Sunday, July 7, 2024

মানুহ বিষয়ক

মানুহ বিষয়ক

------------------

কুমুদ ঘোষ

--------------

সৰুতে দেখা গছপুলিজোপাৰ ঘা ডোখৰ

এতিয়া ধোন্দ 'ল।

 

সাপ আৰু চৰায়ে এতিয়া তাত

কুক্-ভাক্ খেলে।

 

বুকুৰ বিষ বুকুত সাবটি

গছজোপাই চাই থাকে চৰাইৰ চুবুৰিৰ ব্যস্ততা,

সাপৰ মোট সলোৱা।

 

প্ৰতিজন মানুহ গছৰ নিচিনা,

বুকুত লালন কৰে সাপ আৰু চৰাইৰ চুবুৰি।

বিষ বাঢ়ি গৈ থাকিলেও

এটা বয়সত

একোৱেই বিৰক্ত নকৰে মানুহক।

 

মানুহৰ বুকুৰ ধোন্দতকৈ ডাঙৰ ধোন্দ কোনো গছতে নাই,

এই ধোন্দত ডাঙৰ হোৱা প্ৰকাণ্ড সাপ আৰু চৰাই

প্ৰকৃতিৰ আন 'তোৱেই নাই। ∆∆

 

No comments:

Post a Comment

তুমি, অমিতাভ

তুমি, অমিতাভ মূলঃ ডঃ তপোধীৰ ভট্টাচার্য (বাংলা) অসমীয়া অনুবাদঃ কুমুদ ঘোষ   তুমি, অমিতাভ, ভুল পথেৰে পাহাৰ আৰু অৰণ্যৰ পৰা সমতললৈ না...