Thursday, August 6, 2020

মই, সি আৰু সিহঁত

মই, সি আৰু সিহঁত

 

মূল : অৰ্জুন দাস (বাংলা)

অসমীয়া অনুবাদ : কুমুদ ঘোষ


(অৰ্জুন দাসৰ জন্ম ১৯৮৬ চনত অসমৰ ওদালগুৰি জিলাৰ কলাইগাঁৱত । তেখেত মূলতঃ কবি । অসমীয়া আৰু বাংলা উভয় ভাষাত সমানেই দক্ষ এইজন লেখকে উভয় ভাষাতে সাহিত্য-চৰ্চা কৰি আহিছে ।‘দহনকালেৰ কথকতা’, ‘আসামেৰ বাংলা ছোটোগল্প’ আদি সঙ্কলনত অৰ্জুন দাসৰ গল্প সঙ্কলিত হৈছে । শিক্ষকতাক পেছা হিচাপে গ্ৰহণ কৰা অৰ্জুন দাস বৰ্তমান কৰ্মসূত্ৰে ধুবুৰী জিলাৰ বাসিন্দা । শ্ৰীদাসৰ অনুমতি সাপেক্ষে বৰ্তমানৰ গল্পটি অনুবাদ কৰা হ’ল ।)    

 

(১)

অৱেশষত সি ঘৰ এৰিবলগীয়া হ’ল । বন্ধু হিচাপে তাক সহায় কৰা দূৰৰে কথা, তাৰ বৃদ্ধ দেউতাকক মাৰি পেলোৱাৰ খবৰ শুনিয়ো চাবলৈয়ো যাব নোৱাৰিলোঁ । যামনো কেনেকৈ ! এই ৰক্তাক্ত সময়ে আমাক ঘৰৰ ভিতৰতে পঙ্গু কৰি থৈছে । শুনিছোঁ, তাক বিচাৰিয়েই তেওঁলোক আহিছিল । তাক নাপায় তাৰ দেউতাককে হত্যা কৰি কাষৰ খালত দলিয়াই থৈ গ’ল । চিকিৎসালয় গৈ পোৱাৰ আগতেই তেখেত ঢুকাল । গোটেই জীৱন কঠোৰ পৰিশ্ৰম কৰি তেখেতে ল’ৰা-ছোৱালীকেইটাক মানুহ কৰিছে । নিৰক্ষৰ যদিও তেখেত আছিল জ্ঞানী । বৃদ্ধ মানুহজনক শেষবাৰৰ বাবে এপলক চাবলৈ যাব নোৱৰাৰ অপৰাধত নিজকে অপৰাধী যেন লাগে ।

 

(২)

হাইস্কুলৰ দিনৰ পৰাই তাৰ সৈতে মোৰ বন্ধুত্ব । তাৰ শৈশৱ-কৈশোৰৰ সকলো কথাই মই জানো । সিহঁতৰ ঘৰখন দুবাৰকৈ বানে উটুৱাই নিয়াৰ পাছত ইয়ালৈ আহি ঘৰ বান্ধিছিল । কি আচৰিত, ইয়াতো নদীখনে লাহে লাহে খহাই খহাই যেন সিহঁতৰ ঘৰখনৰ ফালেই আগুৱাই আহিছে । আচলতে নদীখনে তাৰ সকলো কথা জানে । তাৰ বিষয়ে মোতকৈয়ো নদীখনে বেছি কথা জানে ।

নদীৰ পাৰৰ উৰ্বৰ ভূমিয়ে সিহঁতৰ পৰিয়াললৈ কিছু স্বচ্ছলতা আনিছিল । ৰাতিপুৱা দেউতাকে হাল জুৰিলেই সি নাঙলৰ পিছে পিছে খোজ দিছিল । এনেকৈয়ে বোকা-পানী খচকি সি ডাঙৰ হ’ল, স্কুললৈ যাবলৈ আৰম্ভ কৰিলে । প্ৰতি দেওবাৰে দেউতাকৰ সৈতে বজাৰত নিজৰ বাৰীৰ পাচলি বিক্ৰী কৰিবলৈ যোৱাত তাৰ কি যে আনন্দ আছিল ! আৰু নদীৰ চৰত আবেলি গৰু চৰাবলৈ ভাল পাইছিল । গোৱালপৰীয়া গীতৰ দৰে বিষাদসনা গানবোৰ সি গুণগুণাইছিল । ক’ৰ পৰা বাৰু সি এই গানবোৰ শিকিছিল !

