Monday, August 4, 2025

তুমি, অমিতাভ

তুমি, অমিতাভ

মূলঃ ডঃ তপোধীৰ ভট্টাচার্য (বাংলা)

অসমীয়া অনুবাদঃ কুমুদ ঘোষ

 

তুমি, অমিতাভ, ভুল পথেৰে পাহাৰ আৰু অৰণ্যৰ পৰা

সমতললৈ নামি আহিছিলা –

ব্যস্ত জনপদত কোনে বাৰু তোমাক চিনি পাইছিল?

নে তুমি সেই মুর্খ যুৱকৰ দৰে বিচাৰিছিলা

ভুল অভি‍জ্ঞান?

ঘাম আৰু তেজৰ দাগ তুমি বাৰু দেখা নাছিলা নেকি?

তুমি, অমিতাভ, দামী কার্পেটৰ বুকুত ভৰি থৈ‍

থমকি ৰ’লা কিয়?

ব্যস্ত জনপদত তুমি বাৰু বিচাৰিছিলা নেকি‍ কোনো

গাঢ় প্ৰতিচ্ছবি?

তুমি বাৰু দেখা নাই নেকি গ্লানি আৰু থুইৰ দাগ? নে‍

সেই মুর্খ যুৱকৰ দৰে

বিচাৰিছিলা ভুল অভি‍জ্ঞান? ব্যস্ত জনপদত

কোনে বাৰু তোমাক চিনি পাইছিল?

স্থিতি নহয়, বিস্মৃতিও নহয় – কেৱল টোপনিৰ আৱেশ

কেৱল উটি যোৱাটোৱেই আছিল আমাৰ

বিশৃঙ্খল ভ্ৰমণ-পথত সেয়ে তুমি এৰি আহিছিলা

তোমাৰ কিৰীটি‍ –

পাহাৰ আৰু অৰণ্যতকৈয়ো অধিক বেছি ভুল পথত

আমাৰ সমতলত

অমিতাভ, তুমি নামি আহিছিলা৷

 

Tuesday, June 3, 2025

সমস্ত জ্ঞান

#অণুগল্প

সমস্ত জ্ঞান 
---------------
মূল : আনাতোল ফ্ৰান্স 
অসমীয়া অনুবাদ : কুমুদ ঘোষ 
----------------
(আনাতোল ফ্ৰান্সৰ জন্ম ১৮৪৪ চনৰ ১৬ এপ্ৰিলত। এজন কবি, সাংবাদিক আৰু ঔপন্যাসিক হিচাপে পৰিচিত। ১৯২১ চনত তেওঁ সাহিত্যৰ ন'বেল বঁটা লাভ কৰে। বৰ্তমানৰ অনুবাদ আয়োজন কমলেশ সেন ডাঙৰীয়াৰ বাংলা অনুবাদৰ আলমত।)

প্ৰাচ্যৰ ভূখণ্ডত এজন ৰজা আছিল। অতি কম বয়সতে তেওঁ সিংহাসনত আৰোহণ কৰে। সিংহাসনত আৰোহণ কৰিয়েই ৰাজকাৰ্য সুকলমে আৰু ন্যায়ভাৱে পৰিচালনা কৰাৰ তেওঁৰ ইচ্ছা হ'ল। সেয়ে তেওঁ ৰাজ্যৰ সকলো গুণী-জ্ঞানীক আমন্ত্ৰণ জনালে। তেওঁৰ ইচ্ছা সমগ্ৰ পৃথিৱীৰ জ্ঞান লিপিৱদ্ধ হওক। লগে লগে বিদ্বান আৰু গুণী-জ্ঞানীসকল জ্ঞান একত্ৰিত কৰাৰ বাবে চৌদিশে সিঁচৰতি হৈ পৰিল। ত্ৰিছ বছৰ পাছত সকলো দেশলৈ উভতি আহিল। তেওঁলোকৰ উটৰ পিঠিত পৃথিৱীৰ সমস্ত জ্ঞান।
ৰজা ৰাজকাৰ্য্যত ইমানেই ব্যস্ত আছিল যে, পুথি-পাঁজিবোৰ পঢ়াৰ বাবে তেওঁ কোনোমতেই সময় উলিয়াব নোৱাৰিলে। তেওঁ বিদ্বানসকলক জ্ঞানৰাশিক আৰু সংক্ষিপ্ত কৰাৰ আদেশ দিলে।

আকৌ পোন্ধৰ বছৰ অতিবাহিত হ'ল। বিদ্বানসকলে এইবাৰ পৃথিৱীৰ সমস্ত জ্ঞান দহটা খণ্ডত লিপিৱদ্ধ কৰিলে। কিন্তু ৰজা অতি ব্যস্ত। পুথি-পাঁজি পঢ়াৰ সময় ক'ত! সেয়ে তেওঁ জ্ঞানক আৰু সংক্ষিপ্ত কৰিবলৈ আদেশ দিলে।

দহ বছৰে অতি পৰিশ্ৰম কৰি বিদ্বানসকলে সমস্ত জ্ঞানক আৰু দহগুণ সংক্ষিপ্ত কৰিলে। ইতিমধ্যে ৰজা যথেষ্ট বৃদ্ধ আৰু ক্লান্ত হৈছিল। ৰজাই ক'লে, অতি প্ৰয়োজনীয় জ্ঞানক এটা খণ্ডত লিপিৱদ্ধ কৰা। বিদ্বানসকল আকৌ তেওঁলোকৰ কামত ব্যস্ত হৈ পৰিল।

