Tuesday, June 3, 2025

সমস্ত জ্ঞান

#অণুগল্প

সমস্ত জ্ঞান 
---------------
মূল : আনাতোল ফ্ৰান্স 
অসমীয়া অনুবাদ : কুমুদ ঘোষ 
----------------
(আনাতোল ফ্ৰান্সৰ জন্ম ১৮৪৪ চনৰ ১৬ এপ্ৰিলত। এজন কবি, সাংবাদিক আৰু ঔপন্যাসিক হিচাপে পৰিচিত। ১৯২১ চনত তেওঁ সাহিত্যৰ ন'বেল বঁটা লাভ কৰে। বৰ্তমানৰ অনুবাদ আয়োজন কমলেশ সেন ডাঙৰীয়াৰ বাংলা অনুবাদৰ আলমত।)

প্ৰাচ্যৰ ভূখণ্ডত এজন ৰজা আছিল। অতি কম বয়সতে তেওঁ সিংহাসনত আৰোহণ কৰে। সিংহাসনত আৰোহণ কৰিয়েই ৰাজকাৰ্য সুকলমে আৰু ন্যায়ভাৱে পৰিচালনা কৰাৰ তেওঁৰ ইচ্ছা হ'ল। সেয়ে তেওঁ ৰাজ্যৰ সকলো গুণী-জ্ঞানীক আমন্ত্ৰণ জনালে। তেওঁৰ ইচ্ছা সমগ্ৰ পৃথিৱীৰ জ্ঞান লিপিৱদ্ধ হওক। লগে লগে বিদ্বান আৰু গুণী-জ্ঞানীসকল জ্ঞান একত্ৰিত কৰাৰ বাবে চৌদিশে সিঁচৰতি হৈ পৰিল। ত্ৰিছ বছৰ পাছত সকলো দেশলৈ উভতি আহিল। তেওঁলোকৰ উটৰ পিঠিত পৃথিৱীৰ সমস্ত জ্ঞান।
ৰজা ৰাজকাৰ্য্যত ইমানেই ব্যস্ত আছিল যে, পুথি-পাঁজিবোৰ পঢ়াৰ বাবে তেওঁ কোনোমতেই সময় উলিয়াব নোৱাৰিলে। তেওঁ বিদ্বানসকলক জ্ঞানৰাশিক আৰু সংক্ষিপ্ত কৰাৰ আদেশ দিলে।

আকৌ পোন্ধৰ বছৰ অতিবাহিত হ'ল। বিদ্বানসকলে এইবাৰ পৃথিৱীৰ সমস্ত জ্ঞান দহটা খণ্ডত লিপিৱদ্ধ কৰিলে। কিন্তু ৰজা অতি ব্যস্ত। পুথি-পাঁজি পঢ়াৰ সময় ক'ত! সেয়ে তেওঁ জ্ঞানক আৰু সংক্ষিপ্ত কৰিবলৈ আদেশ দিলে।

দহ বছৰে অতি পৰিশ্ৰম কৰি বিদ্বানসকলে সমস্ত জ্ঞানক আৰু দহগুণ সংক্ষিপ্ত কৰিলে। ইতিমধ্যে ৰজা যথেষ্ট বৃদ্ধ আৰু ক্লান্ত হৈছিল। ৰজাই ক'লে, অতি প্ৰয়োজনীয় জ্ঞানক এটা খণ্ডত লিপিৱদ্ধ কৰা। বিদ্বানসকল আকৌ তেওঁলোকৰ কামত ব্যস্ত হৈ পৰিল।

পাঁচ বছৰ ধৰি তেওঁলোকে সমস্ত জ্ঞানৰ নিৰ্যাস এটা খণ্ডত লিপিৱদ্ধ কৰিলে। তাৰ পাছত সেয়া ৰজাৰ হাতত অৰ্পণ কৰিলে। তেতিয়া ৰজাৰ মৃত্যুঘণ্টা বাজিছে। এটা খণ্ড পঢ়াৰ বাবেও তেওঁৰ এতিয়া আৰু সময় নাই। ***

তুমি, অমিতাভ

তুমি, অমিতাভ মূলঃ ডঃ তপোধীৰ ভট্টাচার্য (বাংলা) অসমীয়া অনুবাদঃ কুমুদ ঘোষ   তুমি, অমিতাভ, ভুল পথেৰে পাহাৰ আৰু অৰণ্যৰ পৰা সমতললৈ না...