বকুলৰ পুলিটো
----------
-
কুমুদ ঘোষ
---------------
এদিন আটোম-টোকাৰীকৈ
তুমি দিয়া
বকুলৰ পুলিটো
মোৰ দীঘলীয়া পদূলিৰ
এমূৰত ৰুইছিলোঁ।
অলপ অলপকৈ বাঢ়ি
অহা পুলিটো দিওঁতে
তোমাৰ বাৰীৰ মাটি
এমুঠিও
পুলিটোৰ সৈতে
দিছিলা;
সেই মাটি আমাৰ
বাৰীৰ মাটিৰ লগত
কেতিয়া কেনেকৈ
মিহলি হ'ল
গ'মকে নাপালোঁ।
তোমাৰ আৰু আমাৰ
দুখন ঘৰৰ মাজত
জেওৰা জপনা,
দুখন ঘৰ, দুখন
বাৰী নহয় যেন
দুখন দেশ
জেওৰা জপনা নহয়
যেন কাঁটাতাঁৰৰ বেৰ।
কালি পুলিটো নিৰাই
থাকোঁতে
দূৰৈৰ পৰা ভাঁহি
আহিল
দীঘলীয়া উঁকিৰে
বনঘোষা এফাঁকি -
'তোৰো মনে গ'লে, মোৰো মনে
গ'লে,
কি কৰিব কলিতা
কুলে।'
তুমি দিয়া বকুলৰ
পুলিটো
আটোম-টোকাৰীকৈ দীঘলীয়া
পদূলিৰ এমূৰত ৰুইছিলোঁ,
এঠাইৰ পুলি এঠাইলৈ
আনোতে
লগত অহা মাটি
কোন কাহানিবাই
নতুন ঠাইত একাকাৰ
হ'ল।
বকুলৰ সুৰভি ভ্ৰম
নহয়
প্ৰেমৰ অনন্ত আকুলতা।
* * *
No comments:
Post a Comment