এনেদৰেই এদিন সি সপ্তম শ্ৰেণীৰ বছৰেকীয়া পৰীক্ষাত সৰ্বোচ্চ নম্বৰ পালে । পুৰস্কাৰ হিচাপে তাক দিয়া হ’ল লক্ষ্মীনাথ বেজবৰুৱাৰ ‘বুঢ়ী আইৰ সাধু’ । সি যেন এখন নতুন পৃথিৱীৰ সন্ধান পালে । তাৰ মনত নতুন নতুন কাহিনীয়ে বাহ বান্ধিবলৈ ল’লে । গানৰ ঠাইত কাহিনী হৈ পৰিল তাৰ প্ৰধান ভালপোৱাৰ বিষয় ।

 

(৩)

আমাৰ দুয়োৰে ঘৰত ধৰ্ম বিষয়ত তেনে কোনো মূৰ কামোৰণি নাছিল । সেয়ে তাৰ সৈতে মই অতি সোনকালে ঘনিষ্ঠ হৈ পৰিছিলোঁ । প্ৰথম যিদিনা তাৰ ঘৰলৈ গৈছিলোঁ, তাৰ মাকে মোক চাহ-মুড়িৰ লগত নাৰিকলৰ পিঠা খাবলৈ দিছিল । সেয়াই প্ৰথমবাৰলৈ নাৰিকলৰ পিঠা খালোঁ । তাৰ মাকে মোক নিজৰ সন্তানৰ দৰেই চেনেহ কৰিছিল । আৰু সিয়ো যেতিয়াই আমাৰ ঘৰলৈ আহিছিল, খাবলৈ বুলি আমাৰ মাক টেকেলি পিঠা বিচাৰিছিল ।

আমি নৱম শ্ৰেণীলৈ উত্তীৰ্ণ হ’লোঁ । সি প্ৰথম হ’ল, ছাৰৰ ছোৱালী বন্দিতা দ্বিতীয় আৰু মই কোনোমতে তৃতীয় স্থান অক্ষুণ্ণ ৰাখিলোঁ । আমাৰ ক্লাছৰ বেটচটোক ছাৰ-বাইদেউসকলে বৰ ভাল পাইছিল । তথাপি তাক যেন অলপ বেছি ভাল পাইছিল । সেয়ে ময়ো অলপ-অচৰপ ঈৰ্ষা কৰিছিলোঁ ।

এসময়ত সংগঠন কৰা মোৰ ককাইদউৰ কিছু কিতাপ-পত্ৰ আছিল । সকলোখিনিয়েই সি পঢ়ি অঁতালে । তাৰ উপৰি ক’ৰ পৰা যে সি কিতাপ সংগ্ৰহ কৰি পঢ়িছিল, আমি কোনোৱেই তাৰ একো উমঘামেই পোৱা নাছিলোঁ । ঠিক তেতিয়াৰ পৰাই তাৰ লেখা-মেলা আৰম্ভ হ’ল । প্ৰথম অৱস্থাত মহাত্মা গান্ধীৰ বিষয়ে এক পৃষ্ঠা, ৰবীন্দ্ৰনাথৰ বিষয়ে এক পৃষ্ঠা, কাষৰ নদীখনৰ বিষয়ে এক পৃষ্ঠা, মোমায়েকৰ ঘৰৰ বিষয়ে এক পৃষ্ঠা – এনেকৈ বহীৰ বেয়া পৃষ্ঠাবোৰত লিখি থৈছিল । সপ্তাহ-পষেকৰ পাছত বহীৰ সেই পৃষ্ঠাবোৰ ক’ৰবাত হেৰাই গৈছিল !

এদিনাখন ক্লাছত হাজৰিকা ছাৰে সাতদিনৰ ভিতৰত সকলোকে কিবা নহয় কিবা এটা লিখি আনিবলৈ ক’লে । উদ্দেশ্য হ’ল আমাৰ বিদ্যালয়ৰ পৰা এখন ছমহীয়া প্ৰাচীৰ পত্ৰিকা প্ৰকাশ কৰা । প্ৰাচীৰ পত্ৰিকাৰ নাম থোৱা হ’ল ‘অশোক গছ’ । এই ‘অশোক গছ’তেই তাৰ ‘মোমাইদেউহঁতৰ ঘৰ’ নামৰ চুটিগল্পৰ নিচিনা লেখা এটা প্ৰকাশ হ’ল । বন্দিতা, নিৰ্মালি, কাৰ্লোচ, গৌৰৱৰ নিচিনাকৈ আন বহুতৰেই জীৱনৰ প্ৰথম লেখা ‘অশোক গছ’ৰ পাততেই প্ৰকাশ হৈছিল । ময়ো কবিতা এটা লিখাৰ কথা আছিল, কিন্তু ছয়দিনে চেষ্টা কৰিয়ো ছয়টা শাৰীয়ো লিখিব নোৱাৰিলোঁ । অৱশেষত ‘অশোক গছ’ৰ পাতত মোৰ নামত পাঁচটা মহৎ লোকৰ বাণী প্ৰকাশ হ’ল ।

