Sunday, February 27, 2022

শেৱালি ফুলতকৈ বগা ভাতেই অধিক সুন্দৰ

 শেৱালি ফুলতকৈ বগা ভাতেই অধিক সুন্দৰ

 

মূলঃ মহাদেৱ সাহা [বাংলা]

অসমীয়া অনুবাদঃ কুমুদ ঘোষ

 

এই কবিতাটো যিকোনো বিষয়ত হয়তো লিখিব পৰা লহেঁতেন

পিকনিক, ’[ৰ্‌]নিং স্কুলৰ মিছ্ট্ৰেছ

অথবা চম্পা ফুলৰ কাহিনী; হয়তো পখীৰ প্ৰসঙ্গ

যোৱা কিছুদিনে টেলিফনত তোমাৰ মাত নুশুনি

থূপ খোৱা ডাৱৰ,

মন ভাল নহয়, তাক লৈয়ো সম্পূৰ্ণ পাৰিলহেঁতেন

এই পংক্তিবোৰ

অৰ্কিড অথবা উইপিং উইলও স্বচ্ছন্দে পাৰিলহেঁতেন

এই কবিতাৰ বিষয়;

কিন্তু তৃতীয় বিশ্বৰ এখন অতি দৰিদ্ৰ দেশৰ এজন কবিয়ে

মনু মিঞাৰ চৰুৰ খবৰ পাহৰিলে নহ,

মই সেয়ে হনু ভঙা হাৰু শ্বেখৰ মুখলৈ চাই

আন্তৰ্জাতিক শোষণৰ কথাই ভাবোঁ,

এতিয়া ভোকাতুৰ পেটেৰে বুজি পাওঁ কবিতাৰ বাবে কি অপৰিহাৰ্য

শেৱালি ফুলতকৈ মোৰ বাবে সেয়ে কবিতাৰ বিষয় হিচাপে

বগা ভাতেই অধিক জীৱন্ত আৰু এই ধূলি-মাটিৰ মানুহ;

এই কবিতাটোৱে সেয়ে খোজ কাঢি. যায় অন্ধ গলিৰ লেতেৰা বস্তিলৈ

হোটেলৰ ৰঙ্গমঞ্চলৈ তাৰ কোনো আকৰ্ষণ নাই,

তাক দেখোঁ ভূমিহীন কৃষকৰ জুপুৰিত বহি আছে

এটি নগ্ন শিশুৰ ধূলি-বালি লগা গালত মোৰ কবিতাই

অনবৰত চুমা আঁকিছে,

এই কবিতাটোৱে কেতিয়াবা অকলসৰেই গুছি যায়

অনাহাৰী কৃষকৰ সৈতে

জৰুৰী কথা-বতৰা পতাৰ উদ্দেশ্যে,

তাৰ সৈতে তেওঁৰ এনে কি কথা হয় নাজানো

পাচ মুহূৰ্ততেই দেখোঁ সেই ক্ষুধাৰ্ত কৃষকসকল

শোষকৰ গোলা লুট কৰিবলৈ দলৱদ্ধভাৱে থিয় হৈছে;

এই কবিতাটোৰ যদি কোনো সাফল্য থাকে তেনেহ্লে সেয়া ইয়াতেই৷

সেয়ে এই কবিতাৰ আখৰবোৰ ৰঙা, সঙ্গত কাৰণতে ৰঙা

আন কোনো ৰং বই নোৱাৰে -

আন কোনো বিষয়ো নহয়

সেয়ে আৰু কিমানবাৰ , শেৱালি ফুলতকৈ বগা ভাতেই অধিক সুন্দৰ৷***

 

তোমাৰ দুহাতত পৃথিৱীৰ আদিম কবিতা

 তোমাৰ দুহাতত পৃথিৱীৰ আদিম কবিতা

 

মূলঃ মহাদেৱ সাহা [বাংলা]

অসমীয়া অনুবাদঃ কুমুদ ঘোষ

 

তোমাৰ দুহাত মেলি কেতিয়াও চোৱা নাছিলোঁ

ইয়াতে ফুলি আছে পৃথিৱীৰ শ্ৰেষ্ঠ গোলাপ,

তোমাৰ দুহাত মেলি কেতিয়াও চোৱা নাছিলোঁ

ইয়াতে লেখা আছে হৃদয়ৰ গাঢ. পংক্তিবোৰ৷

ফুল ভালপাওঁ বুলি মিছাতে কৰিছোঁ অহঙ্কাৰ

শিল্প ভালপাওঁ বুলি মাৰিছোঁ দম্ভালি অনৰ্থক

মই মূৰ্খই বুজা নাছিলোঁ তোমাৰ দুহাত

কিমান বেছি মানৱিক ফুল -

বুজা নাছিলোঁ কিমান বেছি অনুভূতিশীল

এই দুহাতৰ আঙুলি৷

তোমাৰ দুহাত মেলি কিয় যে মই চোৱা নাছিলোঁ,

কিয় যে কৰা নাছিলোঁ পাঠ এই বিশুদ্ধ প্ৰেমৰ কবিতা!

গোলাপ দেখিছোঁ বাবেই অতদিনে মই কেৱল ভুলকে কৰিছোঁ

তোমাৰ দুহাত মেলি এইবাৰ লাজতে লুকুৱাও মুখ৷

তোমাৰ দুহাততে

ফুলি আছে পৃথিৱীৰ সবাতোকৈ বিশুদ্ধ গোলাপ,

তোমাৰ দুহাততে

পৃথিৱীৰ একমাত্ৰ আদিম কবিতা৷ ¤ ¤ ¤

 

তুমি, অমিতাভ

তুমি, অমিতাভ মূলঃ ডঃ তপোধীৰ ভট্টাচার্য (বাংলা) অসমীয়া অনুবাদঃ কুমুদ ঘোষ   তুমি, অমিতাভ, ভুল পথেৰে পাহাৰ আৰু অৰণ্যৰ পৰা সমতললৈ না...