সাহিত্য সমাজৰ দাপোণ৷ এই দাপোণত প্ৰতিফলিত হয় আমাৰ কাম-কাজ, চিন্তা-চেতনা, প্ৰাপ্তি-অপ্ৰাপ্তি৷
Tuesday, January 23, 2024
Monday, January 8, 2024
সম্পাদকীয়ৰ পৰিৱৰ্তে
সম্পাদকীয়ৰ পৰিৱৰ্তে
ভাবনা
- ১
দৰ্শকক বাদ দি কোনো শিল্পকৰ্মৰ কথাই ভাবিব নোৱাৰি৷ নাটকৰ ক্ষেত্ৰতো এই কথা অতি গুৰুত্বপূৰ্ণ৷ নাটকক ‘দৃশ্যকাব্য’হিচাপে বিবেচনা কৰা হয়৷ সেয়ে দৰ্শকে ইয়াক কেনেদৰে গ্ৰহণ কৰিলে সেই কথা বিচাৰ-বিবেচনা নকৰাকৈ নাট্যকাৰ, পৰিচালক, অভিনেতা-অভিনেত্ৰীৰ লগতে নাটক উপস্থাপনৰ বিশাল কৰ্মযজ্ঞৰ সৈতে প্ৰত্যক্ষভাৱে জডি.ত প্ৰতিজনেই থাকিব নোৱাৰে৷ আন আন শিল্পকলাৰ দৰে নাটকতো পৰীক্ষা-নিৰীক্ষা চলে৷ এই পৰীক্ষা-নিৰীক্ষাৰ উদ্দেশ্য নিজক অতিক্ৰম কৰা৷ শিল্পীয়ে যিদৰে বিচাৰে পূবৰ্ৰ অভিজ্ঞতাক অতিক্ৰম কৰি নতুন কিবা এটা প্ৰতিষ্ঠা কৰাৰ, ঠিক সেইদৰে দৰ্শকেও বিচাৰে শিল্পকৰ্মৰ যোগেদি পূবৰ্তকৈ নতুন অভিজ্ঞতা আহৰণ কৰাৰ৷ এই দ্বন্দ্বই সদায়েই নতুনৰ সন্ধানত ইন্ধন যোগাইছে৷ পাদদেশীয় ৰাষ্ট্ৰীয় নাট সমাৰোহে নাট্যকৰ্মী আৰু দৰ্শকক নতুনৰ সন্ধানত ইন্ধন যোগাব বুলি আমি আশাবাদী৷
ভাবনা
- ২
পণ্যায়নৰ এই যুগত বিশ্বৰ বজাৰ দখলৰ মূল সূত্ৰটো হ’ল সাধাৰণ মানুহৰ আৱেগ-অনুভূতিক ব্যৱসায়িক স্বাৰ্থত ব্যৱহাৰ কৰা৷ উপভোক্তাৰ আৱেগ-অনুভূতিক সন্মান কৰাৰ ভাও জুৰি চিপৰাং মৰাৰ কছৰৎ আজিকালি প্ৰায় সকলোতে সুলভ৷ নাটকৰ ক্ষেত্ৰতো তেনে হৈছে নেকি! অপেছাদাৰী নাট্যগোষ্ঠীসমূহৰ এসময়ত যি সবল আৱিৰ্ভাৱ অ’ত-ত’ত দেখা পাইছিলোঁ, সেয়া ক্ৰমশঃ কেৱল তৰল আৰু সস্তীয়া মনোৰঞ্জনধর্মী নাটক প্ৰচাৰ আৰু প্ৰসাৰ কৰিব বিচৰা এচামৰ কৃপাত নিশকতীয়া হৈছে! বিষয়টো অপেছাদাৰী নাট্যগোষ্ঠীসমূহৰ বিবেচনাৰ্থে এৰিলোঁ৷ আমাৰ বিশ্বাস, পাদদেশীয় ৰাষ্ট্ৰীয় নাট সমাৰোহে দৰ্শকক ৰুচিসম্পন্ন নাটকৰ সৈতে পৰিচিত হোৱাৰ সুযোগ দিয়াৰ লগতে অপেছাদাৰী নাট্যগোষ্ঠীসমূহৰ উদ্দেশ্য অনুধাৱন কৰাত দৰ্শকক সহায় কৰিব৷
ভাবনা
- ৩
অলপতে অপেছাদাৰী নাট্যগোষ্ঠীৰ সৈতে জডি.ত এজনৰ সৈতে অপেছাদাৰী নাট্যচৰ্চাৰ বিষয়ে আলোচনা কৰি থাকোঁতে ক’লে,‘হাতী হৈ মাখি হ’লোঁ, লালীত পৰি বন্দী হ’লোঁ৷’ তেখেতৰ এই হতাশাৰ কাৰণ উপলব্ধি কৰিব পাৰিছোঁ৷ কিন্তু সকলো সংশয় আঁতৰাই