বন্দিতাৰ কথা কৈ আমি তাৰ খং তুলিছিলোঁ । সি খং কৰিছিল ঠিকেই, অৱশ্যে ধাৰণা হয় ভিতৰি ভিতৰি তাৰ ৰং লাগিছিল । বিদায় সভাৰ দিনা আমি বৰকৈ কান্দিছিলোঁ । বিশেষকৈ ছোৱালীকেইজনীৰ চকুলোৰ সোঁত কোনোপধ্যেই বন্ধ হোৱা নাছিল । আমি ইজনে-সিজনৰ হাতত হাত থৈ প্ৰতিজ্ঞা কৰিছিলোঁ, জীৱন-দৌৰত যিয়েই য’তে নাথাকো কিয়, কোনোৱেই কাকো নাপাহৰোঁ । ওৰে জীৱনলৈ বন্ধুত্ব থাকিব । চকুলো মচি মচি সি ওলাই আহিছিল কাষৰ খালি ক্লাছ ৰূমটোলৈ । তাৰ পিছে পিছে প্ৰায় দৌৰি যোৱাদি গৈছিল বন্দিতা । বন্দিতাৰ চকুলো মচি সিদিনাখন সিহঁত দুয়ো ওৰে জীৱন ওচৰতে থকাৰ প্ৰতিশ্ৰুতি দিছিল । সিদিনা তাৰ নাকত বন্দিতাৰ মেখেলাৰ সুগন্ধ স্থায়ী হৈ ৰ’ল । ৰাতিলৈ কবিতাৰ ৰূপত কেইটামান শাৰী তাৰ মনলৈ আহিল । পোনপটীয়াকৈ অংকৰ বহীখনৰ পিছফালে সি মনলৈ অহা শাৰীকেইটা টুকি থ’লে । সেয়াই তাৰ প্ৰথম কবিতা । ইয়াৰ পাছত আৰম্ভ হ’ল অন্য এক যাত্ৰা ।  

মেট্ৰিক পৰীক্ষাত সিহঁত দুয়ো লেটাৰসহ প্ৰথম বিভাগত উত্তীৰ্ণ হ’ল । মই কোনোৰকমে দ্বিতীয় বিভাগ পালোঁ । বন্দিতা গুৱাহাটীলৈ গ’লগৈ । মোমায়েকৰ ঘৰত থাকি পঢ়া-শুনা কৰাৰ উদ্দেশ্যৰে বিজ্ঞান শাখাত নাম ভৰ্তি কৰিলে । আন আন বন্ধুসকলৰ সৈতে আমিয়ো স্থানীয় কলেজখনতে নাম ভৰ্তি কৰিলোঁ । প্ৰথমৰফালে বন্দিতা ঘৰলৈ আহিলেই তাৰ খা-খবৰ লৈছিল । পৰৱৰ্তী সময়ত বন্দিতা লাহে লাহে অলপ অলপকৈ দূৰলৈ আঁতৰি যাব ধৰিলে । তথাপি বিদায় সভাৰ সেই মুহূৰ্তটোৱে প্ৰায়েই তাইৰ মনত দোলা দি থাকিল ।

 

(৪)

আমাৰ এই স্থানীয় কলেজখনত যি দুই-চাৰিজন প্ৰধান কবি, সাহিত্যিক আছে তেখেতসকলৰ বিষয়ে আগেয়ে জনা নাছিলোঁ । বছৰচেৰেক পাছত তেখেতসকলৰ সৈতে আমাৰ ঘনিষ্ঠ সম্পৰ্ক গঢ় লৈ উঠিল । নতুন উদ্যমেৰে লেখা-মেলা আৰম্ভ হ’ল । অসীম ছাৰৰ সৈতে আমি প্ৰায়েই আড্ডা দিছিলোঁ । কবিতাৰ গতি-প্ৰকৃতি সম্বন্ধীয় ছাৰৰ কথা-বতৰাত উদ্বুদ্ধ হৈ আৰু আড্ডাত টিকি থকাৰ স্বাৰ্থত ময়ো জোৰকৈ দুই-চাৰিটা কবিতা লেখিবলৈ আৰম্ভ কৰিলোঁ । আচৰিত কথাটো হ’ল, ছাৰৰ অলপ-অচৰপ প্ৰশংসা লভি পৰৱৰ্তী সময়ত মই নিজেই লেখাৰ তাগিদা অনুভৱ কৰিবলৈ ল’লোঁ ।

লাহে লাহে স্থানীয় কাকত-আলোচনীৰ পৰিধি অতিক্ৰমি তাৰ কবিতা দুই-এখন জনপ্ৰিয় আলোচনীত প্ৰকাশ হ’বলৈ ধৰিলে । দুই-এখন কবি সম্মিলনলৈয়ো তাৰ আমন্ত্ৰণ আহিব ধৰিলে । মোৰ দৃষ্টিত সি ক্ৰমাত অলপ-অলপকৈ কবি হৈ উঠিল । তাৰ এই উত্তৰণ মোৰ ভাল লাগিল । মোৰো দুই-এটা কবিতা স্থানীয় কাকত-আলোচনীত প্ৰকাশ হ’বলৈ ল’লে । আমি বাৰজন ল’ৰা-ছোৱালী মিলি ‘নৈপৰীয়া সাহিত্য পৰিষদ’ নামেৰে এটি সাহিত্যৰ বৈঠক আৰম্ভ কৰিলোঁ । মাহেকীয়া এই বৈঠকত আমি গল্প-কবিতা পাঠ কৰিছিলোঁ । ছাৰে আমাৰ লেখাবোৰ সমালোচনা কৰিছিল, ভাল হ’লে প্ৰশংসাও কৰিছিল ।

 

(৫)

