটো
এটা পোৱালি বাঘ । মৰাৰ পাছতহে এইবাৰ সকলোৰে খেয়াল হ’ল যে কথাটো ফৰেষ্ট অফিচাৰক জনাব
লাগে । কিন্তু কোন যাব অফিচলৈ ? কোনোবাই বাৰু
ফোন নম্বৰ জানেনে ? কেনেকৈ জানিব ? পাহাৰৰ ওপৰৰ পৰা তললৈ বাঘ নামি আহিব পাৰে বুলি ভাবিয়েই
ফৰেষ্ট অফিচাৰে কাৰোবাৰ হাতত ফোন নম্বৰ দি থৈ গৈছে নেকি ? কোনো কোনোৱে ১০৮ নম্বৰত ফোন
কৰিবলৈ ক’লে ? থানাতো খবৰটো দিব পাৰি, কিন্তু সকলোতকৈ ভাল গাঁওবুঢ়াৰ ওচৰলৈ যোৱাটোহে
।
ৰতনে
উপস্থিত সকলোকে ক’লে,‘খবৰদাৰ ! বাঘৰ পোৱালিটো ঘৰৰ ভিতৰত সোমাইছিল বুলি যাতে কোনোৱে
নকয় । ছাগলী মাৰি পলাইছিল বুলিহে ক’ব লাগে ।’ সুৰজৰ বন্ধু এজনে ক’লে,‘বাঘটোক নাদত দলিয়াই
দিলে কেনে হয় ? ক’ম, কেনেকৈ নাদত পৰিল নাজানো । প্ৰাণ ৰক্ষা কৰিবলৈ আমি নাদত বাঁহ পেলাই
দিছিলোঁ, তেনে কৰোঁতে খোঁচ খালে ।’ এদলে কথাষাৰত হয়ভৰ দিলে ।
কিন্তু
ৰতনৰ কথা হ’ল শেলপাতৰ দাগটোৰ কি হ’ব ? দাগটো দেখিলেই ফৰেষ্টাৰসকলে সকলো কথা বুজি পাব
। অৱশেষত থিৰাং কৰা হ’ল, বাঘটোৱে ছাগলী ধৰিবলৈ আহিছিল । ছাগলী বচাবলৈ যাওঁতেই বাঘে
ৰতন আৰু সুৰজক আক্ৰমণ চলালে । আত্মৰক্ষাৰ বাবে এওঁলোকে তেতিয়াই খুকুৰি চলালে । সিহঁতৰ
চিঞৰ-বাখৰ শুনিয়েই ৰাইজ গোট খালে আৰু ৰাইজৰ সৈতে হোৱা বাঘৰ অৰিয়া-অৰিত বাঘটোৰ মৃত্যু
হ’ল । ৰাইজ আগবাঢ়ি নহা হ’লে সুৰজ বা ৰতনৰ মাজৰ কোনোবা এটাৰ প্ৰাণ গ’লহেঁতেন ।
খবৰ
পোৱাৰ প্ৰায় চাৰি ঘণ্টাৰ পাছত ফৰেষ্ট বিট অফিচৰ চাৰিজন ফৰেষ্ট গাৰ্ড ঘটনাস্থলি পালেহি
। সোধ-পোছৰ পাছত সমস্ত বিৱৰণ লিপিৱদ্ধ কৰি মৰা বাঘটোক বাঁহত বান্ধি তললৈ লৈ গ’ল । এতিয়া
নিয়মানুসাৰে কাম-কাজবোৰ সামৰাৰ পাছত তদন্ত আৰম্ভ হ’ব – লোকালয়লৈ বাঘৰ আগমন ঘটিছে কিয়
! মানুহৰ হাতত বাঘৰ এনে অহেতুক মৃত্যু এৰাই চলিবলৈ পাহাৰত হয়তো শীঘ্ৰে উচ্ছেদ অভিযান
আৰম্ভ হ’ব । এতিয়া অৱশ্যে বাঘটোক কেন্দ্ৰ কৰি এক বিজয়োৎসৱ আৰম্ভ হৈছে । এই বিজয়োৎসৱত
