Tuesday, July 20, 2021

এটা হাত ঘড়ীৰ নেপথ্য কথা

 এটা হাত ঘড়ীৰ নেপথ্য কথা  

----------------------------

এই হাত ঘড়ীটো মোৰ জীৱনৰ এক বিশেষ সম্পদ ১৯৯১ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষা দিবলৈ যোৱাৰ দুদিনমান আগত মায়ে দেউতাই ' নোপোৱাকৈ মনে-মনে তেখেতৰ সাঁচতীয়া ধনেৰে কিনি আনি দিছিল এগৰাকী অতি সাধাৰণ মহিলা মায়ে হাতত ঘড়ীটো দি কৈছিল, 'ঘড়ীটো চাই পৰীক্ষাত উত্তৰ কৰিবি এটা প্ৰশ্নৰ উত্তৰো যাতে বাদ পৰি নাযায় আৰু এটা কথা, হাতত ঘড়ী পিন্ধাৰ বাবে উপযুক্ত হৈ নুঠালৈকে হাতত ঘড়ীটো পিন্ধিব নোৱাৰিবি ' মাৰ কথামতে সেই ঘড়ীটো হাতত পিন্ধা নাছিলোঁ, জেপত থৈছিলোঁ সময় চাই চাই পৰীক্ষাত উত্তৰ লিখিছিলোঁ হাইস্কুল পাৰ হৈ অহাৰ পাছত কলেজীয়া জীৱনৰ পাঁচটা বছৰ এই হাত ঘড়ীটো মোৰ জেপতে আছিল পিন্ধা নাছিলোঁ বিশ্ববিদ্যালয়ত নাম ভৰ্তি কৰাৰ পাছত মেছৰ পৰা প্ৰথমবাৰ ঘৰলৈ আহোঁতে এদিন মাক ঘড়ীটো হাতত পিন্ধিব পাৰোঁ নে নাই সুধিছিলোঁ মোৰ জেপৰ পৰা হাত ঘড়ীটো মায়ে নিজ হাতে উলিয়াই আনি মোৰ হাতত পিন্ধাই দিছিল প্ৰায় ছয়বছৰ দিন মোৰ জেপ শুৱনি কৰা এই হাত ঘড়ীটোৱে সিদিনা প্ৰথমবাৰৰ বাবে মোৰ হাত শুৱনি কৰিছিল বিশ্ববিদ্যালয়ত পঢ়াৰ দিনতে এনেকৈ প্ৰথম আৰম্ভ কৰিছিলোঁ হাতত ঘড়ী পিন্ধিবলৈ আজি এই হাত ঘড়ীটো নিষ্ক্ৰিয়; অথচ এই ঘড়ীটোক লৈ মই এক বিশেষ গৌৰৱ অনুভৱ কৰোঁ সযতনে সাঁচি থোৱা এই হাত ঘড়ীটো হাতত আৰু জেপত লৈ আৱেগিক হৈ ৰোঁ  হাত ঘড়ীটোক মই কি দিলোঁ নাজানো, অৱশ্যে হাত ঘড়ীটোৱে মোক বহুত কিবাকিবি দিলে

 

ভুল সপোন

 ভুল সপোন

-----------------

মূল : অংশুমান কৰ (বাংলা)

অসমীয়া অনুবাদ : কুমুদ ঘোষ

----------------------------------------

কত ৰকমৰ ভয়, কত ৰকমৰ আতঙ্ক, কত ৰকমৰ সংশয়

চমস্কিয়ে কৈছে, এই বিপদ পাৰ 'লে

এখন নিউক্লিয়াৰ যুদ্ধৰ মুখামুখি ' পৃথিৱী

অৰ্থনীতিবিদসকলে কৈছে, সমগ্ৰ বিশ্বত

কোটি কোটি মানুহে কাম হেৰুওৱাব

মহিলা কমিছন উদ্বিগ্ন, বাঢ়িছে গাৰ্হস্থ্য হিংসা

কত ৰকমৰ ভয়, কত ৰকমৰ আতঙ্ক, কত ৰকমৰ সংশয়

মই জোনৰফালে চাই থাকোঁ

ধকধকীয়া, শুকুলা জোন

সিপাৰে অন্ধকাৰ - বুজি পাওঁ ?

হে ভাবী পৃথিৱী, তুমি কিয়নো নহ'বা

জোনৰ এইফালৰ দৰে উজ্জ্বল, মায়াময় ?

----------------

বি: দ্ৰ: কবিৰ অনুমতি সাপেক্ষে অনূদিত

 

তুমি, অমিতাভ

তুমি, অমিতাভ মূলঃ ডঃ তপোধীৰ ভট্টাচার্য (বাংলা) অসমীয়া অনুবাদঃ কুমুদ ঘোষ   তুমি, অমিতাভ, ভুল পথেৰে পাহাৰ আৰু অৰণ্যৰ পৰা সমতললৈ না...