Sunday, July 17, 2022

সত্য

 সত্য

 মূল: অংশুমান কৰ (বাংলা)

অসমীয়া অনুবাদ: কুমুদ ঘোষ

 

নতুন স্কুটাৰখন অলপমান পুৰণি 'লেই

বাওঁফালে জিলিকি উঠে

চাইকেলৰ ঘঁহনি খোৱা অকণমানি এটা দাগ

চছ্মাৰ কাঁচও প্ৰথমদিনা যিমান পৰিষ্কাৰ

এবছৰ পাছত আৰু সিমানখিনি নহয়

পোহৰৰফালে দাঙি ধৰিলেই দেখা পোৱা যায় সৰু সৰু আঁচ

আনকি পাঁচ বছৰ বয়স 'লে ঘৰৰ বীমৰ তলফালেও

হঠাৎ এদিন দেখা পোৱা যায় একোটা ফাঁট

 

মানুহৰ সৈতে বস্তুৰেই হওক অথবা মানুহৰেই হওক

পুৰণি সম্পৰ্ক মানেই দুই-এটা দাগ, দুই-এটা ফাঁট

No comments:

Post a Comment

তুমি, অমিতাভ

তুমি, অমিতাভ মূলঃ ডঃ তপোধীৰ ভট্টাচার্য (বাংলা) অসমীয়া অনুবাদঃ কুমুদ ঘোষ   তুমি, অমিতাভ, ভুল পথেৰে পাহাৰ আৰু অৰণ্যৰ পৰা সমতললৈ না...