বুকুৰ কথাবোৰ, বুকুৰ মানুহবোৰ
-কুমুদ ঘোষ
বহুদিনৰ
মূৰত তিনিআলিৰ চুকত
আপোনাৰ
সৈতে কালি মোৰ দেখা-সাক্ষাৎ৷
উষ্ম
আলিঙ্গন, কুশল বিনিময়
ঘৰ-সংসাৰ
দেশ-কালৰ বহু কথা,
পাতি
থাকিলেও শেষ হ’ব নিবিচৰা
কথাবোৰ
সামৰি গুচি আহিলোঁ
অহা
বাটে গুচি গ’ল আপুনি৷
ভিৰৰ
সমুদ্ৰত বাট হেৰুৱাই
কথাবোৰ
পৰুৱাই পোৱা মানুহ হ’ল৷
বুকুত
হাত থৈ খেপিয়াই আছোঁ
বুকুৰ
মানুহবোৰ, বুকুৰ কথাবোৰ –
ঠিক
আপোনাৰ দৰে ময়ো
বিচাৰি
আছোঁ
বুকুৰ
কথাবোৰ
বুকুৰ
মানুহবোৰ৷
No comments:
Post a Comment