পাদদেশীয় ৰাষ্ট্ৰীয় নাট সমাৰোহে আমালৈ আশাৰ বতৰা আনিছে৷ সৃজনীশীল মানুহমাত্ৰেই নিশ্চয় এই কথা স্বীকাৰ কৰিব, সৃষ্টিৰ যোগেদিয়েই সৃজনীশীল মানুহ জী থাকে৷ পাদদেশীয় ৰাষ্ট্ৰীয় নাট সমাৰোহে সৃজনীশীল মানুহৰ শকতিৰ কথাকেই পুনৰ প্ৰমাণ কৰিলে৷ এই সমাৰোহ সফলতাৰে সম্পন্ন হোৱাত সাধাৰণ মানুহৰ ভূমিকা আছিল অতি চকুত লগা; ই নিশ্চয় অপেছাদাৰী নাট্যগোষ্ঠীৰ সৈতে জডি.তজনক সম্ভাৱনাৰ নতুন দিশ নিৰ্দেশ কৰিব৷
ভাবনা
- ৪
অতি কম সময়ৰ ভিতৰত ‘সংলাপ’প্ৰকাশ কৰিবলগীয়া হোৱাত ইচ্ছা থকা সত্ত্বেও বহু বিষয় বাদ পৰিল৷ আনহাতে সীমিত পুঁজিয়েও ‘সংলাপ’ৰ কলেবৰ ডাঙৰ হোৱাত বাধা দিলে৷ আশা কৰিম, ভৱিষ্যত দিনত ‘সংলাপ’ লোদোৰ-পোদোৰ হ’ব৷ যিসকল সন্মানীয় লেখক-লেখিকাই আমাক সহযোগিতা আগবঢ়াই সাহস দিলে তেখেতসকলক সম্পাদনা সমিতিৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ৷ খৰতকীয়া এই আয়োজনত ৰৈ যোৱা ভুল-ভ্ৰান্তিৰ বাবে সকলোৰে ওচৰত ক্ষমাপ্ৰার্থী হৈছোঁ৷
কুমুদ ঘোষ¸
১৯-০১-২০২৩
----------
৷৷ সংলাপ ৷৷ স্মৃতিগ্ৰন্থ ৷৷ পাদদেশীয় ৰাষ্ট্ৰীয় নাট সমাৰোহ ৷৷ স্থানঃ সমাজহিতৈষী ডিম্বেশ্বৰ গগৈ সমন্বয় ক্ষেত্ৰ ৷৷
৷৷ ১৭, ১৮ আৰু ১৯ জানুৱাৰি, ২০২৩ ৷৷
Saturday, January 6, 2024
শুচিব্ৰতা
শুচিব্ৰতা
------
-কুমুদ ঘোষ
--------
আজি ওৰে ৰাতি বৰষুণ হওক
তোমাৰ বুকুত সম্ভৱনাময় হৈ উঠক
সৰু-বৰ বনস্পতি বৃক্ষ৷
আজি ওৰে ৰাতি বৰষুণ হওক
সূর্যৰ প্ৰার্থনাত কাতৰ হৈ উঠক
মেঘাচ্ছন্ন আকাশ৷
আজি ওৰে ৰাতি বৰষুণ হওক
তোমাৰ বুকুত বাজি উঠক
আবেলিৰ সমস্ত গান৷
বৰষুণ আৰু বৰষুণ৷
বৰষুণত তিতি উঠক তোমাৰ
চৈধ্য বসন্তৰ শৰীৰ,
বৰষুণত তিতি তিতি জীপাল হওক
তোমাৰ সপোনৰ প্ৰতিখন নদী৷
আজি ওৰে ৰাতি বৰষুণ হওক
বৰষুণত তিতি তিতি
অভঁজা হওক অশ্লীল আলোচনা,
বৰষুণত তিতি তিতি
অন্ধ হওক কালিকা লগা চকু৷
আজি ওৰে ৰাতি বৰষুণ হওক
বৰষুণত তিতি তিতি
তুমিও হৈ উঠা বৰষুণ৷
তোমাৰ বর্ণময় স্পর্শত
মাজৰাতি সাৰ পাওক কুম্ভকর্ণ সময়৷
ৰচনা কালঃ ১-৪-২০০২
Friday, January 5, 2024