ৰতন, সুৰজৰ লগতে সেই পাহাৰৰ আৰু সমতলৰ মানুহো আছে । এই বাতৰি পাই বহুকেইটা নিউজ চেনেল
দৌৰি আহিল । পাহাৰত বাঘ হত্যা এক ডাঙৰ খবৰ । ক্ৰমাত সমতলত মানুহৰ ভিৰ বাঢ়িছে ।
ডাঙৰ
ৰাস্তাটোত মানুহৰ ঢল বোৱা মাত্ৰেই সকলোবোৰ খেলিমেলি হৈ গ’ল । ভিৰৰ প্ৰকোপত গাড়ী-মটৰৰ
আহ-যাহ প্ৰায় বন্ধ হৈ পৰিল । সেই ভিৰ চম্ভালিবলৈ পুলিচে লাঠিৰে খেদাখেদি কৰাত পৰিস্থিতি
আৰু ভয়াবহ হৈ পৰিল । মানুহবোৰে ইফালে-সিফালে লৰা-ঢপৰা আৰম্ভ কৰিলে ।
দুই-এজন পথচাৰীক সমুৱে সুধিলে,‘কি হৈছে ?’ অতি সংক্ষেপে মাথোঁ
ক’লে,‘বাঘ, বাঘ’ । ‘বাঘ, বাঘ’ বুলি চিঞৰি চিঞৰি সকলো দৌৰাত লাগিল । মানুহবোৰ ক’লৈনো
গৈছে !
(৩)
দুপৰীয়াটো
পাৰ হোৱাৰ ঠিক আগেয়েই প্ৰীতমক লগত লৈ ৰশ্মি আজি পাৰ্কত সোমাল । ঘড়ীত তেতিয়া সময় এঘাৰটা
পঞ্চল্লিছ । সেউজীয়াই আৱৰা নিৰ্জনতাত তেতিয়া শীতকালিৰ কোমল ৰ’দৰ পৰশ বাৰুকৈয়ে পৰিছে
। কলেজৰ পৰা পলাই আহি পাৰ্কত আড্ডা দিয়াৰ এইটোৱেই উত্তম সময় । এই সময়ত সৰু ল’ৰা-ছোৱালীবোৰক
লগত লৈ ডাঙৰসকল নাহে । তেওঁলোকৰ ভিৰ হোৱাৰ আগেয়েই ইহঁত ইয়াৰ পৰা ওলাই যাব । সেউজীয়া
জোপোহাৰে পৰিৱেষ্টিত এডোখৰ ঠাইত ৰশ্মিয়ে তাইৰ নীলা ওৰণাখন পাৰি দিলে । দুয়োজনে কথা
পাতিবলৈ আৰম্ভ কৰিলে – ক্লাছৰ কথা, চিনেমাৰ কথা, মিউজিক এলবামৰ কথা, গৰম গৰম খবৰবোৰৰ
কথা । প্ৰীতমে ক’লে,‘আজি টিকটৰ দাম গাইপতি বিছ টকাকৈ ল’লে । কিয় জানানে ?’ ৰশ্মিয়ে
প্ৰীতমৰ মুখলৈ চালে । প্ৰীতমে আকৌ আৰম্ভ কৰিলে,‘শিশুসকলৰ এমিউজমেণ্টৰ বাবে আজিৰ পৰা
ইয়াত টাইগাৰ পইণ্ট মুকলি কৰা হৈছে । তুমি আজিৰ বাতৰি কাকত নাই পঢ়া নেকি ?’ ৰশ্মিয়ে
ক’লে,‘সেয়া শিশুসকলৰ বাবেহে, আমাৰ বাবেতো নহয় !’ প্ৰীতমে ৰশ্মিক জোকোৱাৰ সুৰত ক’লে,‘তোমাৰ
এমিউজমেণ্টৰ বাবে মই আছোঁ নহয় । বাঘৰ দৰে গোঁজৰণি মাৰি কান্ধত জঁপিয়াই পৰিম ।’ ভয় খোৱাৰ
