Thursday, October 12, 2023

দুটা টাবৰ দুপাহ সৰুফুল

দুটা টাবৰ দুপাহ সৰুফুল

----------

কুমুদ ঘোষ

-----------------

ফ্লেটৰ পঞ্চম মহলাৰ এচুকৰ এটা টাবত ফুলি আছিল

এপাহ সৰুফুল।

মাটিৰ সৈতে সম্পর্ক নথকা ফুলজোপাই

মূৰ নদঙাকৈ ফ্লেটৰ নাতিদূৰৈত থকা আমজোপালৈ চাই চাই

প্ৰায়ে কৈছিল -

'এইজোপা ইমান সৰু, কোনোকালে মোক দেখা নাপাব!'

 

এদিন আমজোপা কটা ',

লহপহকৈ বাঢ়ি আহিল আন এটা ফ্লেট

সেই ফ্লেটৰ পঞ্চম মহলাৰ এচুকৰ আন এটা টাবৰ এপাহ সৰুফুলে

সিটো ফ্লেটৰ সিপাহ ফুলক প্ৰেম নিৱেদন কৰিলে।

 

ফ্লেটৰ কাষৰ এচুকত আমজোপাৰ মূঢ়াটো

'-বৰষুণত তিতি থাকিল।

 

দুটা ফ্লেটৰ দুপাহ ফুলৰ

প্ৰেম নিৱেদন চাই চাই

আমজোপাৰ মূঢ়াটোৱে

মুখৰ ভিতৰতে বিৰবিৰালে -

'মাটিৰ সৈতে সম্পর্ক নথকা প্ৰেম,

মাটিৰ সৈতে সম্পর্ক নথকা মানুহ একে।

দুয়ো টাবতে বাঢ়িব টাবতে মৰহিব।' ∆ ∆

 

Sunday, October 8, 2023

শাসক

শাসক

-------

মূলঃ অংশুমান কৰ (বাংলা)

অসমীয়া অনুবাদঃ কুমুদ ঘোষ

-------------

ৰাতিপুৱা চাৰে ছয় বজাত মৰ্নিংৱাক।

চাৰে সাত বজাত ব্ৰে'কফাষ্ট।

দহ বজাত চি.ই.অ.-ৰ সৈতে মিটিং।

চাৰে তিনি বজাত উৰাজাহাজেৰে যাত্রা।

 

 

সম্ৰাট আলেকজেণ্ডাৰ নহয়

আমেৰিকাৰ ৰাষ্ট্ৰপতি নহয়

মাননীয় মুখ্যমন্ত্রী বা প্ৰধানমন্ত্ৰীও নহয়

পৃথিবীৰ সকলো সফল আৰু দুঃখী মানুহৰ

প্ৰকৃত শাসক

ঘড়ি।

শিল্পী

শিল্পী

-------

মূলঃ অংশুমান কৰ (বাংলা)

অসমীয়া অনুবাদঃ কুমুদ ঘোষ

-------------

চৰায়ে মাতিছে।

আমি ভাবোঁ, গান গাইছে।

চৰায়ে কিন্তু সদায়েই গান নাগায়।

কোনো কোনো দিন হাঁহেও,

কোনো কোনো দিন কান্দেও।

চৰায়ে যিদিনা কান্দে

সিদিনাও আমি ভাবোঁ

চৰায়ে গান গাইছে

আৰু

আমাৰ মন বেয়া হোৱাখিনি আঁতৰি যায়।

যীশু

যীশু

-------

মূলঃ অংশুমান কৰ (বাংলা)

অসমীয়া অনুবাদঃ কুমুদ ঘোষ

-------------

'নায়ক'- উত্তম কুমাৰ

নে 'ইউলিচিচ' হাতত তুলি লোৱা মেৰিলিন মনৰো?

'অপুৰ সংসাৰ'- শৰ্মিলা ঠাকুৰ

নে 'পথেৰ পাঁচালী'- ডাঙৰ চকুৱা অপু?

বেদনাৰ পৱিত্ৰ অঙঠাত দগ্ধ এজন বিষণ্ণ মানুহ

নে প্ৰথম চাকৰি পোৱাৰ আনন্দত উচ্ছল তৰুণ?

কোন? কোন? কোন?

পৃথিবীৰ সবাতোকৈ সুন্দৰ মানুহ কোন?

এই প্ৰশ্নৰ উত্তৰত

বৃদ্ধ বৰগছজোপাই 'লে

যিজন মানুহে ক্ষমা কৰিব পাৰে তেওঁ।

Friday, October 6, 2023

হেৰ' ৰিম'ট

হেৰ' ৰিম'ট

-------

মূলঃ অংশুমান কৰ (বাংলা)

অসমীয়া অনুবাদঃ কুমুদ ঘোষ

-------------

তোৰ বাহিৰে হত্যাকাৰীনো আৰু কোন ?

কথা কৈ থকা ইমানবোৰ মানুহক

তই চুপ্ কৰি দিয়

নিশ্চিহ্ন কৰি দিয়

মিহলাই দিয় বতাহত ...


তোৰ বাহিৰে হত্যাকাৰীনো আৰু কোন?

 

টিভি-ৰ চুইচটো অফ্ কৰি থাকোঁতে

মুখৰ ভিতৰতে মানুহজনে বিৰবিৰালে ... ।

পিঁজৰা

পিঁজৰা

-------

মূলঃ অংশুমান কৰ (বাংলা)

অসমীয়া অনুবাদঃ কুমুদ ঘোষ

-------------

কেৱল হাড়।

পাখি কঁটালি কঁটালি

ডেউকা দুখন আজি দুডাল কাঁটা ...

 

মানুহক বন্দী কৰিবলৈ গৈ

বেচেৰা ঘড়ি

নিজেই বন্দী হ'ল

পিঁজৰাত।

সাম্য

 সাম্য

-------

মূলঃ অংশুমান কৰ (বাংলা)

অসমীয়া অনুবাদঃ কুমুদ ঘোষ

---------------

সূৰ্যৰ পোহৰ 'ৰবাত বেছি, 'ৰবাত কম

সেয়ে

শইচৰ ঊনৈছ-বিছ,

মানুহৰ গাৰ ৰং 'ৰবাত বগা,

'ৰবাত 'লা

জোন সম্পর্কে অৱশ্যে, কাৰো কোনো

অভিযোগ নাই

তুমি, অমিতাভ

তুমি, অমিতাভ মূলঃ ডঃ তপোধীৰ ভট্টাচার্য (বাংলা) অসমীয়া অনুবাদঃ কুমুদ ঘোষ   তুমি, অমিতাভ, ভুল পথেৰে পাহাৰ আৰু অৰণ্যৰ পৰা সমতললৈ না...