বুটাম
কুমুদ ঘোষ
---------
কামিজৰ বুটাম ছয় সাতটাই
সামৰি থয় শোক-তাপ, আনন্দ-উল্লাস;
ব্যৱহৃত নোহোৱাকৈ কামিজৰ ভিতৰৰফালে সোমাই থকা
একমাত্ৰ বুটামটোৱে
হাত মেলি থাকে
ভৱিষ্যতৰ সকলো প্ৰত্যাহ্বানৰ বাবে।
সৰুতে বুটাম ছিগিলে আয়ে সী দিছিল
সী থাকোঁতে আয়ে কৈছিল -
'বুকুখন ঢাকি থ'বি। ঠাণ্ডা লাগিলে বেমাৰ-আজাৰ হ'ব।'
ত্ৰিছত বুটাম ছিগিলে
আইৰ সলনি পত্নীয়ে সী দিছিল,
বুটাম সী থাকোঁতে পত্নীয়ে কৈছিল -
'মোক আজীৱন তোমাৰ বুকুতে ঠাই দিবা।'
এতিয়া, কণমানিজনী কোলাত উঠিলেই
বুটাম বুটাম খেলে,
ৰাতি শুবলৈ গৈ তাই খুঁচৰি থাকে
মোৰ কামিজৰ বুটাম।
বুটাম খুলি তাই বুকুৰ গভীৰলৈ প্ৰৱেশ কৰে,
কোনোৱে কেতিয়াও প্ৰৱেশ নকৰা গভীৰত
ঘৰ এখন সাজি তাই বহি লয়।
বুটাম কেৱল আবুৰ নহয়,
বুটাম বুকুৰ ভিতৰত থকা আন এখন পৃথিৱীৰ
প্ৰৱেশদ্বাৰ। ¤ ¤ ¤