ভাও ধৰি আঁতৰি যোৱাৰ পৰত ৰশ্মিয়ে ক’লে,‘সঁচাকৈয়ে যদি বাঘ ওলাই নহয়, তেনেহ’লে তোমাৰ
সেই গোঁজৰণি মৰাটো বাজ হৈ যাব ।’ ‘বাঘ, বাঘ’ বুলি চিঞৰ এটা মাৰি ৰশ্মিক তাতেই এৰি প্ৰীতম
এক দৌৰত আঁতৰি আহিল । প্ৰীতমৰ এই কাণ্ড দেখি ৰশ্মি হাঁহি হাঁহি মাটিত বাগৰি পৰিল ।
ঘাঁহৰ ওপৰত শুই শুয়েই তাই ক’ব ধৰিলে,‘ভীৰু ক’ৰবাৰ, ভয়াতুৰ এইটো ।’
গোটেইখিনি
কথা তাইৰ কোৱাই নহ’ল । হাঁহিৰ খিলখিলনিটো তাইৰ ডিঙিতেই সোপা মাৰি ৰ’ল । চাৰি হাতমান
দূৰৈত এটা বাঘ । তাইৰফালে চাই বাঘটোৱে নেজ জোকাৰি আছে । গোঁগোঁৱনি শব্দ এটা কৰি ৰশ্মি
তাতেই অচেতন হৈ পৰিল ।
পাৰ্কত
তেতিয়া মানুহৰ বিশেষ সমাগম নাছিল । বেছিভাগই প্ৰীতমহঁতৰ নিচিনা ডেকা-গাভৰুৰ যোৰা ।
প্ৰীতমৰ চিঞৰত সকলো সজাগ হৈ পৰিল । সিপাৰৰ সেউজীয়া জোপোহানিৰ ওচৰত ঠিকেই বাঘ এটা ঘূৰি
ফুৰিছে আৰু দীঘল নেজডাল পকাইছে । এই বাঘটো যে আচল, পাৰ্কৰ সিপাৰৰ ফাষ্টফুড কৰ্ণাৰৰ
কাষতে থকা কোম্পানীৰ ছাপ মৰা বাঘকেইটাৰ নিচিনা মুঠেও নহয় সেয়া বুজি পাবলৈ সিহঁতৰ কাৰোৱেই
বেছিপৰ নালাগিল । প্ৰাণপণে দৌৰি সিহঁত পাৰ্কৰ বাহিৰলৈ ওলাই আহিল ।
মুহূৰ্ততে
পাৰ্কৰ বাহিৰত মানুহৰ ভিৰ হ’ল । কাউণ্টাৰৰ মানুহজনে সমৱেত মানুহবোৰৰ প্ৰশ্নৰ উত্তৰ
দিব নোৱাৰি কাউণ্টাৰ বন্ধ কৰি দিলে । কোনোৱেই ভিতৰলৈ যোৱাৰ সাহস নকৰিলে ।
ইয়াৰ
মাজতে প্ৰীতমৰ বন্ধুসকল সদলবলে কলেজৰ পৰা আহি পাৰ্কৰ সমুখত উপস্থিত হ’লহি । আহি পায়েই
সিহঁতে চিঞৰ-বাখৰ আৰম্ভ কৰি দিলে । গে’টখনৰ ওপৰত উঠি এজনে ভিতৰখন চাবলৈ চেষ্টা কৰিলে
। তেওঁ ক’লে,‘সেয়া বাঘটো, এতিয়া এইফালে আহিছে । … নাই, নাই, ৰশ্মিক দেখিবলৈ পোৱা নাই
। বোধ হয় তাইক খাই পেলালে অ’ …।’ আন এজন গে’টখনৰ ওপৰত উঠি বহি ল’লে । তেওঁৰ ধাৰণা হ’ল
বাঘটোৰ মুখখন তেজৰ নিচিনা ৰঙা, এয়া নিশ্চয় ৰশ্মিক খোৱাৰে চিন । চিঞৰি চিঞৰি তেওঁ কথাটো
সকলোকে জনালে ।
প্ৰীতমৰ
অৱস্থা এতিয়া প্ৰায় বিধ্বস্ত । পাৰ্কৰ গে’টখনৰ সমুখতে বহি সি কান্দিবলৈ আৰম্ভ কৰিলে
