Saturday, November 19, 2022

জীৱন

জীৱন

----------

মূল : অংশুমান কৰ (বাংলা)

অসমীয়া অনুবাদ : কুমুদ ঘোষ

----------

প্ৰাণ, মানে বায়ু, যেতিয়া নিৰ্গত হয়

কোনোৱে তাক আৱদ্ধ কৰিব নোৱাৰে।

 

পানী, মানে সোঁত, যেতিয়া উটুৱাম বুলি ভাবে

কোনো বান্ধেই তাক পোহ মনাব নোৱাৰে।

 

আৰু তাক জানো কোনোবাই  কাহানিবা ধৰিব পাৰিছে?

নিজৰ ইচ্ছানুসাৰে ঠিক গুচি যায় সেই বহ্নি - পোহৰ।

 

ধৰি থ'ব নালাগে, একোৱেই ধৰি থ'ব নালাগে

 

মুঠি মেলি থোৱা ভাল।

-------------------

বিদ্ৰকবিৰ অনুমতি সাপেক্ষে অনূদিত 

তথাপি

 তথাপি

----------

মূল : অংশুমান কৰ (বাংলা)

অসমীয়া অনুবাদ : কুমুদ ঘোষ

----------------

বহি বহিয়েই উৰাজাহাজ চলাব পাৰি

বহি বহিয়েই কবিতা পঢ়িব পাৰি

বহি বহিয়েই গান গাব পাৰি

বহি বহিয়েই শ্ল'গান দিব পাৰি

আনকি বহিয়েই কোনো কোনোৱে

সুন্দৰ ঘুমটি মাৰে

তথাপি মানুহ থিয় ' বিচাৰে

কাৰণ কেৱল থিয় 'লেই

তেওঁক গছৰ দৰে সেউজীয়া আৰু সুন্দৰ লাগে

-------------------

বিদ্ৰকবিৰ অনুমতি সাপেক্ষে অনূদিত 

তুমি, অমিতাভ

তুমি, অমিতাভ মূলঃ ডঃ তপোধীৰ ভট্টাচার্য (বাংলা) অসমীয়া অনুবাদঃ কুমুদ ঘোষ   তুমি, অমিতাভ, ভুল পথেৰে পাহাৰ আৰু অৰণ্যৰ পৰা সমতললৈ না...