Tuesday, April 2, 2024

লিটল মেগেজিন : কি আৰু কিয়?

 

বুকুৰ কথাবোৰ বুকুৰ মানুহবোৰ

 বুকুৰ কথাবোৰ, বুকুৰ মানুহবোৰ

-কুমুদ ঘোষ

 

বহুদিনৰ মূৰত তিনিআলিৰ চুকত

আপোনাৰ সৈতে কালি মোৰ দেখা-সাক্ষাৎ৷

 

উষ্ম আলিঙ্গন, কুশল বিনিময়

ঘৰ-সংসাৰ দেশ-কালৰ বহু কথা,

পাতি থাকিলেও শেষ হ’ব নিবিচৰা

কথাবোৰ সামৰি গুচি‍ আহিলোঁ

অহা বাটে গুচি গ’ল আপুনি৷

 

ভিৰৰ সমুদ্ৰত বাট হেৰুৱাই

কথাবোৰ পৰুৱাই পোৱা মানুহ হ’ল৷

 

বুকুত হাত থৈ খেপিয়াই আছোঁ

বুকুৰ মানুহবোৰ, বুকুৰ কথাবোৰ –

 

ঠিক আপোনাৰ দৰে ময়ো

বিচাৰি আছোঁ

বুকুৰ কথাবোৰ

বুকুৰ মানুহবোৰ৷

 

 

তুমি, অমিতাভ

তুমি, অমিতাভ মূলঃ ডঃ তপোধীৰ ভট্টাচার্য (বাংলা) অসমীয়া অনুবাদঃ কুমুদ ঘোষ   তুমি, অমিতাভ, ভুল পথেৰে পাহাৰ আৰু অৰণ্যৰ পৰা সমতললৈ না...