।
বাছৰ
পৰা নামিয়েই সমুৱে সকলোখিনি নিজ চকুৰে দেখিলে । বনকৰ্মীৰ কান্ধত বাঘৰ শেষযাত্ৰাৰ কেইখনমান
ফটো সি তুলি ল’লে । ফটো তুলি থাকোঁতে তাৰ কাষেদি পাৰ হৈ যোৱা বয়োবৃদ্ধ মানুহ এজনে মন্তব্য
দিলে,‘বাঘ বনতে সুন্দৰ, খাদক নগৰত …।’
সমুৱে
মানুহজনৰফালে চাই হাঁহিলে আৰু ক’লে,‘ঠিকেই কৈছে ।’ মনে মনে ভাবিলে, এইটোৱেই তাৰ নিউজৰ
এটা ভাল কেপশ্বন হ’ব – ৰাইজে আদৰি ল’ব ।
এনেতে
তাৰ পকেটত থকা ম’বাইল ফোনটো বাজি উঠিল । সৰ্বনাশ, নিৰ্ঘাত সম্পাদক বুঢ়াটোৱেই হ’ব ।
ম’বাইলত চকু ফুৰাই দেখিলে, নহয়, তাৰ এজন সাংবাদিক বন্ধুৰহে ফোন । যিয়েই হওঁক, ‘বাচিলোঁ
।’
‘হেল্ল’
বুলি কওঁতেই সিফালৰ পৰা উত্তেজিত কণ্ঠ ভাঁহি আহিল,‘ক’ত আছ, অতি শীঘ্ৰে নেহৰু পাৰ্কৰ
ওচৰলৈ আহ । পাৰ্কত বাঘ । ছোৱালী এজনীক বোধ হয় খাই পেলালে ।’
কথাষাৰ
সমুৰ বিশ্বাস নহ’ল । মাজে-সময়ে তাৰ এই বন্ধুজনে এনে ধৰণৰ ধেমালি কৰে । সি একেটা কথাকে
তিনিবাৰ ক’লেও বিশ্বাস নহয় – কথাটো চিৰিয়াচ নে জ’কচ ।
সেয়ে
সি ক’লে,‘চা, ধেমালি নকৰিবি । সেইটো মি. পাৰিখৰ বাঘ । কালি নিউজ কৰিছিলোঁ, আজিৰ কাকতত
ওলাইছেও । বাতৰি-কাকতখন মেলি চা, তিনি নম্বৰ পৃষ্ঠাত তোৰ পাৰ্কৰ বাঘটো আছে ।
‘নহয়
অ’ । ধেমালি কৰা নাই । একদম চিৰিয়াচ । এয়া শুন, যিজন ল’ৰাই তাইৰ বান্ধৱীক লগত লৈ পাৰ্কলৈ
গৈছিল তাৰ ভয়েচ ।’ সমুৱে শুনিলে, সচাঁকৈয়ে বৰ চিঞৰ-বাখৰখন হৈছে । আৰু ল’ৰা এজনে কান্দি
কান্দি কৈছে,‘বাঘটোৱে মোৰ ৰশ্মিক খাই পেলালে অ’ । কোনোবাই তাইক বচাওঁকচোন ।’ সমুৰ বন্ধুজনে
লগতে এইবুলিয়ো ক’লে যে বাঘটোক মাজে-সময়ে দেখিবলৈ পোৱা গৈছে ।
ফোনটো
থৈয়েই সমুৱে ভাবিলে, কি যে বিপদ ! একে দিনাই চহৰৰ দুটা ভিন্ন প্ৰান্তত বাঘ ওলাইছে
! বন্ধুৰ লগতে ফোনত শুনা ল’ৰাটোৰ চিঞৰ-বাখৰৰ পৰা তাত বাঘ থকা কথাটো প্ৰমাণিত হ’ল ।
ঘটনাটো তেনেহ’লে সঁচা !