পাঁচ বছৰ ধৰি তেওঁলোকে সমস্ত জ্ঞানৰ নিৰ্যাস এটা খণ্ডত লিপিৱদ্ধ কৰিলে। তাৰ পাছত সেয়া ৰজাৰ হাতত অৰ্পণ কৰিলে। তেতিয়া ৰজাৰ মৃত্যুঘণ্টা বাজিছে। এটা খণ্ড পঢ়াৰ বাবেও তেওঁৰ এতিয়া আৰু সময় নাই। ***

Tuesday, May 20, 2025

প্ৰেম

 প্ৰেম

 

মূল : অংশুমান কৰ (বাংলা)

অসমীয়া অনুবাদ : কুমুদ ঘোষ

 

এটা বয়সৰ পাছত

গলিৰ কেঁকুৰিত ঘণ্টাৰ পাছত ঘণ্টা ৰৈ থাকিব নোৱাৰি।

এটা বয়সৰ পাছত

কেৱল ডট দি ভৰাই পেলাব নোৱাৰি চিঠি,

গুছি যায় হেঁপাহ চুম্বনৰ, মিনিটে মিনিটে দেখাৰ আকুতি।

এটা বয়সৰ পাছত

শিহৰণৰ ঠাই লয় দুশ্চিন্তাই,

যৌনতাক প্ৰতিস্থাপন কৰে মায়াই, জাভেদ আখতাৰক ৰবীন্দ্ৰনাথে।

এটা বয়সৰ পাছত আৰু চিঠি দিব নোৱাৰি।

একেলগে দুকাপ চাহ খাব পাৰি।

গছ

 গছ

-------

মূলঃ অংশুমান কৰ (বাংলা)

অসমীয়া অনুবাদঃ কুমুদ ঘোষ

-------------

এমাজনত অৰ্ডাৰ দি কিনি আনো

জৈৱ মৃত্তিকা

তাৰ সৈতে মিহলাওঁ

ইটো-সিটো

মালীয়ে ঠিক যি যেনেকৈ কয়

চাওঁ গছপুলিজোপাৰ গুৰিৰ মাটি তিতি আছে নে নাই

সেয়া চাই পানী দিওঁ

'তদূৰ সম্ভৱ যতন লওঁ

তথাপি

কোনো কোনোজোপা গছপুলি মৰে

নাবাচে

আকৌ ইমানবোৰ যতন নকৰাকৈয়ে

তাৰ কাষৰ গছপুলিজোপা ডাঠ সেউজীয়া হৈ উঠে,

ৰঙা বগা ফুল ফুলে

 

গছ কেৱল গছ নহয়

সম্পৰ্ক

Saturday, July 27, 2024

৩০-১০-২০০৮

 ৩০-১০-২০০৮

-------------------

কুমুদ ঘোষ

-------------------

মৃত্যুৰ প্ৰাকমুহূৰ্তত কোনে কি কৈছিল

কোনে ' মোক?

 

ধোঁৱা ধূলিত ডুবি আছিল উৰণীয়া সাঁকো

পৰিসংখ্যা বিচাৰি ভ্ৰমি আছিল সাংবাদিক বন্ধু,

কিহৰ খং ক্ষোভত

জাহ গৈছিল জুই নুমুওৱা গাড়ী

কোনে ' মোক?

 

কিমান সৰিছিল অশ্ৰু, কাৰ শৰীৰত কিমান লাগিছিল

চিনাকি অচিনাকিৰ তেজ,

কিমান ভয়ত ডুবি আছিল গুৱাহাটী

কিমান ভয়ত পেপুৱা লাগিছিল কোলাৰ কেঁচুৱা

কোনে ' মোক?

 

আকাশলৈ চাই যিসকলে মাতিছিল

ঈশ্বৰ, আল্লা অথবা যীশুক

কোনে কেনেকৈ জুখিব ভগৱানৰ সেই নিষ্ক্রিয় মুহূর্ত?

 

৩০-১০-২০০৮

শোকত শিল হৈ আছিল প্ৰতিজন মানুহ,

মাতিবলৈ মাত নাছিল

ওঁঠবোৰ কঁপি আছিল শোকত৷

 

শগুণ এটাৰ মুখত ভেনভেনাই আছিল মাখি!

অসময়

অসময়

----------

কুমুদ ঘোষ

---------------

ঘটিব লগাবোৰ নঘটে

নঘটিব লগাবোৰ ঘটি থাকে প্ৰতিনিয়ত

 

মৰা মাছৰ দৰে উপঙি আছোঁ

যুদ্ধ আৰু দুৰ্ভিক্ষৰ সমুদ্রত

 

নীতিৰ বাবে ভাগ হৈছে নীতি

নীতিবাগীশে এৰিছে‍ থৰ-কাছুটি

 

মৰি মৰি নমৰা ক্ষণত

পাহৰি যাওঁ নাম ধাম, সঠিক ঠিকনা

চকুৰ আগত বেলতলা,

বুঢ়া আঙুলি দেখুৱাই

সৌৱা বাঢ়ি আহিছে মৃত্যুৰ পাহাৰ

 

ধূপ-ধূণাৰ গোন্ধ, আত্মীয়ৰ চিতা

নাকত লাগে এক

 

নিজৰ ওচৰত নিজেই এতিয়া এক বিষ্ময়

তুমি, অমিতাভ

তুমি, অমিতাভ মূলঃ ডঃ তপোধীৰ ভট্টাচার্য (বাংলা) অসমীয়া অনুবাদঃ কুমুদ ঘোষ   তুমি, অমিতাভ, ভুল পথেৰে পাহাৰ আৰু অৰণ্যৰ পৰা সমতললৈ না...