কলেজত নাম ভৰ্তি কৰাৰ পাছত আমি দুয়ো একেটা ভাৰাঘৰতে থাকিবলৈ ল’লোঁ । কাবেৰী নামৰ ছোৱালী এজনীয়ে আমাৰ ডিপাৰ্টমেণ্টত নতুনকৈ নাম ভৰ্তি কৰিলে ! অতি কম সময়ৰ ভিতৰতে তাই আমাৰ গ্ৰুপৰ সদস্য হৈ পৰিল । ক্ৰমশঃ আমাৰ ঘনিষ্ঠ হৈ উঠিল । আমি সকলোৱেই কাবেৰীৰ ৰূপত মুগ্ধ হৈ পৰিছিলোঁ । অৱশ্যে কাবেৰীৰ উজ্জ্বল ব্যক্তিত্ব আছিল আমাৰ সকলোৰে বাবে প্ৰাচীৰৰ দৰে । এই অসম্ভৱ ব্যক্তিত্বৰ ছোৱালীজনী কেতিয়া যে আমাৰ কবিৰ প্ৰেমত পৰিল, মই জনাৰ সুযোগেই নাপালোঁ । বিজ্ঞান শাখাৰ কাষৰ কৃষ্ণচূড়া গছজোপাৰ তলত সি আৰু কাবেৰীয়ে আড্ডা দিছিল । কাবেৰীয়ে তাৰ কবিতা শুনিছিল । মাজে-সময়ে বিয়লি পৰত হাবি-বনেৰে আৱৰা পাৰ্কখনত বহিছিল । সিহঁতৰ কিমান যে কথা ! কথাৰ যেন শেষ নাই । তাৰ হাতখন নিজৰ হাতত সুমুৱাই কাবেৰী বহি থাকিছিল । এদিনাখন এই হাস্যময়ী কাবেৰীক আমাৰ ভাৰাঘৰত শিশুৰ দৰে কন্দা-কটা কৰা দেখিলোঁ । মই বজাৰৰ পৰা উলটি আহি দুৱাৰৰ পৰ্দাখন দাঙিয়েই দেখিলোঁ কাবেৰীৰ কোলাত মুখখন গুজি সি কান্দি আছে আৰু কাবেৰীৰ চকুৰ পৰা টোপা-টোপে সৰি পৰা চকুলো তাৰ মূৰত পৰিছে । কাবেৰীৰ হাত দুখনে যেন তাৰ চুলিত সেই হেৰুওৱা চকুপানীখিনি বিচাৰি ফুৰিছে । এই আৱেগিক মুহূৰ্ত দেখি মই আৰু ৰৈ থাকিব নোৱাৰিলোঁ, চাইকেলখন লৈ পুনৰ বজাৰ অভিমুখে গুছি আহিলোঁ ।

 

(৬)

স্নাতক হোৱাৰ পাছতেই মই হাইস্কুল এখনত চাকৰি পালোঁ । কবিৰ প্ৰেমিকাৰ বিয়া হৈ গ’ল । কাবেৰীৰ বাবে সি বৰকৈ ভাগি পৰিল । আমিবোৰে অনেক বুজাই-বঢ়াই তাক পুনৰ লেখা-মেলালৈ ওভতাই আনিলোঁ । ছাৰৰ পৰামৰ্শত তাৰ ‘ভাটিয়ালী’ নামেৰে কবিতা সংকলন এখন প্ৰকাশ হ’ল । ‘নৈপৰীয়া সাহিত্য পৰিষদ’ৰ তৰফৰ পৰা ময়েই সংকলনখন প্ৰকাশ কৰিলোঁ । কিতাপখন সি কাবেৰীৰ নামত উচৰ্গা কৰিছিল । বিয়াৰ পাছত কাবেৰীয়ে পুৰণি বন্ধুৰ দৰে তাৰ বা-বাতৰি লৈছিল । ক’ৰবাত তাৰ কবিতা প্ৰকাশ পালে বা অন্য লেখা ছপা হ’লে সকলোতকৈ আগেয়ে কাবেৰীয়েই ফোন কৰিছিল – ‘মা, কেনে আছে ? নদীখনে এইবাৰ কিমানখিনি খহালে ? বিহুত দেখা পামনে ? মুখামুখিকৈ বহি আমি কথা-বতৰা নপতা বহুদিনেই হ’ল ।’ এনেকৈয়ে ভাঁহি আহিছিল কাবেৰীৰ মাত । কাবেৰী আজিয়ো তাৰ মনত প্ৰৱহমান ।

 

(৭)

বুকুত বিষাদ আৰু চকুত সপোন লৈ সি এম. এ. পাছ কৰি গাঁৱলৈ উভতিল । ময়ো ট্ৰেন্সফাৰ হৈ দূৰৈৰ স্কুল এখনলৈ গুছি আহিলোঁ । চাৰ্টিফিকেটত ওজন থাকিলেও সি চাকৰি এটা গোটাব নোৱাৰিলে । টিউশ্বন আৰু বাতৰি কাকতত দুই-চাৰিটা কলম লিখিয়েই তাৰ জীৱিকা চলিছিল । সি ঘৰলৈ উলটি অহাৰ পাছতেই ‘নৈপৰীয়া সাহিত্য পৰিষদ’ পুনৰ নতুনকৈ প্ৰাণ পাই উঠিল । ‘ঢেঁকীয়া সপোন’ নামৰ আন এটি কবিতাৰ পাণ্ডুলিপি প্ৰস্তুত কৰাৰ কামত সি ব্যস্ত হৈ পৰিছিল ।

 

(৮)

