আমাৰ মৌনতা, গছবোৰৰ বেদনা
--------------
কুমুদ ঘোষ
--------------
ছাতিৰ দৰে থিয় হৈ
পিতাৰ দৰে ছাঁ দিয়া গছবোৰে
সিৰাই সিৰাই বিয়পাব নোৱাৰিলে
চেতনাৰ শিপা!
যি গছৰ ছাঁত বহি এদিন আওৰাইছিলোঁ
'কুঁহিপাত কুমলীয়া গছৰ আগত,
কুঁহিপাঠ কুমলীয়া আমাৰ হাতত',
যি গছৰ ছাঁত থিয় হৈ
প্ৰথম শিকিছিলোঁ আত্মৰক্ষাৰ প্ৰথম পাঠ,
নুশুনা হ'লোঁ সিহঁতৰ উচুপনি
নুবুজা হ'লোঁ পাতৰ সুহুৰিৰ বিষাদ সংগীত।
শাৰী শাৰী গছ পৰি আছে
গছ নহয়, গছ নহয়
চিতাত শুই আছে আমাৰ ভৱিষ্যৎ দিনৰ
শ্বাস-প্ৰশ্বাস আৰু কলিজাৰ ধমনী।
বিষণ্ণ পৃথিৱী, স্তব্ধ সকলো পখীৰ কলৰৱ
মৌনতাৰ মহা আয়োজন।
কোনোৱেই নাই আজি দিবলৈ এষাৰ মাত,
আচৰিত এক শূন্যত আমাৰ বাস!
হে কবি আকৌ এবাৰ বেদমন্ত্ৰৰ দৰে পাঠ কৰা
তোমাৰ সেই কবিতাৰ শাৰী,
'দাও ফিৰে সে অৰণ্য, লও এ নগৰ -
লহো তব লৌহ লোষ্ট্ৰ কাষ্ঠ ও প্ৰস্তৰ
হে নবসভ্যতা।' * * *