ততাতৈয়াকৈ
নেহৰু পাৰ্ক কেনেকৈ পাবগৈ পাৰি সি তাৰ উপায় ভাবিলে ।
বিপৰীতফালে
অলপ দূৰ খোঁজ কাঢ়ি গৈয়েই এজন বাইক চালকক পালে । তেওঁক বাঘৰ তাণ্ডৱৰ কথা কোৱা মাত্ৰই
সমুক বাইকত তুলি লৈ যাবলৈ মান্তি হ’ল । জু ৰ’ডৰে বাইক আগবাঢ়িল । বহুদূৰ বাট ঘূৰি-পকি
অৱশেষত নেহৰু পাৰ্কত উপস্থিত হ’ল । তাত তেতিয়া সাংবাদিক সহ অনেক মানুহৰ জুম, চাৰি-পাঁচটামান
টি.ভি. চেনেলৰ মানুহ আছেই । সমুৱে তাৰ বন্ধুজনক বিচাৰি পালে আৰু সেই মানুহৰ ভিৰৰ মাজলৈ
সোমাই গ’ল । বন্ধুক ক’লে,‘আজি এটা জবৰদস্ত নিউজ হ’ব । বন্যপ্ৰাণী সংৰক্ষণৰ সপক্ষে এক
শক্তিশালী সম্পাদকীয় লেখাৰ বাবে সম্পাদকে সুযোগ পাব । এফালে বাঘৰ আঘাতত মানুহ আহত,
সিফালে মানুহৰ আঘাতত বাঘ । মাজত মি. পাৰিখ । ভাল জমিছে ।’
প্ৰীতমৰ
পিছে পিছে পাৰ্কৰ ভিতৰৰ পৰা যিসকল ওলাই আহিল, তেওঁলোকক কেইজনমানে সুধিলে,‘ঘটনাটো ভালকৈ
কোৱাচোন ? ছোৱালীজনীক বাঘে খালে নেকি ?’ এওঁলোক ইমানেই নাৰ্ভাচ যে ভালকৈ কথা এষাৰো
ক’ব পৰা নাই । সমুৱে তাৰ মাজৰ পৰাই অলপমান খবৰ উলিয়াবলৈ যত্ন কৰিলে । আতঙ্কৰ বাহিৰে
স্পষ্টকৈ আন একোৱেই পোৱা নগ’ল ।
শীতকাল
। চৌদিশে পাহাৰে আৱৰা নগৰখনলৈ পাহাৰবোৰৰ পৰাই লোকালয়লৈ বাঘ নামে । কাৰোবাৰ ছাগলী বা
কাৰোবাৰ কুকুৰা বাঘে ধৰি খোৱাৰ কথা শুনিবলৈ পোৱা যায় । কিন্তু এই নেহৰু পাৰ্কত কেতিয়াবা
বাঘ সোমাব পাৰে বুলি মানুহে ভুলতো কল্পনা কৰা নাছিল । কিন্তু নেহৰু পাৰ্কত বাঘ সোমাইছে
আৰু মানুহ খাইছে – সেয়াই সত্য ।
কেইদিনমান
আগতে চিৰিয়াখানাত ফটো তুলিবলৈ গৈ এজনে বাঘৰ পিঞ্জৰাত হাত সুমুৱাই প্ৰাণ হেৰুওৱা নাছিল
জানো !
সেইটো
হ’ল পি়ঞ্জৰাৰ বাঘ । আৰু এইটো মুকলিমূৰীয়া – একেবাৰে বনৰ আচল বাঘ । সি মানুহ পালে যে
নাখাব তাৰ কোনো গেৰাণ্টি নাই ।
চৌদিশে
গোট খোৱা মানুহবোৰৰ এইবোৰ আলোচনা-বিলোচনাৰ মাজতে পুলিচ আহিল । তাৰ আগতে কলেজৰ পৰা কেইজনমান
অধ্যাপকো আহিল । তেখেতসকলৰ কোনোবাই চাগে’ থানাত খবৰ দিলে । কিন্তু পুলিচে ইয়াত কিনো
কৰিব ? তেওঁলোকো ভিতৰলৈ সোমাবলৈ সাহ কৰা নাই । এই কাম কেৱল ফৰেষ্ট গাৰ্ডসকলেহে কৰিব
পাৰে । তেওঁলোকৰ লগত টোপনি যোৱাব পৰা বুলেট চলাব জনা ভেটেৰিনাৰীৰ ডাক্তৰ থাকে । তেওঁৰ
হতুৱাইহে বাঘটো আহত কৰা সম্ভৱ । অনাহকতে পুলিচে গুলী চলালে বিপদ হ’ব । বাঘ মৰাৰ অপৰাধত
জেল পৰ্যন্ত হ’ব পাৰে । সেয়ে কোনো পুলিচ আগবাঢ়ি যোৱা নাই ।
সমুহঁতে