দেউতাকক মাৰি পেলোৱাৰ দুদিন পাছতেই সি মাকক লগত লৈ গুৱাহাটীলৈ গুছি গ’ল । যোৱাৰ আগেয়ে সি মোক ফোন কৰি কৈছিল – ‘ঘৰখন এৰি যাবলৈ বৰ কষ্ট পাইছোঁ । বাৰীৰ আম, কঁঠাল, কমলা গছ, নদীৰ পাৰৰ বেঙেনা খেতি, নদীখন – সকলোবোৰ এৰি যাব লগা হৈছে । এই সকলোবোৰেইচোন মোৰ । তথাপি কিয় এৰি যাব লাগিব জাননে ? জন্ম আৰু ভাষাৰেই কেৱল অধিকাৰ, ভালপোৱাৰ কোনো অধিকাৰ নাই ? মই হয়তো আৰু কবিতা লিখিব নোৱাৰিম । ভালপোৱাৰ প্ৰতি থকা মোৰ বিশ্বাস নাইকিয়া হৈ আহিছে ।’ মই বাকৰুদ্ধ হৈ পৰিলোঁ । মোৰ দুচকু চলচলীয়া হৈ পৰিছিল । সিদিনাখন তাৰ কোনো প্ৰশ্নৰে উত্তৰ দিব পৰা নাছিলোঁ । উত্তৰবোৰ মোৰো জ্ঞাত নাছিল ।

 

(৯)

মাকক লগত লৈ সি গুছি গ’ল । যোৱাৰ দুদিনৰ পাছত ৰাতিৰ অন্ধকাৰত সিহঁতবোৰ আহিল আৰু জন্মৰ আক্ৰোশত জ্বলাই থৈ গ’ল আমাৰ আৰু পাঁচখন গাঁও । উত্তৰত পাছদিনা ৰাতি আমাৰ মানুহেও জ্বলালে সিহঁতৰ দহখন গাঁও । কটা গ’ল সাতজন নিৰীহ মানুহ । এতিয়াও হাজাৰ হাজাৰ মানুহে বেলেগ বেলেগ শিবিৰত দিন পাৰ কৰিছে । আমিয়ো শিবিৰত । বাহিৰত কাৰ্ফিউ । এৰি অহা ঘৰখনলৈ উভতিব পৰা নাই । বাছ বন্ধ, বাতৰি কাকতো অহা নাই । শিবিৰত এটাই মাত্ৰ টিভি । চকুত ভয় আৰু মনত ক্ৰোধ সাৱটি আমি টিভি চাওঁ । আজি মই এইবোৰ কি দেখিছোঁ ! ৰাজপথৰ দাঁতিত আৰু দুটা অচিনাক্ত মৃতদেহ উদ্ধাৰ হৈছে । এগৰাকী বৃদ্ধা আৰু এজন যুৱক । যুৱকজনৰ কাষতে তেজলগা কবিতাৰ পাণ্ডুলিপি – ‘ঢেঁকীয়া সপোন’ । কেমেৰাই ওচৰলৈ আনি দেখুৱাইছে কবিতাৰ দুটা শাৰী – ‘দিনত বোকামাটিৰ সপোন দেখে মোৰ পিতাইয়ে / ৰাতি সপোন দেখে এখন সুস্থ সমাজ …।’ শোকাচ্ছন্ন মই স্পষ্টকৈ দেখা পাইছোঁ তেজলগা কবিতাৰ পাতৰ এই শাৰী দুটাত অলপো তেজৰ দাগ নাই ।* * *                            

 

Saturday, August 1, 2020

নিখুঁত অভিনয়


নিখুঁত অভিনয়

মূল : বিকাশ দে (বাংলা)
অসমীয়া অনুবাদ : কুমুদ ঘোষ



(বিকাশ দে-ৰ জন্ম ১৯৫৬ চনত অসমৰ বৰাক উপত্যকাত অৱস্থিত বদৰপুৰ চহৰত । তেখেত বৰ্তমান কৰিমগঞ্জৰ নিৱাসী । বৰ্তমানলৈকে প্ৰকাশিত গল্প সঙ্কলনৰ সংখ্যা নখন । বিকাশ দে-ৰ সানন্দ অনুমতি সাপেক্ষে এই গল্পটিৰ অসমীয়া অনুবাদ পাঠকলৈ আগবঢ়ালোঁ । অনুবাদৰ অনুমতি প্ৰদান কৰাৰ বাবে ব্যক্তিগতভাৱে গল্পকাৰৰ ওচৰত আমি কৃতজ্ঞ ।)


