Sunday, July 7, 2024

আখ্যানৰ আঁৰৰ কথা

 আখ্যানৰ আঁৰৰ কথা

------------------

কুমুদ ঘোষ

--------------

বাৰমহলীয়া ঘৰৰ বেৰত শেলুৱৈ!

ভাল কথা, শেলুৱৈয়ে ঠাই এধানি পাইছে।

 

বাৰমহলীয়া ঘৰৰ

সাত নম্বৰ মহলাৰ দুখন বেৰৰ ফাঁকত

জৰি এজোপা গজিছে,

ভাল কথা। গজিছে গজক। বাঢ়ক

 

নগৰখনৰ দূৰ-দূৰণিলৈকে গছৰ নামত কোনো ছাঁ নাই,

চৰাইৰ নামত নাই কোনো চুবুৰি।

 

ধন্যবাদ সেই সাহসী চৰাইজনীক

যিয়ে বাৰমহলীয়া ঘৰৰ সাত নম্বৰ মহলাত

বিষ্ঠা সিঁচি

জৰিজোপাক নগৰখনলৈ স্বাগতম জনালে।

 

জন-অৰণ্যৰ প্ৰতিজনী চৰাই

ঠিক সেই চৰাইজনীৰ দৰে সাহসী 'লে

নগৰখন এদিন সেউজীয়া 'ব।

এপাৰ্টমেণ্টবোৰৰ নামৰ সলনি

গছবোৰৰ নিজৰ নামেৰে ছাঁবোৰৰ নাম 'ব।

 

ছাঁবোৰৰ একোটা নিজস্ব নাম থকা ভাল!

 

নগৰখন সেউজীয়া 'লে

চৰাইবোৰক ছাঁবোৰৰ নামকৰণ কৰিবলৈ আজিয়েই

প্ৰস্তাৱ এটা লৈ থোৱা ভাল '

 

নামকৰণত মানুহৰ নিচিনা ভুল চৰাইয়ে নিশ্চয় নকৰে,

ভুলতো সিহঁতে গছ নথকা ৱাৰ্ডৰ নাম সেউজপুৰ নাৰাখে। ∆∆

 

No comments:

Post a Comment

তুমি, অমিতাভ

তুমি, অমিতাভ মূলঃ ডঃ তপোধীৰ ভট্টাচার্য (বাংলা) অসমীয়া অনুবাদঃ কুমুদ ঘোষ   তুমি, অমিতাভ, ভুল পথেৰে পাহাৰ আৰু অৰণ্যৰ পৰা সমতললৈ না...