ভিৰ চম্ভালিবলৈ যত্ন কৰিলে । ছাত্ৰসকলৰ সৈতে তেওঁলোকৰ কেইবাবাৰো কথা কটাকটি হ’ল । উত্তেজিত
হৈ ছাত্ৰসকল ৰাস্তাতে বহি দিলে । তেওঁলোকৰ দাবী, ৰশ্মিক উদ্ধাৰ কৰিব লাগিব । পুলিচ-প্ৰশাসনে
কামত অৱহেলা কৰিছে ।
চকুৰ
পচাৰতে গাড়ী-মটৰৰ যাতায়াত বন্ধ হৈ পৰিল । চিৰিয়াখানা, ফৰেষ্ট অফিচলৈ খবৰ পঠোৱা হ’ল
। মানুহ পঠাইছোঁ বুলি ক’লেও এঘণ্টামান লাগিবই । কাৰণ নগৰৰ যানজঁট ঠেলি ইমানদূৰ অহাটোও
সময়সাপেক্ষ কথা । এইফালে সময় যিমানে অতিবাহিত হৈছে, জনতা সিমানেই অসহিষ্ণু হৈ পৰিছে
। এওঁলোকক চম্ভালিবলৈ থানাৰ পৰা বিশাল পুলিচবাহিনী আহিল । চাৰিওফালৰ পৰা মানুহে নানা
ধৰণেৰে মানুহ খোৱা বাঘটো চাবলৈ চেষ্টা কৰিছে । কোনো কোনোৱে কাষৰ পাঁচমহলীয়া বিল্ডিঙৰ
ছাদত উঠিও বাঘটো চালে, সঁচাকৈয়ে বাঘটো পাৰ্কত ঘূৰি ফুৰিছে । কেতিয়াবা বহিছে । বহাৰ
পৰা উঠি আকৌ গোটেই পাৰ্কখনতেই পাক মাৰিছে ।
কাৰোবাৰ কাৰোবাৰ ধাৰণা হ’ল, জোপোহাৰ মাজত ছোৱালী এজনীৰ আধাখোৱা শৰীৰ পৰি আছে । জোপোহাৰ ফাঁকেদি
তাইৰ নীলা ওৰণাখন মাটিতেই পৰি থকা দেখিবলৈ পোৱা গৈছে !
ম’বাইলৰ
যোগেদি গে’টৰ বাহিৰত ৰৈ থকা মানুহবোৰৰ ওচৰলৈ এই বাতৰিবোৰ আহিছিল আৰু ক্ৰমাৎ মানুহবোৰৰ
উত্তেজনা বৃদ্ধি হৈছিল । অৱশেষত অৰ্ধ-সামৰিক বাহিনীৰ জোৱানসকল আহি ঠেলা-ঠেলি কৰি মানুহখিনিক
তাৰ পৰা আঁতৰাই পঠালে । কঁকালত বান্ধি থোৱা এম্লিফায়াৰৰ যোগেদি তেওঁলোকৰ এজনে সকলোকে
আঁতৰি যাবলৈ নিৰ্দেশ দিলে । ডাঙৰ ডাঙৰ ন’ পাৰ্কিং ব’ৰ্ডৰে চাৰিওফালে সাধাৰণ মানুহৰ
আহ-যাহ বন্ধ কৰি দিয়া হ’ল । ফায়াৰ বিগ্ৰেডো হাজিৰ । ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ আহি
পালেহি বুলি খবৰ আহিল । বাঘটোক বোধ হয় মাৰি পেলাবই লাগিব । সংকটত পৰিলে কিনো কৰিব আৰু
! অৱশ্যে টোপনি যোৱা গুলীৰে প্ৰথমে টোপনি যোৱাবলৈ চেষ্টা কৰা হ’ব ।
ডাঙৰ
পিঞ্জৰাসহ গাড়ী এখন আহি পাৰ্কৰ গে’টৰ সমুখত ৰ’লহি । সকলোখিনি সঠিককৈ পৰিকল্পনা কৰি
ল’বলৈ আৰু পোন্ধৰ মিনিট লাগিল । তাৰ পাছত গে’টখন খুলি পাঁচজন পাঁচজনকৈ চাৰিটা দলত বিভক্ত
হৈ ফৰেষ্ট গাৰ্ডসকল পাৰ্কলৈ সোমাই গ’ল । প’জিশ্বন ল’লে । জোপোহাৰ সিপাৰে বৃত্তাকাৰত
বাঘটোক ঘূৰি ফুৰা দেখিবলৈ পোৱা গ’ল । ঘূৰি ঘূৰি মাজে-সময়ে বহিছে, নেজ জোকাৰিছে । পাৰ্কত
হাতত বন্দুক লোৱা মানুহ দেখি বোধ হয় এবাৰ চালে । তেনেকুৱাতে গাৰ্ডসকল মূৰ তললৈ নমাই
বহি দিলে । বাঘে যদি মানুহৰ শৰীৰৰ গোন্ধ পাই বা দেখে তেতিয়াই বিপদ !