          বাথৰূমত সোমায়েই খোলা চাবোনৰ কেচটোৰ পৰা চাবোনডোখৰ তুলিব লওঁতেই অৰ্ণৱে দেখিলে কেচটোত থকা পানীখিনিয়ে বগৰা-বগৰি কৰিছে । কাপোৰ ধুবলৈ আহি নিশ্চয় বনকৰা মানুহগৰাকীয়ে অলপ আগেয়ে এই কাণ্ডটো কৰিলে । মূৰটো গৰম হৈ গ’ল । অথচ কাণ্ডটো মানি ল’বলগীয়া হৈছে । বনকৰা এই মানুহগৰাকীয়েই এতিয়া তেওঁৰ পৰিয়ালটোৰ একমাত্ৰ ভৰসা ।
   আন এদিনৰ কথা । বজাৰৰ পৰা উলটি আহি দেখিলে উদং ঘৰখনত চিলিং ফেনখন ফুলস্পিডত অকাৰণত ঘূৰিয়েই আছে । ল’ৰা স্কুলত, ছোৱালীহঁত কলেজত ।
   বহুপৰৰ পাছত বনকৰা মানুহগৰাকী ঘৰত সোমাব লওঁতেই অৰ্ণৱে ক’লে,‘ক’লৈ গৈছিলা ?’ মানুহগৰাকীয়ে উত্তৰ দিলে,‘কাষৰ ঘৰৰ নবৌগৰাকীক চাবলৈ গৈছিলোঁ । কেইবাদিন ধৰি খুব জ্বৰ ।’
অৰ্ণৱে ক’লে,‘উদং ঘৰখনত চলি থকা ফেনখনৰ চুইচটো অফ নকৰাকৈ, সমুখৰ দৰজাখন বন্ধ নকৰাকৈ …।’
মানুহগৰাকীয়ে অতি সহজভাৱে ক’লে,‘মন নকৰিলোঁ ।’ এয়া কিনো এনে ভুলটো হ’ল ।
অৰ্ণৱে একো নক’লে । এওঁলোকক একেটা কথাকে বাৰেপতি কৈ থাকিয়ো লাভ নহয় । বনকৰা মহিলাগৰাকীৰ এনে খামখেয়ালি স্বভাৱ, অসতৰ্ক চাল-চলনে তেওঁক তেওঁৰ পত্নীৰ কথালৈ বৰকৈ মনত পেলাই দিলে ।
অৰ্ণৱহঁতে সংসাৰখন বঢ়ালে । বিয়াৰ দুবছৰ হ’ল কি নহ’ল অথচ যমজ কন্যাসন্তানৰ জন্ম । আৰু তিনি বছৰৰ মূৰত শৰ্মিলাই এটি পুত্ৰ সন্তানৰ আশাত স্বামীক হেঁচা দিবলৈ আৰম্ভ কৰিলে । অৰ্ণৱৰ ইচ্ছা নাছিল । কিন্তু ঘোৰ আপত্তিয়ো নাছিল । ভগৱন্তই শৰ্মিলাৰ প্ৰাৰ্থনা শুনিলে । কোলালৈ ল’ৰাৰ আগমন ঘটাত তাই ভীষণ সুখী হ’ল । হঠাৎ উৎসাহ কেইবাগুণো বাঢ়িল । সংসাৰখন থানথিত লগাবলৈ তাই ব্যস্ত হৈ পৰিল । মাত্ৰ কেইবছৰমানৰ ভিতৰতে ভাড়াঘৰ এৰি পৰিপাটীকৈ সজোৱা নিজৰ ঘৰখনলৈ গুচি আহিল । নতুন ঘৰখনৰ একাংশ ভাৰালৈ দি উপাৰ্জনৰ আন এটা বাট মুকলি কৰি ল’লে । এইক্ষেত্ৰত শৰ্মিলাৰ আগ্ৰহ আৰু চেষ্টাই আছিল অধিক । অৰ্ণৱে ৰাজ্য চৰকাৰৰ অধীনত এটি ভাল চাকৰিয়েই কৰে । স্বাচ্ছন্দ্য নাথাকিলেও তেওঁলোকৰ সংসাৰত অভাৱ-অনাটন বৰ বিশেষ নাছিল । তেওঁলোকৰ ল’ৰা-ছোৱালীকেইটা কোনো ক্ষেত্ৰতে অশান্তিৰ কাৰণ হৈ উঠা নাছিল । আজিকালি এই কথা বিৰল ।
সংসাৰত শান্তি বিৰাজ কৰিলে লক্ষ্মীদেৱীও সুখী হয় । দাম্পত্য জীৱনত স্বামী-স্ত্ৰীৰ মাজত সৰু-সুৰা বিষয়কলৈ মতানৈক্য হ’বও পাৰে । কেইজনমান সেইবোৰ লৈয়েই সংসাৰ যাত্ৰাত বছৰৰ পাছত বছৰ আগবাঢ়িব লগা হয় । শৰ্মিলাৰ সৈতে এই জীৱনত তেওঁৰ কেতিয়ানো মতানৈক্য, কাজিয়া হৈছে সেই কথা মনত পেলাবলৈ যত্ন কৰিয়ো ভাগ্যৱান অৰ্ণৱে সঠিককৈ মনত পেলাব পৰা নাই । প্ৰেম বিবাহ নহয়, দুয়োজনৰ ঘৰৰ মানুহে ঠিক কৰা বিবাহ । অথচ কি যে আচৰিত ধৰণৰ বুজাপৰা । অনেকৰ বাবেই এয়া ঈৰ্ষণীয় বিষয় । বুকুভৰাই দুয়োজনেই ভালপোৱাৰ অক্সিজেন ল’বলৈ সক্ষম হৈছে । এদিনাখন ব্লেডেৰে নখ কাটিবলৈ লওঁতে অৰ্ণৱৰ আঙুলি এটাৰ অলপমান কাটিছিল । তেজ ওলাল কি নোলাল, শৰ্মিলা কেংকেঙাই উঠিল । তাৰ পাছত কি যে হুলস্থুল কাণ্ড । অৰ্ণৱ সহজে মান্তি নোহোৱাত, তাই তেওঁক জোৰজবৰদস্তি ফাৰ্মাচি এখনলৈ নি টিটেনাচ ইনজেকশ্বন এটা দিয়ালে, তাৰ পাছতহে তেওঁ নিস্তাৰ পালে । আন এদিনাখনৰ কথা, অফিচৰ জৰুৰী মিটিং এখন সামৰি ঘৰলৈ উলটি আহোঁতে অৰ্ণৱৰ যথেষ্ট ৰাতি হ’ল । ঘৰ পায়েই দেখিলে নোখোৱা-নোবোৱাকৈ শৰ্মিলাই তেওঁৰ বাবে অপেক্ষা কৰি আছে । চকুৱে-মুখে উৎকণ্ঠাৰ ভাব । এনে ধৰণৰ আৰু বহু ঘটনা আছে । সেইবোৰ শুনাত অতি সাধাৰণ যেন লাগিলেও কিন্তু ভালপোৱাৰে সমৃদ্ধ ! সেয়া কেৱল স্বামী-স্ত্ৰীয়েহে বুজি পাব । এইবোৰ কথা কাকো কৈ বুজাব নোৱাৰি । এইবোৰ ঘটনা মনত পৰিলেই কান্দোন এটাই তেওঁৰ ডিঙিটো সোপা মাৰি ধৰে ।সুখৰ স্মৃতি সঁচাকৈ বৰ বেদনাদায়ক ।

