মই কৃষ্ণকলি মাহাতো
------------------------------------
মূলঃ সু্বোধ সৰকাৰ (বাংলা)
অসমীয়া অনুবাদঃ কুমুদ ঘোষ
------------------------------------
মই
কৃষ্ণকলি মাহাতো এম. এ., পি. এইচ. ডি.
মোৰ গাৰ ৰং কিচকিচীয়া ক’লা
মোৰ চুলি ভেড়াৰখীয়াৰ ফাগুন৷
মোৰ পিঠি চাওঁতাল পৰগনা
মোৰ দুই উৰুৰ -
এটা বাঁকুড়া, এটা পুৰুলিয়া৷
মই
গৰিয়াহাটাৰ ছোৱালীবোৰৰ দৰে
পঁইতা-চোৰা দেখিলে ভয়তে পলাই নাহোঁ
বোমাত বাওঁহাতখন হেৰুওৱা পিতায়ে কিমানবাৰ যে
মোৰ কিতাপ-পত্ৰবোৰ জ্বলাই দিছিল,
কিমানবাৰ যে মোৰ দুৰ্ভগীয়া মায়ে কৈছিল
ছোৱালীবোৰ ডাঙৰ হোৱাৰ দৰকাৰ নাই৷
‘মা, মই ইউৰোপৰপৰা আমন্ত্ৰণ পাইছোঁ
এয়া চোৱাঁ ই-মেইল,
দলিত সম্মিলনত মই গৱেষণা-পত্ৰ পাঠ কৰিবলৈ ওলাইছোঁ
মা,
মই তোমাৰ কৃষ্ণকলি মাহাতো এম. এ., পি. এইচ. ডি.৷’
যিজনৰ তত্ত্বাৱধানত মই পি. এইচ. ডি. কৰিছিলোঁ
সেইজন প্ৰফেছৰে মোক
ৰায় চ’কলৈ লৈ যাব বিচাৰিলে,
মই
ক’লোঁ,‘কিয়, ৰায় চ’কলৈ কিয়?’
তেওঁ ক’লে -
‘ৰায় চ’কলৈ নগ’লে পি. এইচ. ডি. সম্পূৰ্ণ নহয়৷’
মই
ক’লোঁ -
‘মই আপোনাৰ ফ্লেটলৈকেচোন যাব পাৰোঁ৷’
তেওঁ উচপ্ খাই উঠি ক’লে
‘নহয়, নহয়৷ মোৰ ঘৰলৈ নহয়৷’
মোৰ পি. এইচ. ডি. এবছৰ পিচুৱাই গ’ল৷
মই
ফোন কৰিলোঁ -
‘ছাৰ, মই ৰায় চ’কলৈ যাম৷’
হোটেলৰ কোঠাত তেওঁ মোৰ
মুকুটমণিপুৰত হাত দিলে,
মোৰ চাওঁতাল পৰগনাৰ হুক খুলি পেলালে,
মুখ মেলি চাই ৰ’ল -
মোৰ বাঁকুড়া, মোৰ পুৰুলিয়া৷
মোৰ দুই অগ্নি গোলকৰ ওচৰলৈ
মুখ চপাই নিলে৷
তেতিয়াই বিকট চিয়ঁৰ -
‘জুই, জুই, জুই৷ মই নোৱাৰোঁ৷’
মোক এৰি মোৰ প্ৰফেছৰ সেইদিনা পলাল৷
‘মই কৃষ্ণকলি মাহাতো এম. এ., পি. এইচ. ডি.
কিমান যে কষ্ট কৰি
কিমান যে অপমান সহি
জংঘলত উজাগৰে থাকি, কিতাপ পঢি.
মই
ইয়ালৈ আহিছোঁ,
কোনোৱে মোক ঠাই এৰি দিয়া নাছিল
কাকো কোনোৱে ঠাই এৰি নিদিয়ে,
নিদিয়ে পুৰুলিয়াত, নিদিয়ে কলকাতাত৷’
‘মা, চেক্-ইন কৰি মই ভিতৰলৈ আহিলোঁ৷
মা,
মই ইমিগ্ৰেশ্বনত ৰৈ আছোঁ,
পিতাইক চাবা
মানুহজনৰ এখন হাত নাই৷’
অফিছাৰে মোৰ নাম উচ্চাৰণ কৰিলে -
‘কৃষ্ণকলি মাহাতো ....৷’
‘বিমানৰ চিৰিয়েদি মই উঠিছোঁ মা
বিমানৰ পৰিচাৰিকাই মোক ‘মেডাম’ বুলি সম্বোধন কৰিলে,
মোক মোৰ আসনলৈ নি বহুৱালে৷
মই
মোৰ চিটবেল্ট বান্ধি ল’লোঁ,
ৰান্ৱেদি বিমানখন দৌৰিবলৈ আৰম্ভ কৰিছে৷
দৌৰ, দৌৰ, দৌৰ
কি
গতি, কি তীব্ৰতা, কি শব্দ৷
মোৰ ভাব হৈছে
ৰান্ৱেদি বিমানখন দৌৰা নাই
মই
দৌৰিছোঁ, মই, মই
মই
কৃষ্ণকলি মাহাতো এম. এ., পি. এইচ. ডি.
মই
কৃষ্ণকলি মাহাতো৷’
------------------------------
বি: দ্ৰ: কবিৰ অনুমতি সাপেক্ষে অনূদিত ।