বাঘটো
এইবাৰ পাৰ্কৰ সমুখৰফালে আহিবলৈ ল’লে । অৱশ্যে, অলপমান আহিয়েই আকৌ আগৰ ঠাইলৈ উলটি গৈ
পূৰ্বৰ দৰেই চক্ৰাকাৰে ঘূৰাত লাগিল । এইবাৰ ৰাইফলধাৰী চিকিৎসক আৰু গাৰ্ডসকল অলপ আগুৱাই
গ’ল । উদ্দেশ্য ওচৰৰ পৰা টোপনি যোৱা বুলেট চলোৱা ।
সুবিধা
পায়েই চিকিৎসকে বাঘটোৰ ঠিক দুচকুৰ মাজভাগলৈ লক্ষ্য কৰি গুলী মাৰিলে । গুলী লাগিল ।
কিন্তু বাঘটোচোন নৰ’ল ! আঘাত পাই গোঁজৰণি বা জাঁপ একোৱেই নামাৰিলে । লক্ষ্যস্থানত গুলী
নালাগিল নেকি ! লক্ষ্য খেলিমেলি হোৱাৰ কথাই নাহে ।
তেওঁলোকৰ
ইজনে সিজনৰ মুখলৈ চালে । ঔষধ-গুলীটো নালাগিল বোধ হয় । সিফালে বাঘটোৱে ঘূৰি ঘূৰিয়েই
এইবাৰ সৰু জাঁপ এটা মাৰিলে । তাৰ পাছত দুভৰিত ভৰ দি এবাৰ থিয় হ’ল । অফিচাৰে নিৰ্দেশ
দিলে ‘ফায়াৰ’ । এইবাৰ চিকিৎসকে নতুন এটা ঔষধ-গুলী মাৰিলে । বাঘটো মাটিত ঢলি পৰিল ।
আৰু নুঠিল । অফিচাৰৰ লগতে গাৰ্ডসকল দৌৰি গ’ল ।
কিছুপৰ
পাছত তেওঁলোক হাঁহি হাঁহি বাহিৰলৈ ওলাই অহা দেখা গ’ল । কিছুপৰ আগৰ সেই চেপা উত্তেজনাৰ
ভাবটো আৰু এতিয়া নাই । সমুহঁতে গে’টৰ বাহিৰতে তেখেতসকলৰ বাবে অপেক্ষা কৰি আছিল । সমুহঁতক
দেখি অফিচাৰজন আগবাঢ়ি আহোঁতেই প্ৰশ্নবান নিক্ষেপ হ’ল,‘বাঘটো মাৰি পেলালে নে টোপনি
যোৱালে ? বাঘটো ক’ত ? ছোৱালীজনী ক’ত ? ছোৱালীজনীৰ অৱস্থা কেনেকুৱা ? ছোৱালীজনী মৰিল
নেকি ? বাঘে তাইৰ শৰীৰৰ কিমানখিনি খালে ? মানে মূৰ-কান্ধৰ কিমানখিনি ?’
অফিচাৰে
মিচিকিয়া হাঁহি এটা মাৰি সাংবাদিকৰ দলটোক ক’লে,‘এতিয়া আৰু কোনো ভয় নাই ? বাঘটো আচলতে
পাৰিখ এণ্ড পাৰিখ কোম্পানীৰ এটা চাৰপ্ৰাইজ পেকেজ । এডভান্সড টেকন’লজি আৰু পজিটিভ থিঙ্কিঙৰ
নমুনা বুলি ক’ব পাৰে ।’ ***

No comments:
Post a Comment