(২)
মাত্ৰ পোন্ধৰ-ষোলদিন ধৰি শৰ্মিলাৰ বুকুত বিষ । দুজন চিকিৎসকক দেখুৱাই ঔষধ লৈয়ো বিষ কমা নাই । তাৰ পাছত এজন অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শমতে অৰ্ণৱে পত্নীক বাহিৰলৈ নি দেখুওৱাৰ যাৱতীয় প্ৰস্তুতি চলাইছে । কিন্তু শৰ্মিলাই তেওঁক কোনো সুযোগেই নিদিলে । এদিন ৰাতি হঠাৎ নিঃশব্দে …। মাজবাটতে গিৰীয়েকক অকলশৰে এৰি তাই গুচি গ’ল । সকলো কথাতে খৰধৰ স্বভাৱৰ বোৱাৰীজনী মাত্ৰ একাৱন্ন বছৰ বয়সতে সকলোৰে মাজৰ পৰা বিদায় ল’লে । এই বেদনা অৰ্ণৱে কোনোমতে সহিব পৰা নাই । সহিব নোৱৰাৰ কাৰণ হয়তো ঘটনাৰ আকস্মিকতাত, হয়তো পৰস্পৰৰ প্ৰতি থকা গভীৰ ভালপোৱাত । নহয়, সঠিককৈ কোৱা টান । আচলতে উভয় কাৰণৰ ৰসায়নৰ ফলতে অৰ্ণৱ একেবাৰে ভাগি পৰিছে । ক’ব পাৰি দিশহাৰা । মৃত্যু সঁচাকৈ নিষ্ঠুৰ । প্ৰিয়জনৰ মৃত্যু তাতকৈয়ো নিষ্ঠুৰ । ঘন কুঁৱলিৰে আৱৰা জীৱনৰ খলা-বমা দীৰ্ঘ বাটেদি তেওঁ এতিয়া অকলশৰীয়াকৈ আন কোনো সহায়ক চালক বিহনেই গাড়ী চলাব লগা হৈছে । ভাগ্যৰ পৰিহাস ।   
(৩)
এদিনাখন আলমাৰিৰ পৰা অৰ্ণৱে কামিজ এটা উলিয়াবলৈ লওঁতেই ৰঙীন খাম এটা মজিয়াত পৰিল । মজিয়াৰ পৰা তুলি দেখিলে ঠিকনাটো অচিনাকি । শৰ্মিলাই বোধ হয় কাৰোবালৈ পঠিয়াবলৈ থৈছিল । প্ৰথমে ভাবিলে, কোনোবা আত্মীয়-স্বজন বা পৰিচিত কাৰোবালৈ পঠিয়াবলৈ লেখা চিঠি । কিন্তু মৃত্যুৱে তাইক কাঢ়ি নিলে । চিঠিখন পঠোৱা নহ’ল । কেই মুহূৰ্তমানৰ পাছত মনত পৰিল, আত্মীয়-স্বজন বা পৰিচিত কোনোবাজন হোৱা হ’লে খামৰ ওপৰত লেখা নামটো তেওঁৰ অপৰিচিত হোৱাৰ কথাই নাহে । তেনেহ’লে কোননো ? কৌতূহল দমাব নোৱাৰি তেওঁ খামটো ফালি চিঠিখন উলিয়াই পঢ়িবলৈ আৰম্ভ কৰিলে –
‘মৃদুলদা, এইখনেই হয়তো আপোনালৈ লেখা মোৰ অন্তিমখন চিঠি । মনে তেনে কথাই কৈছে । শাৰীৰিক অৱস্থা দিনকদিনে বেয়াৰ ফালে ঢাল খাইছে । চিকিৎসকক দেখুৱাইও একো ফল ধৰা নাই । হয়তো আৰু কোনোদিনেই চিঠি বা ফোনেৰে আপোনাৰ সৈতে যোগাযোগ কৰিব নোৱাৰিম । স্বামীক প্ৰায় সকলোখিনিয়েই দিলোঁ । কিন্তু সঁচা কথা ক’বলৈ গ’লে তেওঁক কেৱল মনটোহে দিব নোৱাৰিলোঁ । মন যে মাত্ৰ এটাই …।’
ঊৰ্ধশ্বাসত চিঠিখন পঢ়ি অৰ্ণৱ হতভম্ব হৈ পৰিল । তাৰিখটো চাই ধৰিব পাৰিলে, মৃত্যুৰ মাথোঁ তিনিদিন পূৰ্বে লেখা চিঠি । হঠাৎ হোৱা এনে এক প্ৰচণ্ড বিস্ফোৰণৰ ফলত তেওঁ চকুৰে চৌদিশ কেৱল ধোঁৱা-কোঁৱা দেখিছে । স্থিৰ হ’বলৈ তেওঁক যথেষ্ট সময় লাগিল ।
গোপন ভাইৰাচে সংসাৰখন যাতে অচল কৰি নেপেলায় সেই কথা ভাবিয়েই বাৰু শৰ্মিলাই দুকুৰি পাঁচ বছৰীয়া দাম্পত্য জীৱনত স্বামীৰ সৈতে কেৱল ভালপোৱাৰ অভিনয় কৰি গ’ল নেকি ? বিবাহিত হৈয়ো পৰপুৰুষৰ প্ৰতি আসক্ত প্ৰয়াত পত্নীৰ কথা ভাবি ভাবি তেওঁৰ বুকুখন গধুৰ হৈ পৰিল ।
এইখন যেন চিঠি নহয় । তেওঁৰ বাবে চাবুক । শৰ্মিলাৰ কথা মনত পৰিলেই প্ৰতিশোধ লোৱাৰ যন্ত্ৰণাত তেওঁ ছটফটাবলৈ ধৰে । ধাৰণা হয়, যেন অসংখ্য মৌমাখিয়ে তেওঁৰ মূৰত বিন্ধিছে । দিনৰ বেলিকা তেওঁ অফিচত । ল’ৰা-ছোৱালীহঁত স্কুল-কলেজত । ঘৰখনত শৰ্মিলা অকলশৰীয়া । অবাধ সুযোগ । চিঠিখন পঢ়ি এই কথা বুজিব পৰা গৈছে, এই অবৈধ সম্পৰ্কটো সুদীৰ্ঘ কেইবাবছৰ ধৰি ৰমৰমীয়াকৈ চলি আছিল । ল’ৰা-ছোৱালীকেইটাৰফালে তেওঁ তন্ন তন্নকৈ নাচায় ! যদি কেনেবাকৈ সিহঁতৰ চেহেৰাত তেওঁৰ কোনো ছাপ দেখা নাপায় ?

