থিৰ বিজুৰি
------------------
মূলঃ
সুবোধ সৰকাৰ (বাংলা)
অসমীয়া
অনুবাদঃ কুমুদ ঘোষ
--------------------------
আন্তৰ্জাতিক
কবি সম্মিলন এখনত মই
ডাৱৰ
হৈ সোমাই গৈছিলোঁ৷
আৰ্জেণ্টিনাৰ
কবি থিয় হৈ আছে৷
ইউথিপিয়াৰ
কবি থিয় হৈ আছে৷
মেছিডোনিয়াৰ
কবি থিয় হৈ আছে৷
আমেৰিকাৰ
কবি থিয় হৈ আছে৷
ম্যানমাৰৰ
কবি থিয় হৈ আছে৷
কিয়
থিয় হৈ আছে?
আন্তৰ্জাতিক
কবি সম্মিলনত কবিসকল থিয় হৈ থাকে নেকি বাৰু?
দেখাত
থিৰ বিজুৰিৰ নিচিনা
এজনী
তেৰ বছৰীয়া ছোৱালীয়ে কবিতা পঢি়ছে৷
ফেচিষ্ট
চৰকাৰে তাইৰ মাকক গুলী কৰি মাৰিলে৷
পাহাৰৰ
চূড়াত
তাইৰ
দেউতাকক বান্ধি থৈছে৷
শেন
চৰাই এটাই তাইৰ দেউতাকৰ পিঠিৰ পৰা
এবখলা
মাংস খাই গুছি যায়৷
তাত
মাংস গজিলে
আকৌ
আহি খায়৷
থিৰ
বিজুৰিৰ কবিতা শুনি থাকোঁতে দেখিলোঁ –
আৰ্জেণ্টিনাৰ
চকুত চকুপানী
ইউথিপিয়াৰ
চকুত চকুপানী
মেছিডোনিয়াৰ
চকুত চকুপানী
আমেৰিকাৰ চকুত চকুপানী
ম্যানমাৰৰ
চকুত চকুপানী৷
মানুহবোৰ
দেখাত বেলেগ বেলেগ,
চকুপানী
দেখাত এক৷***
------------------------------
বি: দ্ৰ: কবিৰ অনুমতি সাপেক্ষে অনূদিত ।
No comments:
Post a Comment