Sunday, May 31, 2020

আতঙ্ক





বেংকৰ কাষতে গাত লগালগিকৈ টি এমটো দুটা দীঘলীয়া শাৰী চাবোন পানীৰে হাত দুখন ধুই নিৰ্দিষ্ট দূৰত্ব বৰ্তাই থিয় 'লোঁ এট টি এমৰ শাৰীত লগত পত্নী, তেওঁ দুয়োটা শাৰীৰে বাহিৰৰ নাহৰজোপাৰ ছাঁত অকলশৰে থিয় হৈ আছে মোক তেওঁ দেখি আছে, ময়ো তেওঁক দেখি আছোঁ ঠিক আৰু এজনৰ পাছতেই টি এমলৈ যাব পাৰিম, তেনেতে সিটো শাৰীৰ পৰা ওলাই আহি এজনে আন কেইবাজনকো কলম এটা বিচাৰিলে; কোনোৱেই নিদিলে মোৰ ওচৰ পোৱাত পকেটৰ পৰা কলমটো উলিয়াই তেওঁক দিলোঁ তেওঁ মুহূৰ্তৰ ভিতৰতে ফৰ্ম এখন পূৰাই মোৰ পৰা নিয়া কলমটো ঘূৰাই দিবলৈ মোৰ ওচৰলৈ আহিল, হঠাৎ পত্নীৰ চকুলৈ মোৰ চকু ' তেওঁৰ চকুযুৰি যেন চকু নহয়, জ্বলন্ত অগ্নিপিণ্ড মই মানুহজনক হাঁহি এটা মাৰি 'লোঁ,'কলমটো আপোনাকে উপহাৰ দিলোঁ ' ■■■


টোকোৰা চৰাইৰ বাহ






'বাইল 'নৰ টাৱাৰটো প্ৰথম বহুৱাবলৈ আহোঁতে বুঢ়ীয়ে মনতে ৰং পাইছিল মানুহক ঘৰৰ ঠিকনাটো দিবলৈ সুবিধা ' কালি তিনি বছৰৰ মূৰত চহৰৰ পৰা অহা নাতিটোৰ সেমেকা মুখখন দেখি বুঢ়ীয়ে সুধিলে,'কি ', মন মাৰি আছ'যে ?' নাতি 'ৰাটোৱে হাতত লৈ থকা কেমেৰাটো বেগত সুমুৱাই 'লে,'আইতা এই যমদূতটো আহিল যেতিয়া তোমাৰ বাৰীত থকা টোকোৰা চৰাইৰ ' 'বলৈ মই চাগে' আৰু দুনাই নাহোঁ !' বুঢ়ীয়ে একো নামাতিলে নিজৰ শোৱনি কোঠাৰ পৰা জীৰ্ণ টোকোৰা চৰাইৰ বাহ এটা আনি নাতিয়েকৰ হাতত দি 'লে,'সিহঁতবোৰে কেতিয়াবাই এই ঠাই এৰিলে ' বোপাই তোলৈ বুলি এই বাহটোকে থৈছিলোঁ মই চকু মুদিবলৈ বেছি দিন নাই এই যমদূতটোক কিবা কৰিব পাৰি নেকি চাবিচোন ' আইতাকৰ চকু দুটা সেমেকি উঠিল সি আইতাকৰ ঠাইত টোকোৰা এজনীক বিনাই থকা দেখিলে ■■


তুমি, অমিতাভ

তুমি, অমিতাভ মূলঃ ডঃ তপোধীৰ ভট্টাচার্য (বাংলা) অসমীয়া অনুবাদঃ কুমুদ ঘোষ   তুমি, অমিতাভ, ভুল পথেৰে পাহাৰ আৰু অৰণ্যৰ পৰা সমতললৈ না...