(৪)
কেইদিনমানৰ পৰা অৰ্ণৱৰ অন্তৰত প্ৰশ্ন হৈছে, কিয় বাৰু বুদ্ধিমতী, সদাসতৰ্ক শৰ্মিলাই চিঠিখন কাৰো হতুৱাই প’ষ্ট নকৰি ইচ্ছাকৃতভাৱে আলমাৰিত কাপোৰৰ জাপৰ মাজত থৈ দিছিল ? এদিন যাতে অৰ্ণৱৰ চকুত পৰে । চিঠিখন পঢ়াৰ পাছত তাইক বিশ্বাসঘাতক বুলি ভাবে । এয়াই হয়তো তাই বিচাৰিছিল । অর্ণৱে তাইক যে কিমান গভীৰভাৱে ভাল পাইছিল, সেই কথা তেওঁৰ বাহিৰে আন কোনেনো জানে ? পত্নীৰ অকাল বিয়োগৰ বেজাৰত মানসিকভাৱে কাতৰ হৈ পৰাটোৱেই স্বাভাৱিক । কিন্তু চিঠিখন পঢ়াৰ পাছত আন যিয়েই হওঁক, পত্নীৰ প্ৰতি ওপজা ঘৃণাৰ পৰা তেওঁ অতি সোনকালে স্বাভাৱিক জীৱনলৈ উলটি আহিব পাৰিব । মাতৃহীনা সন্তানকেইটাৰ লগতে অৰ্ণৱৰ বাবে যিটো কথা অতিকে জৰুৰী ।
মনলৈ অহা কথাবোৰ তেওঁ কোনোপধ্যেই আঁতৰাই পঠাব পৰা নাই । বৰং ক’ব পাৰি তেওঁক খুলি খুলি খাইছে । এনেকুৱা অভিনয়ো কৰিব পাৰিনে ? ***

তুমি, অমিতাভ

তুমি, অমিতাভ মূলঃ ডঃ তপোধীৰ ভট্টাচার্য (বাংলা) অসমীয়া অনুবাদঃ কুমুদ ঘোষ   তুমি, অমিতাভ, ভুল পথেৰে পাহাৰ আৰু অৰণ্যৰ পৰা সমতললৈ না...