নিয়ম
নিয়ম
-------
কুমুদ ঘোষ
------------
যিজন বলাৰৰ বলত
ক্ৰিকেটৰ ভগৱানে কেৱল ছয় আৰু চাৰি কোবাইছিল
সেইজন বলাৰৰ সিদিনা ৰাতি টোপনি ধৰা নাছিল,
কোঠা আৰু বাৰাণ্ডত পায়চাৰি কৰি থাকোঁতে
বলাৰজনে মাথোঁ এটা কথাই ভাবিছিল -
'কি কৰিবলৈ গৈ কি কৰিলোঁ? '
পিছদিনা এখন দেশৰ প্ৰতিখন কাকতৰ প্ৰথম পৃষ্ঠাত এজন মানুহ হৈছিল হিৰ'
আনখন দেশৰ প্ৰতিখন কাকতত আনজন মানুহ জিৰ'।
সাপে নাপাহৰে কঁকালৰ কোব।
আন
এখন খেলত, আন এখন খেলপথাৰত
দুয়োজন মানুহ আকৌ মুখামুখি হ'ল।
ছয় আৰু চাৰিৰে ধুমুহা সৃষ্টি কৰা মানুহজন
শূন্য হাতেৰে উভতি আহিল পেভেলিয়নলৈ।
বেটে বলৰ নিয়ম মানি চলালৈকে একো অসুবিধা নাছিল
কিন্তু, বেটে যেতিয়া নিজেই বলৰ বাবে নিয়ম সৃষ্টি কৰিবলৈ গ'ল
শূন্য হাতেৰে উভতি অহাৰ বাহিৰে আন একোৱেই নাথাকিল। ∆
তুমি, অমিতাভ
তুমি, অমিতাভ মূলঃ ডঃ তপোধীৰ ভট্টাচার্য (বাংলা) অসমীয়া অনুবাদঃ কুমুদ ঘোষ তুমি, অমিতাভ, ভুল পথেৰে পাহাৰ আৰু অৰণ্যৰ পৰা সমতললৈ না...
-
নিলিখা কবিতাৰ কথা ------------------------------ কুমুদ ঘোষ ------------------ সকলো কবিৰে একোটা নিলিখা কবিতা থাকে লিখোঁ ...
-
বুটাম ------ কুমুদ ঘোষ --------- কামিজৰ বুটাম ছয় সাতটাই সামৰি থয় শোক - তাপ , আনন্দ - উল্লাস ; ব্যৱহৃত নোহোৱাকৈ কামিজৰ...
-
ইমান যে সুখৰ নৃত্য, ইমান যে দুঃখৰ অশ্ৰু ----------- মূল : মহাদেৱ সাহা (বাংলা) অসমীয়া অনুবাদ : কুমুদ ঘোষ --------------------------...
-
হেৰ' ৰিম'ট ------- মূলঃ অংশুমান কৰ (বাংলা) অসমীয়া অনুবাদঃ কুমুদ ঘোষ ------------- তোৰ বাহিৰে হত্যাকাৰীনো আৰু কোন ? কথা ...
-
বিপ্লৱী --------- মূল : অংশুমান কৰ (বাংলা) অসমীয়া অনুবাদ : কুমুদ ঘোষ -------------------------------- মাননীয় সুভাষচন্দ্ৰ...
-
পিঁজৰা ------- মূলঃ অংশুমান কৰ (বাংলা) অসমীয়া অনুবাদঃ কুমুদ ঘোষ ------------- কেৱল হাড়। পাখি কঁটালি কঁটালি ডেউকা দুখন আজি দু...
-
ভালপোৱাৰ দৃষ্টিৰে চোৱা ------------------------------------- মূল : মহাদেৱ সাহা ( বাংলা ) অসমীয়া অনুবাদ : কুমুদ ঘোষ -------...
